লাডাখত এজাক বৰষুণ

লেহ লাডাখলৈ ৰ’ড ট্ৰিপ মোৰ এটা বহুদিনীয়া সপোন আছিল ৷ জম্মু কাশ্মীৰৰ শ্ৰীনগৰৰ পৰাই হওঁক বা হিমাচল প্ৰদেশৰ মানালী ৰহটাং পাছ হৈয়েই হওঁক লেহ লাডাখলৈ সোমাই অহা আৰু লেহ লাডাখৰ পৰা ওলাই যোৱা দুয়োটা বাটেই যে অবিস্মৰণীয় এটা অভিজ্ঞতা পৰ্যটকক দিয়ে সেয়া বহু লোকৰ মুখত আগতে শুনি থৈছোঁ ৷ কিন্তু সাগৰ পৃষ্ঠৰ পৰা হাজাৰ হাজাৰ ফুট উচ্চতাত অৱস্থিত মালভূমি লাডাখলৈ যাত্ৰা সহজ জানো ?

গুৱাহাটী এয়াৰপোৰ্টৰ পৰা লেহ চহৰৰ Kushok Bakula Rimpochee এয়াৰপোৰ্টলৈ ফ্লাইট কানেকটিভিট আছে আৰু আগতীয়াকৈ বুক কৰিলে কম দামতেই টিকেট পাব পাৰি ৷ তথাপি আমি ফ্লাইটেৰে পোনেই যোৱাতকৈ কাশ্মীৰৰ শ্ৰীনগৰৰ পৰা লেহলৈ বাই ৰ’ড যোৱাটোৱেই উত্তম হ’ব বুলি ভাবিলোঁ ৷

প্ৰথম কথা ইমান তলৰ পৰা ওপৰলৈ গৈ লেহৰ অলটিটিউডত কম অক্সিজেনৰ বাতাবৰণত হঠাতে মিলি পৰিবলৈ আমাৰ বহুত কষ্ট হ’ব, তাতেই মোৰ আৰু গৃহস্থৰ লগতে আমাৰ যাত্ৰাৰ সংগী আমাৰ দহ বছৰীয়া আৰু আঠ বছৰীয়া দুটি সন্তান ৷ আমাৰ লগতে আমাৰ যাত্ৰাৰ সংগী আছিল মোৰ কলিগ বান্ধৱী আৰু তেওঁৰ চাৰি বছৰীয়া সন্তানটোও ৷ দ্বিতীয়তে ৰ’ড ট্ৰিপত গ’লে এই একেটা যাত্ৰাতে সোণামাৰ্গ, জ’জিলা পাছ, ড্ৰাছ আৰু কাৰ্গিল ভ্ৰমণ কৰাও হ’ব ৷ গতিকে আমি যাত্ৰা প্লান কৰিলোঁ গুৱাহাটীৰ পৰা শ্ৰীনগৰলৈ ফ্লাইটেৰে আৰু শ্ৰীনগৰৰ পৰা লেহ চহৰলৈ ৰ’ড জাৰ্ণি এখন ইনভা ক্ৰিষ্টাৰে ৷

এয়াৰপোৰ্টৰ পৰা ওলায়েই ডাল হ্ৰদৰ পাৰেৰে গৈ আছিল আমাৰ গাড়ীখন ৷ ৰং বিৰঙৰ চিকাৰাবোৰে ইফালে হাত বাউলি মাতি আছিল ৷ নোসোমোৱাকৈ কেনেকৈ থাকো !

সোমালো, আৰু চিকাৰা ৰাইড উপভোগো কৰিলোঁ ৷ চিকাৰাত উঠি পদুম বাগানৰ মাজত পৰিভ্ৰমি প’চাৰ্ড চৰাইবোৰ চাই ফুৰিছোঁ ৷ ফটোগ্ৰাফী কৰিছোঁ ৷ হ্ৰদৰ মাজতে শাক পাচলি খেতি চাই ফুৰি তাৰপৰাই আকৌ ফ্লটিং মাৰ্কেট মীনা বজাৰৰ দিশেও গ’লো ৷ মীনা বজাৰত ৰং-বিৰঙী উমাল কাপোৰ, চুৰিদাৰ চুট, কাৰ্পেট আদিৰ সমাহাৰ ৷ তাৰ পৰা ওলাই আহোঁ মানে মূৰত দেখোন আবেলিৰ ছাঁ ৷ আকাশত এটা দুটাকৈ তৰাবোৰ টিম টিমাই উজ্বলি উঠিছে ৷ হ্ৰদৰ পানীৰ ৰং গভীৰ ক’লা হৈ পৰিছে ৷ ইফালে ভোকো লাগিছিল আমাৰ ৷ সেয়ে হ্ৰদৰ মাজতে থকা ফ্লটিং দোকান এখনত ৰৈ মেগী চাহ অৰ্ডাৰ কৰি খালোঁ ৷

আবেলি সময়টো উপভোগ কৰিবলৈ তেতিয়ালৈ ৰঙীন চিকাৰাৰে ভৰি পৰিছিল ডাল হ্ৰদৰ বুকু ৷ দূৰৈত পাহাৰৰ বুকুত উজ্বলি উঠিছিল শাৰী শাৰী বাল্ব ৷

সেই পাহাৰৰ চূড়াতেই অৱস্থিত শংকৰাচাৰ্য্য মন্দিৰ ৷ জ্যোতেশ্বৰ মন্দিৰ নামেও ই জনাজাত ৷ কোৱা হয় এই ঠাইডোখৰতেই বহি হেনো আদিগুৰু শংকৰাচাৰ্য্যই ৰচিছিল নিৰ্বাণা সতকাম মহামন্ত্ৰ ৷ মোৰ লগতে নিৰ্বাণা সতকাম গোৱাত অভ্যস্ত ল’ৰা ছোৱালী দুটাইয়ো ভক্তি ভাৱত গুণগুণাই উঠিছিল –

“মনো বুদ্ধি অহংকাৰা চিত্তানি নাসম —“

ফোনটো বাজি উঠাতহে আমাৰ চকু কপালত উঠিল ৷

আঠ বাজি গৈছিল ইতিমধ্যে ৷ ইমান সময় ডাল হ্ৰদত কটোৱাৰ কথা নাছিল, কাৰণ এইটো আছিল চাদেন ডাইভাৰ্টেদ প্লান ৷ শ্ৰীনগৰ এয়াৰপোৰ্টৰ পৰা আৰু ৮০ কিঃমি দূৰত্ব যাত্ৰা কৰি পোনেই সোণামাৰ্গলৈ ওলাই যোৱাৰ কথাহে আছিল ৷ সোণামাৰ্গৰ আৰ্মী গেষ্ট হাউচত ইণ্ডিয়ান আৰ্মীত কৰ্মৰত অফিচাৰ বন্ধু এজনৰ যোগেদি আমাৰ বাবে ইতিমধ্যে ৰূম আৰু ডিনাৰ বুকড হৈ আছিল ৷ পিছে ডাল হ্ৰদত বেছিকৈ মজা কৰি থকাৰ ফল পালোঁ ৷ সোণামাৰ্গলৈ প্ৰত্যেক route ত পুলিচ চেক পোষ্ট ৷ অমৰনাথলৈ তীৰ্থযাত্ৰাৰ সময় এতিয়া ৷ গতিকে হিন্দু তীৰ্থযাত্ৰীৰ সুৰক্ষাৰ বাবে এছকোৰ্ট নোহোৱাকৈ কাকো ৰাতি মুনি যাব নিদিয়ে ৷ মিলিটেন্ট এটেকৰ সম্ভাৱনাক নসাৎ কৰিব নোৱাৰি ৷ আনকি আৰ্মী লাইনৰ পৰা ফোন লগোৱাৰ পিছতো আমাক পাৰ হৈ যাবলৈ নিদিলে ৷ গতিকে ৰাতিটো শ্ৰীনগৰতে কটোৱাৰ বাহিৰে আমাৰ আৰু গত্যন্তৰ নাছিল ৷ অগত্যা ডাল হ্ৰদৰ পাৰতে ৱকিল কলনী (উকীল কলনী) নামৰ ৰেছিডেঞ্চিয়েল এৰিয়াত গ্ৰীণ মাইৰা নামৰ আৰামদায়ক হোটেল এখনত নিশাটো কটালোঁ ৷ ৰাতিপুৱা পলম নকৰাকৈ সাত বজাতেই ওলাই দিলোঁ সোণামাৰ্গলৈ বুলি ৷ সোণামাৰ্গলৈ দুইৰ পৰা আঢ়ৈ ঘন্টামানৰ বাট ৷ গোটেই বাটটো সেউজীয়াৰ ওপৰতে সোণবুলীয়া বুলিলেও ভুল নহয় ৷ ক্ৰমান্বয়ে ওপৰলৈ উঠি গৈ থকা একা-বেঁকা বাট ৷ কাষেৰে বৈ গৈছে সিন্ধু নদী ৷ ছটফটীয়া স্ফটিক নীলা পানীখিনি ৷ নৈৰ পাৰতে অসংখ্য তম্বু পৰ্যটকৰ ৷ তম্বুবোৰৰ পিছফালৰ পৰাই পাহাৰৰ বুকুলৈ বুলি শাৰী শাৰী পাইনৰ গছ ৷ বাটতে অজস্ৰ ফটো পইন্ট ৷ মুঠতে অকণ ৰৈ দি যি দিশলৈকে নাচাওঁ লাগে মন প্ৰাণ হৰি নিব খোজে ৷ অতি সুন্দৰ দৃষ্টি নন্দন পৰিৱেশ ৷

ইচ্ছা কৰিলে ঘোঁৰাত উঠি থাজিৱাচ গ্লেচিয়াৰলৈকো যাব পাৰি ৷ সোণামাৰ্গত পিছে আমি বেছি দেৰি নৰ’লো ৷ সোণামাৰ্গ পাৰ হৈ বালাটল পালোঁগৈ ৷ বালাটলৰ পৰা অমৰনাথলৈ যাত্ৰা কৰে তীৰ্থযাত্ৰীয়ে ৷ গতিকে গোটেই বাটতে আৰ্মীৰ ডিপ্লয়মেন্ট ৷ আকাশমাৰ্গত হেলিকপ্টাৰ ৷ পাহাৰৰ ভূমিভাগত তীৰ্থযাত্ৰীৰ বাবে সাজু কৰি থোৱা অসংখ্য কেম্প ৷ খন্তেক দুচকু জপাই বাবা অমৰনাথক ধ্যান কৰি আমি আগুৱাই গ’লো ৷ বালাটল পইন্টৰ পৰা পাহাৰৰ উচ্চতা বাঢ়ি গৈয়েই আছে ৷ যিমানেই উচ্চতালৈ গৈ আছোঁ পাইনবোৰৰ সংখ্যাও কমি আহিছে ৷ ক’লা শিলাময় কঠিন পৰ্বতৰ বুকু ৷ পৰ্বতৰ শৃংগত এইহেন গ্ৰীষ্মকালতো বৰফৰ স্তুপ ৷ সন্মুখত একা-বেঁকা বাট ৷ বাটতে আকৌ ওপঙি ফুৰিছে মেঘ ৷ গাড়ীৰ আইনা নমালেই মুঠতে মুখ চুলি তিতি পৰে ৷

কিমান ওপৰলৈ উঠি আহি আছোঁ খবৰ নাই, মুঠতে প্ৰায় ২৪ কিঃমিঃ সোণমাৰ্গৰ পৰা আগুৱাই আহি আমি পালোঁহি জ’জিলা পাছত ৷

চুইংগাম চকলেট খায়েই আছোঁ, তথাপি কাণ দুখন বন্ধ হৈ গৈছে বাৰে বাৰে ৷ বাটতে ৰ’ডচাইদ মাইলষ্টোনত পঢ়িবলৈ পালোঁ – আমি সাগৰ পৃষ্ঠৰ পৰা ১১,৫৭৫ ফুট ওপৰত আছোঁ ৷ আগত ৰক স্লাইড হৈ অলপ সময় বাট বন্ধ বুলি জানিব পাৰি আমি নামি আহিলোঁ, খোজ কাঢ়ি ঘূৰি ফুৰি ফটো উঠিলো ৷ ৰাস্তা সোনকালেই ক্লিয়াৰ হোৱাত অৱশ্যে আমি বেছি দেৰি ৰ’ব লগীয়া নহ’ল ৷

জ’জিলা পাছৰ শেষতেই আহে জিৰ’ পইন্ট ৷

জিৰ’ পইন্ট য’ত বৰফ কেতিয়াও নগ’লে ৷ জিৰ’ পইন্ট, যাক জম্মু কাশ্মীৰৰ পৰা ইউনিয়ন টেৰিটৰি লাডাখলৈ গেটৱে বুলি কোৱা হয় ৷ জিৰ পইন্টত নামি দিয়াৰ লগে লগে আমি ঠাণ্ডাত কঁপিব ধৰিলোঁ ৷ লগে লগে পিন্ধি ল’বলগীয়া হ’ল জেকেট, টুপী আৰু মাফলাৰ ৷ জিৰ পইন্টত বৰফ তেতিয়াও আছিল ৷ চাৰিওফালে সুউচ্চ তুষাৰ আবৃত পৰ্বতৰ শৃংগ ৷ পৰ্বতৰ বুকুৰে বাট কাটি নমা জলধাৰাবোৰ তুষাৰতে স্থবিৰ ৷ বাটতে অলপ ডাঙৰকৈ বৰফেৰে আবৃত সুৰংগ এটাও দেখা পালোঁ ৷ জিৰ’ পইন্টত নামি ল’ৰা ছোৱালীকেইটাই স্কিং আৰু বাইক ৰাইডিং কৰিলে ৷ মই আৰু মোৰ বান্ধৱীয়ে বহি মেগী খালোঁ ৷ অমলেট খালোঁ ৷ পাহাৰৰ বহু ওপৰত বাবেই হেনো মেগী এক প্লেটৰ দামেই এশ টকা ৷ পানী এবটলৰ দাম ত্ৰিশ টকা ৷ শুনি চকু কপালত উঠে যদিও খাবলৈ যে যোগাৰ কৰিছে এনেহেন পইন্টত সেয়াই বহুত ৷

জিৰ’ পইন্টত আমি ঘূৰি ফুৰি প্ৰায় এঘন্টা সময় কটাই আকৌ আগলৈ যাত্ৰা আৰম্ভ কৰিলোঁ ৷ জিৰ’ পইন্টৰ পৰা প্ৰায় এঘন্টা জাৰ্ণি কৰি আমি গৈ পালোঁগৈ ড্ৰাছ টাউনত ৷ মিলিটেৰী ভিউ পইন্টৰ পৰা ড্ৰাছ এখন উল্লেখযোগ্য ঠাই ৷ ড্ৰাছ নদীৰ পাৰত ই এখন সৰু টাউন ৷ থাকিবলৈ বিচাৰিলে কেইখনমান ভাল হোটেলো আছে ৷ কিন্তু ড্ৰাছত থকাৰ আমাৰ পৰিকল্পনা নাছিল, গতিকে ড্ৰাছ পাৰ হৈ আহি আমি কাৰ্গিল সোমালো ৷ কাৰ্গিল ৱাৰ পইন্ট সেই LOC বা শ্বেৰশ্বাস ফিল্মত দেখাৰ দৰেই ৷ এটা খুব সুন্দৰ ভেলী ৷

কাৰ্গিল ৱাৰ ভিউ পইন্টৰ পৰা আমি বিক্ৰম বাট্ৰা পইন্টলৈ যাব বিচাৰিছিলো যদিও যাব পৰা নগ’ল ৷ অতি উচ্চমানৰ চেকিউৰিটি ব্যৱস্থা ৷ কাৰণ তাৰ দুদিন পিছতেই ২৬ জুলাইত উদযাপন হ’ব কাৰ্গিল বিজয় দিৱস ৷ তাৰে বহু ঠাইত ৰৈ আমি ফটো উঠিলো ৷

বহু দেৰি ৰৈ ভেলীতে ঘূৰিলোঁ ফুৰিলোঁ ৷

মম’, থুকপা আদি খালো ৷ এজন দুজন জোৱানৰ লগত, মাজতে তাৰেই লকেল দুজনমান চিভিলিয়ানৰ লগত কথা পাতিছোঁ ৷ একেটাই কথা কয় সকলোৱে, কেনেকৈ এটা near to impossible যুদ্ধ ভাৰতীয় আৰ্মীৰ দেদিকেচন আৰু সাহসিকতাৰ বাবেহে সফল হ’ল ! কেনেকৈ গোটেই অঞ্চলটো ৰুদ্ধ হৈ পৰিছিল সেই সময়ত ! কেনেকৈ ভাৰতীয় আৰ্মীক ৰেচন পানী যোগান ধৰা আদি কামবোৰ তেওঁলোকৰ পৰিয়ালৰ পুৰুষসকলে নিজৰ দায়িত্ব বুলি চমজি বুজি লৈছিল ৷ বয়সত তেতিয়া সৰুবোৰেও হেনো নিশা চাদত বহি গণিছিল পপিয়া তৰাৰ দৰে উৰি যোৱা গুলীবোৰক- কিমানটা আহিল পাকিস্তানৰ পৰা ! নতুবা কিমানটা গ’ল ভাৰতৰ পৰা ! বতাহত তেতিয়া কেৱল বাৰুদৰ গোন্ধ ৷

এতিয়া সেই যুদ্ধভূমিত যুদ্ধৰ নাম নিচান নাই ৷

চকুৰ আগত উৰি আছিল ত্ৰিৰংগা ৷

কিন্তু চাই থাকিলেই যেন ভাহি উঠে যুদ্ধহেন দৃশ্যাংশ ৷ এনে লাগে যেন কাণত ভাহি আহে ৰেডিঅ টিভিৰ বাতৰিবোৰৰ টুকুৰা ৷ আবেলিৰ সোণবুলীয়া পাহাৰৰ চূৰাত যেন কাৰোবাৰ সপোনৰ শেষ ভগ্নাংশ ৷ কাৰোবাৰ আধৰুৱা গাঁঠা ৷ ভাল লাগিল নে দুখ লাগিল বুজাব নোৱাৰি ৷

বুকুখন গধুৰ অথচ গৰ্বিত ৷

কাৰ্গিলত পাহাৰবোৰ শিলাময় হ’লেও বহুঠাইত তৃণ ভূমি ৷ পাহাৰৰ চূৰাত ভেড়াৰ পাল, পৰ্বতীয়া ছাগলীবোৰৰ বিচৰণ আৰু তৃণ ভোজন ৷ ভেড়া ছাগলীৰ পালবোৰৰ পিছে পিছে বকৰৱালবোৰ ৷ গাত দীঘল চোলা ৷ ঠায়ে ঠায়ে বকৰৱালবোৰৰ সেৰেঙা বসতি ৷

ঘড়ীত সময় আঠ বাজো বাজো হওঁতেই আন্ধাৰ নামিল ৷ বেলি পৰিছে পাহাৰৰ পিছফালে ৷ লাহে লাহে আকৌ গতি কৰিছিল আমাৰ গাড়ীখনে ৷

বাহিৰত হিমশীতল চেঁচা বতাহ ৷ তলত উত্তাল সোত নদীৰ ৷ পানীৰ ৰং সিন্ধু বা ড্ৰাছ নদীৰ দৰে স্ফটিক পৰিস্কাৰ নহয় ৷ দূৰ্দান্ত গতি ৷ মই সুধিলোঁ- ৰাফটিং হয়নে ইয়াত ?

ড্ৰাইভাৰে হাঁহি ক’লে – এইখন কাৰ্গিলৰ চুৰু নদী ৷

ইয়াত ৰাফটিং কৰিবলৈ গ’লে মানুহ উলটি উবুৰিয়াই পৰিব ৷ ইমানেই প্ৰবল ইয়াৰ সোঁত ৷ গাড়ী ৰখাই নামি দি অলপ সময়ো পাৰত ৰৈ থাকিব নোৱাৰি ৷ গাড়ীখনেই লৰি থকা যেন অনুভৱ হয় ৷ সোঁতৰ দৃশ্য আৰু শব্দৰ প্ৰাবল্য ইমানেই বেছি যে মূৰ ঘূৰি যায় ৷ কাৰ্গিল চহৰৰ মাজ মজিয়াত অৱস্থিত হোটেল লাডাখলৈ আহি পাওঁতে ৰাতি প্ৰায় ন বাজি গ’ল ৷ আমাৰ ৰূমটো চেকেণ্ড ফ্লৰত আছিল ৷ হোটেল আহি পালোঁ বুলি আনন্দতে চেকেণ্ড ফ্লৰলৈ যে খৰ খোজে উঠি গ’লো সেই তেতিয়াই প্ৰথমবাৰলৈ গাটো বেয়া লাগি আহিল ৷

আমাক আগতেই কৈ থোৱা আছিল, পাৰিছোঁ বুলি ভাবি অভাৰ একজাৰটিং একো কামেই ইয়াত কৰিব নালাগে যেতিয়ালৈকে আমাৰ বডীটোৱে কম অক্সিজেনত এক্লেমেটাইজ হৈ নাযায় ৷

এৰা কেনেকৈনো পাহৰি গৈছিলোঁ যে আমি ৮,৭৮০ ফুট অলটিটিউডত আছোঁ ৷ আৰু এই ঠাই পাবলৈ ১১,৫৭৫ ফুট উচ্চতাৰ জজিলা পাছ জিৰ’ পইন্ট পাৰ কৰি আহিছোঁ ৷

পাতলকৈ কিবা এটা খাই লৈ বিছনাত বাগৰ দিওঁ মানে বুকুত অসহজ অনুভৱ এটা আৰম্ভ হ’ল ৷ ধৰিব পৰা নাই ৷ হঠাতে খোঁচ মাৰি দিয়াৰ দৰে বুকুতে বিষ এটা দুবাৰকৈ হ’ল মাত্ৰ কেই ছেকেণ্ড মানৰ বাবেহে হয়তো ৷ এক্টিভিটি সম্পূৰ্ণ বাদ দি ৰেষ্টত থাকিলোঁ ৷

ল’ৰা ছোৱালীকো বিছনাৰ পৰা উঠি যাবলৈ দিয়া নাই ৷

ঘনাই গৰম পানী খাই আছোঁ ৷ খুৱাইয়ো আছোঁ ৷

কাৰ্গিলত সেইনিশা বুকুৰ ডিচকম্ফৰ্টটোৱে মোক ভালকৈ টোপনি যাবলৈকে নিদিলে ৷ উশাহ চুটি অনুভৱ এটা হোৱাত খিৰিকী খুলি দিছোঁ ৰাতি ৷ অকণমান টোপনি গৈছিলোঁ মাত্ৰ সাৰ পাই উঠি বহিছোঁ আকৌ ৷ খোলা খিৰিকীৰে ধৰফৰাই সোমাই আহিছে বতাহ ৷ বতাহজাক শুকান বাবে নাক মুখ জ্বলিবলৈ আৰম্ভ কৰিছে ৷ শুৱা নুশুৱাৰ মাজেৰেই ৰাতিটো পাৰ হ’ল কোনোমতে ৷ পুৱা ৰ’দজাক দেখিহে ৰক্ষা ৷ ফ্ৰেশ্ব হৈ গৰম পানী খাই দিওঁ মানে গাটো ভাল লাগি আহিল ৷ কাৰ্গিলৰ হোটেলৰ পৰা পুৱা সাত বজা মানতেই ওলাই দিলো ৷ কাৰ্গিলৰ পৰা পাহাৰৰ ৰূপেই বেলেগ ৷ ওখ ওখ পাহাৰ ৷ এটা শেষ নহওঁতেই আনটো আৰম্ভ হয় ৷ পাহাৰবোৰ উকা, ড্ৰাছ বা কাৰ্গিলত দেখা সেই তৃণভূমি নাই ৷ পাহাৰৰ ওপৰত চৰি থকা পৰ্বতীয়া ছাগলী, নোমাল ভেড়াৰ পাল নাই ৷ গোটেই শিলৰ পাহাৰ ৷ মৰুভূমিৰ দৰে উকা ৷ মুগাবৰণীয়া পাহাৰবোৰ এটা শেষ নহওঁতেই আৰম্ভ হয় ক’লা নতুবা ফুটছাইবৰণীয়া আন এখন পাহাৰ ৷ মাজে মাজে উজ্বল ৰঙচুৱা ৷ ৰাস্তা খুবেই মসৃণ ৷ মাজে মাজে এনেকুৱা লাগে দুটা শিলাময় পাহাৰৰ চাদ মূৰৰ ওপৰত আৰু তাৰ তলেৰেই যেন আমাৰ গাড়ীখন পাৰ হৈ আহিছে ৷ মনলৈ আহে খালীদ হুছেইনিৰ উপন্যাসত পঢ়িবলৈ পোৱা নতুবা “দ্য কেৰালা ষ্টোৰি“ ফিল্মত দেখা আফগানিস্তানৰ শিলাময় মৰুময় পাহাৰৰ দৃশ্য ৷ নতুবা বাতৰিত ইউ টিউবত দেখা চিৰিয়া ইজৰাইলৰ দৃশ্য ৷ দূৰ দূৰণিলৈ কেৱল শিল আৰু শিল ৷ বিভিন্ন ৰং, বিভিন্ন আকৃতিৰ ৷ কিতাপত পঢ়িবলৈ পোৱা চিন অচিন জানা অজানা একোটা ইজিপ্তৰ মনোমেন্ট যেন ৷ কোনোবাখন পাহাৰ যদি বেলিৰ পোহৰত উজ্বল কোনোবাখন পাহাৰ আকৌ লগতে থাকিও মেঘৰ ছাঁ পৰি ক’লা ৷ মুঠতে গোটেই বাটটোৰ দৃশ্যৰাজি আশ্চৰ্য্যকৰ ভাৱে আকৰ্ষণীয় ৷

আমি যাওঁতেই চাই গ’লো – লামায়ুৰু ৷

মূলপথটোৰ পৰা অঁকোৱা পকোৱা বাটেৰে তললৈ নামি গ’লেই আছে লামায়ুৰু বা য়ুৰু মনাষ্টেৰী ৷ ইয়াত লামায়ুৰুক চন্দ্ৰৰ দেশ অৰ্থাৎ মুন লেণ্ড বুলি কয় ৷ ইয়াৰ মাটিখিনি বিশেষকৈ নিশা জোনৰ পোহৰত হেনো চন্দ্ৰত থকা হেন অনুভৱ দিয়ে ৷ দেখাত তেনেকুৱাই ৷ বাকী পাহাৰবোৰ শিলৰ কিন্তু লামায়ুৰু ৰঙচুৱা মুগা ৰঙৰ কোমল বোকা মাটিৰ পাহাৰৰ দৰে ৷ ইয়াৰ গঠন, আকৃতি বৰ বেলেগ ধৰণৰ ৷ লামায়ুৰুৰ আকৃতি ৰাতি জোনৰ পোহৰত দৃশ্যমান হ’লে এটা ভয় লগা অথচ ৰোমাঞ্চকৰ অনুভৱ যে মনত জাগি উঠিব তাত মই নিশ্চিত ৷

জনশ্ৰুতি মতে ইয়াত হেনো এখন হ্ৰদ আছিল ৷

সময়ৰ সোঁতত সেই হ্ৰদ শুকাই গ’ল ৷ হ্ৰদৰ তলৰ পৃষ্ঠভাগ বোকা মাটিৰ যি আকৃতিত আছিল সেই আকৃতিতেই ৰ’দৰ তাপত শুকাই গ’ল ৷ সেই শুকাই পৰা হ্ৰদৰ বুকুতেই বনোৱা হ’ল মনাষ্টেৰী ৷ জনবিশ্বাসমতে ইয়াত মনাষ্টেৰীখন হ’বৰ বাবেই হেনো এই হ্ৰদ শুকাই গ’ল ৷

লামায়ুৰু পাৰ হৈ লেহলৈ সোমাই আহি থকা বাটটো ইমানেই ধুনীয়া বৰ্ণাব নোৱাৰি ৷ তাতেই মূৰত আবেলিৰ বেলি ৷ পাহাৰৰ চূৰাত কমলা বোল, দেখিলে এনে লগে যেন এখন পেইন্টিং ৷ লামায়ুৰু পাৰ হৈ আমি আহি পালোঁহি ঝংস্কাৰ আৰু ইন্দাছ নদীৰ সংগমলৈ ৷ দুয়োখন দুটা বেলেগ ভেলীৰ পৰা ওলাই আহি সংগম হৈছে এই ঠাইডোখৰতেই ৷ সংগমৰ পাৰৰ বতাহজাক বৰ ঠাণ্ডা ৷ আমি লাহে লাহে খোজ কাঢ়িছোঁ ৷ কাৰণ বুকুৰ গতি খৰ হৈ গৈয়েই আছে ৷ বুকুৰ ঢপ ঢপনি শুনা পাই আছোঁ ৷ উশাহবোৰ চুটি হৈ গৈ আছে ৷

তাত অলপ দেৰি ৰৈ বহি ফটো উঠিলো ৷

তাৰপৰা ওলাই আহি এইবাৰ গাড়ী উঠিল মেগনেটিক হিলছত ৷ কোৱা হয় এই পাহাৰত গ্ৰেভিটেশ্বনেল ফৰ্চ বেছি, সেয়ে গাড়ীৰ গতি নিজে নিজেই কমি যায় ইয়াত ৷ কিন্তু বিজ্ঞানে কয় এই ঠাই আৱৰি থকা পৰ্বতবোৰে এনেকুৱা এটা দৃষ্টিভ্ৰম দিয়ে দেখিলে এনে লাগে তললৈ যোৱা পথটোত গাড়ী তললৈ নহয় ওপৰলৈহে গৈ আছে ৷

মেগনেটিক হিলছ পাৰ হৈ পাথেৰ চাহিব গুৰুদ্বাৰালৈ আহি পাওঁ মানে আঠ বাজি পাৰ হ’ল ৷ ইয়াৰ গুৰুদ্বাৰাৰ এটা বিশেষত্ব আছে ৷ প্ৰবাদমতে গুৰু নানকে এই ঠাইডোখৰতে বহি ধ্যান কৰি থাকোঁতে অসুৰে তেওঁৰ ধ্যানভংগ কৰিবলৈ এটা ডাঙৰ শিল ঠেলি পঠিয়াইছিল তললৈ ৷ সেই শিল খৰ গতিত বাগৰি নামিল যদিও গুৰু নানকৰ ঠিক পিঠিতেই ৰৈ গ’ল আৰু মমৰ দৰে কোমল হৈ পৰিল ৷ গুৰুক অনাহত অৱস্থাত দেখি অসুৰ দুগুণ উগ্ৰতাৰে তললৈ নামি আহিল ৷ এইবাৰ শিলটোক ঠেলি দিবলৈ সোঁ ভৰিখন থওঁতেই ভৰিখনেই মমৰ দৰে কোমল হৈ পৰা শিলটোত সোমাই লাগি ধৰিল ৷ ভৰিৰ চিহ্ন ৰৈ গ’ল ৷ গুৰু তেতিয়াও অনাহতভাৱে ধ্যানত মগ্ন আছিল ৷ সেই প্ৰবাদমতেই ইয়াৰ নাম পাথেৰ চাহিব গুৰুদ্বাৰা ৷

আমি পাথেৰ চাহিব গুৰুদ্বাৰাত সোমালো, প্ৰাৰ্থনা কৰিলো ৷ প্ৰাৰ্থনা কৰি আহি লংগুৰত সোমাই খোৱা বোৱাও কৰিলো ৷ যাত্ৰাৰ গৰম গাত লাগিয়েই আছিল যদিও বাহিৰত সো-সোৱাই বলা চেঁচা বতাহ ৷ সেই বতাহজাক উপভোগ কৰি থাকোঁতেই হঠাতে এনেকুৱাকৈ বুকুতে খোচ মৰা বিষ এটা হ’ল যে সন্মুখতে ক’ৰবাত ধৰি বহি পৰিবলগীয়া হ’ল ৷ আৰ্মী অফিচাৰ বন্ধু যিয়ে আমাক বাটত যোগাযোগ ৰাখিছিলেই তেওঁৰো ফোন আহিল ৷

মোৰ বুকু বিষ হোৱাৰ কথা জানিব পাৰিয়েই তেওঁ ড্ৰাইভাৰক নিৰ্দেশ দিলে গাড়ী তুৰন্তে হস্পিটেলৰ দিশে নিবলৈ ৷ মই বোলো ঠিকেই আছোঁ, তথাপি ভিতৰি ভয়ো লাগিছে ৷ বুকু বিষটোৱে এনে পৰিস্থিতিত বিষম পৰিনামো দিব পাৰে, নিজেও জানো ৷ উশাহ চুটি হৈ মুখ শুকাই পৰাত মই কথা ক’বই পৰা নাই ৷ যিমান পাৰি দীঘলকৈ উশাহ লৈ নিজকে শান্ত কৰি ৰাখিছোঁ ৷ শুনা পাই আছোঁ সকলো, তেওঁলোকে প্লান কৰিছে মোক MI ইউনিটলৈ নিব ৷

MI অৰ্থাৎ Myocardial Infarction ৷

লেই মেন লেংগুৱেজত কাৰ্ডিয়াক এৰেষ্ট বা হাৰ্ট এটেক ৷

মই ধৈৰ্য্য ধৰি আছোঁ ৷ পানীয়ো শেষ হ’ল ইফালে ৷ কিনিবলৈ দোকান এখনো নাই আশে পাশে ৷ যি অকণ পানী আছিল ল’ৰা ছোৱালী দুটাই মোক খাবলৈ জোৰ কৰি আছে, মই আকৌ সিহঁত দুটাক খাবলৈ জোৰ কৰি আছোঁ ৷ লেহ চহৰলৈ সোমাইহে দোকান এখন দেখি গৃহস্থই গৈ লৰালৰিকৈ পানী এটা কাৰ্টুন কিনি আনিলে ৷ পানী খাই জিভা তিয়াই আছোঁ ৷ ইফালে আকৌ ঠাণ্ডা পানী ৷ গৰম পানী কাহানিবাতেই শেষ ৷ ঠাণ্ডা পানী খাবলৈ ভয় লাগিছে কিন্তু নাখালেও অন্ঠ কন্ঠ শুকাই শেষ ৷ লেহ চহৰৰ আটাইতকৈ ডাঙৰ সমস্যাটোৱেই হৈছে তাৰ অলটিউড ৷ কম অক্সিজেন, ইফালে আকৌ শুকান চেঁচা বতাহ ৷ ইয়াত শুকান শুকান ভাৱত চৰ্দী প্ৰায় মানুহৰেই হয় ৷ মিলিটেৰী হস্পিটলেত লৈ আনিলে তেওঁলোকে মোক ৷ পালছ অক্সিমিটাৰত SPo2 84 দেখুৱালে ৷ অক্সিজেন দিলে ৷ গুৰুদ্বাৰাত ভালকৈয়ে চুজিৰ হালৱা আদি খাই আহিছোঁ বুলি জানিব পাৰি এচিটাজলামাইড টেবলেট এটাও খাবলৈ দিলে ৷ ইচিজি কৰালে ৷ ই চি জি ভগৱানৰ কৃপাত নৰ্মেল আহিল ৷ পালছ আকৌ প্ৰতি মিনিটত ১১৬ হৈ আছে ৷ নিজকে শান্ত, টেনচন ফ্ৰি কৰি ৰাখিছোঁ ৷

ল’ৰা ছোৱালীৰ যত্ন দেউতাকে লৈছেই ৷

অক্সিজেন দিয়াৰ পাছত ডাক্তৰে আহি ক’লে- আপোনাৰ মাউনটেইন চিকনেছ হৈছে ৷ নেক্সট চৌব্বিশ ঘন্টা আপুনি সম্পূৰ্ণ ৰেষ্টত থাকক ৷ নহ’লে আপুনিতো জানেই আপুনি যিটো ভাবি আছে সেইটোও হৈ যাব পাৰে ৷ ইয়াত আগতে এনেকুৱা ফেটেল কেছ হোৱাৰো বহুত উদাহৰণ আছে ৷

 

ডাক্তৰে তেনেকৈ কোৱাৰ পাছত সম্পূৰ্ণ সাৱধান হ’লোঁ ৷ আঠ ঘন্টা চলাব পৰাকৈ ৪,৫০০ টকাত অক্সিজেন চিলিণ্ডাৰ ৰেন্টত অনা হ’ল ৷ লগতে ছটাকৈ ফেচ মাস্ক ফ্ৰীতে দিলে ৷

লেহত আমাৰ বুকিং আছিল ইণ্ডিয়ান আৰ্মীৰ অফিচাৰছ মেছৰ গেষ্ট হাউচত ৷ দুটা বেডৰূম, দুটা বাথৰূম, এটা ড্ৰয়িং কাম ডাইনিং ৰূম আৰু বাৰাণ্ডাৰে অসম টাইপ আৰ্হীৰ সুন্দৰ আৰামদায়ক পৰিৱেশ ৷

গেষ্ট হাউচত সোমাই সম্পূৰ্ণ ৰেষ্টত থাকিলোঁ ৷

গৰম পানী সঘনাই খাই আছোঁ ৷ ডাক্তৰৰ পৰামৰ্শমতেই খালি টয়লেটলৈহে উঠি যাওঁ ৷ খোৱা-বোৱাও বিছনাতে ৷ মোৰ লগতে ল’ৰাটোৰ বুকুতো তীব্ৰ ঢপঢপনি ৷ ঢপঢপনি বাঢ়িলেও মোৰ বাহিৰে আন কাৰো বুকুৰ বিষ নাছিল ভগৱানৰ কৃপাত ৷ সিহঁতকো খুব পানী খোৱাই আছোঁ ৷

তথাপি বুকুৰ ঢিপঢিপনি ইমান বেছি হৈ থাকে যে কোনো কামত কোনো কথাতে মন দিব নোৱাৰি ৷ তেনেকৈ কষ্টৰ মাজেৰেই সম্পূৰ্ণ ১৮-১৯ ঘন্টা ৰেষ্টৰ পিছত গা ভাল লাগি আহিল ৷ বুকুৰ ঢিপ ঢিপনিবোৰ কমিল ৷

পালছ ৯০ ৰ ঘৰলৈ আহিল ৷

লেহত আমাৰ প্ৰথম দিনৰ যাত্ৰাৰ প্লান আছিল শ্বাম ভেলীলৈ ৷ বেছিকৈ ৰেষ্ট ল’ব লগীয়া হোৱাৰ ফলস্বৰূপেই আমাৰ যাত্ৰা প্লানৰ পৰা শ্বাম ভেলী কেনচেল হ’ল ৷ তাৰ পৰিৱৰ্তে আমি ওলাই আহিলোঁ লেহ চহৰলৈ ৷ এইবাৰ আমাৰ যাত্ৰাৰ সংগী হ’ল লাডাখী লোকেল গাড়ী আৰু ড্ৰাইভাৰ দৰ্জী ৷ লেহ লাডাখলৈ সোমাই আহিবলৈ বাহিৰৰ গাড়ীক অনুমতি দিয়ে যদিও লাডাখৰ ভিতৰত পৰ্যটকে ঘূৰি ফুৰিবলৈ হ’লে ইয়াৰ লোকেল গাড়ী ল’বই লাগিব ৷

অৱশ্যে ইচ্ছা কৰিলে নিজৰ গাড়ীৰে পৰিয়াল, বন্ধু-বান্ধৱ সহিতে লাডাখ ফুৰিব পাৰি, কিন্তু গাড়ীৰ মালিক লগত থকাটো বাঞ্চনীয় ৷

লাডাখৰ বিভিন্ন গাওঁ আৰু ভেলীবোৰত ঘূৰি ফুৰিবলৈ হ’লে লাগিব ইনাৰ লাইন পাৰ্মিট ৷ ইনাৰ লাইন পাৰ্মিটৰ বাবে আমি আগতীয়াকৈ জমা দিছিলোঁ আধাৰ কাৰ্ড আৰু প্ৰতিজনৰে নামত ৪৮০ টকা (ল’ৰা ছোৱালীৰ বাবে নালাগে) ৷ লেহ চহৰত সেইদিনা উষ্ণতা ২৮° চেলচিয়াছ ৷

বতাহজাক চেঁচা যদিও অকণ বাহিৰত থিয় দিলেই ছালখনে জ্বলা-পোৰা কৰে ৷ ছান বাৰ্ণ খুব বেছি হয় ৷

আমি প্ৰথমেই লেহ পেলেচ আৰু ছেহ পেলেচ চাবলৈ গ’লো ৷

লেহ পেলেচ আৰু ছেহ পেলেচ লাডাখৰ ৰজাদিনীয়া মহলৰ শিলাময় ভগ্নাৱশেষ ৷ ইয়াৰ চুক কোণ, ইয়াৰ বাতাবৰণ, শিলৰ খটখটি, শতিকা শতিকা ধৰি থিয় হৈ থকা শিলাময় ধ্বংসস্তুপ সকলোতে যেন এটা পুৰাতন সুৰ ৷ এটা পুৰাতন বিষাদ ৷ কালৰ গৰ্ভত জাহ যোৱা সময়ে অতীত সুঁৱৰি যেন বতাহতে কয় – ইয়াত ৰজা আছিল, ৰাণীও আছিল ৷ দপ দপাই ঘূৰি ফুৰা সৈন্য-সামন্ত, মন্ত্ৰী বিষয়া আছিল ৷ হাঁহি-কান্দোন, ভালপোৱাৰ কথকতা, আৰু আছিল যুদ্ধৰ ভয়াৱহতা, ব্যৰ্থতাৰো গাঁথা ৷

ছেহ পেলেচতো অনুভৱ হ’ল সেই একেই প্ৰাচীনতা ৷

পাৰ্থক্যটো হ’ল – ছেহ পেলেচত অহৰহ ভাহি থাকে এটা প্ৰাৰ্থনাৰ সুৰ ৷ ধৰফৰাই বলি থাকে তাত প্ৰাৰ্থনাৰ পতাকা ৷ ইয়াৰো স্থাপত্য আৰ্হী তিব্বতীয় ৷ ছেহ পেলেচৰ এফালে ৰাজমহলৰ ধ্বংসাৱশেষ ৷ আনটো ফালে ছেহ মনাষ্টেৰী, য’ত আছে ৩৯ ফুট ওখ শাক্যমুণি বুদ্ধৰ কমলা হালধীয়া বৰণৰ মূৰ্তি ৷ কপাৰ আৰু সোণৰ এই বৃহৎ মূৰ্তিটোৱে তিনিমহলীয়া ছেহ মনাষ্টেৰীৰ গোটেই উচ্চতাকে চুইছে ৷ শিলৰ খটখটীৰে উঠি গৈ আটাইতকৈ ওপৰৰ ফ্লৰত খোজ পেলাওঁতেই আমাৰ নাকত লাগিছিলহি অহৰহ জ্বলি থকা ধূনাৰ গোন্ধ ৷ মুখ, চুলি, কাপোৰত সৰ্বত্ৰে সুবাসিত ধোঁৱাৰ স্পৰ্শ ৷ ভাহি আহিছিল কোনোবা কোণৰ পৰা তিব্বতীয় healing sound ৷

আমাৰ সন্মুখত আছিল শাক্যমুণি বুদ্ধৰ বুকুৰ পৰা মূৰৰ অংশ ৷ তললৈ জুমি চালে প্ৰথম আৰু দ্বিতীয় ফ্লৰ জুৰি শাক্যমুণি বুদ্ধৰ বৃহৎ মূৰ্তি ৷ দেখিলেই ভক্তি ভাৱত দুচকু মুদ খাই আহে ৷ আমি সকলোৱে তাত পৰিক্ৰমা কৰাৰ পাছত প্ৰায় আধা ঘন্টা সময় বহি ধ্যান কৰিলোঁ ৷ মনাষ্টেৰীত থকা বুদ্ধধৰ্মী গুৰুজনাৰ চৰণত পৰি সেৱা কৰি তেওঁৰ হাতেৰে ৰঙা ৰছী বন্ধালোঁ ৷ তেওঁৰ কাষতে দোকানৰ দৰে জুইচ, বিস্কুট, শুকান ফল আদি অন্যান্য খাদ্য বস্তু আছিল ৷ ল’ৰা ছোৱালীহঁতলৈ বুলি কিনিব বিচৰাত তেওঁ ক’লে সেইবোৰ হেনো বিক্ৰি কৰিবলৈ নহয় ৷ আমি খাব বিচাৰিলে যি মন যায় প্ৰয়োজনমতে লৈ খাব পাৰো ৷ আমি আনন্দমনে ল’ৰা ছোৱালীহঁতলৈ এটা বিস্কুটৰ পেকেট আৰু তিনিটা লাচ্ছী ল’লোঁ ৷ ভক্তি আৰু কৃতজ্ঞতাৰে তাতে থকা donation বাকচত সামান্য কিছু টকা দি গুৰুজীৰ লগত কিছু দেৰী কথা পাতি আমি ওলাই আহিলোঁ ছেহ পেলেচৰ পৰা ৷ নামি অহা বাটত দেশী বিদেশী বহু পৰ্যটকক লগ পালোঁ ৷ বিশেষভাৱে মনত ৰৈ গ’ল পেৰিছৰ পৰা ফুৰিবলৈ অহা এহাল মানুহ ৷ তেওঁলোকৰ লগত আমাৰ খুব ৰসাল কথা-বতৰা হ’ল ৷ ট্ৰেভেলিঙৰ অন্যান্য কথাৰ লগতে পেৰিছত অনুস্থিত হ’বলগীয়া অলিম্পিকক লৈ হোৱা বিতৰ্কলৈকে ৷

ফটোগ্ৰাফী কৰি আৰু হৃদয়ৰ কোণত সেই হাঁহিময় সময়খিনিক স্মৃতিৰূপে সযতনে সাঁচি থ’লোঁ জীৱনলৈ ৷

ছেহ পেলেচৰ পৰা ওলায়েই আমাৰ গাড়ীয়ে গতি কৰিলে শান্তি স্তুপালৈ ৷ বাটতে নামি চাই গ’লোঁ নিৰিবিলি পৰিৱেশত স্থিত Rancho school, থ্ৰি ইডিয়ট চিনেমাৰ সেই famous স্কুলখন ৷ চাই গ’লোঁ His Holiness দ্য দালাই লামাৰ ঘৰ ৷ লেহ চহৰৰ শুকান ৰুক্ষতাৰ মাজত চাফেদা গছৰ সেউজীয়াৰে ভৰি থকা এটা চৌহদ আৰু তিব্বতীয় আৰ্হিৰ এখন বগা ঘৰ ৷

তাৰপৰা ড্ৰাইভাৰ দৰ্জীয়ে পলম নকৰাকৈ গাড়ী পোনাইছিল শান্তি স্তুপাৰ দিশে ৷ শান্তি স্তুপালৈ উঠি গ’লে সম্পূৰ্ণ লেহ চহৰখন ধুনীয়াকৈ চাব পাৰি ওপৰৰ পৰা ৷ আৰ্মী প্ৰটেক্টেড জ’ন বাবেই শান্তি স্তুপালৈ আমাৰ ড্ৰোন কেমেৰাটো নিবলৈ অনুমতি নাপালোঁ ৷ বাকী DSLR, ফোন কেমেৰাৰে ফটোগ্ৰাফী কৰাত কোনো বাধা নাই ৷

শান্তি স্তুপা ঠাইডোখৰ ইমানেই ধুনীয়া, শান্তিপূৰ্ণ আৰু মেডিটেটিভ যে নামি আহিবলৈকে মন নাযায় ৷ চাৰিওফালে মুগা বৰণৰ শিলাময় পাহাৰ ৷ পাহাৰৰ চূড়াত আবেলিৰ বেলিৰ ৰঙচুৱা বোল ৷ তললৈ চালেই দেখা পোৱা লেহ চহৰখন, একেই তিব্বতীয় আৰ্হীত সজোৱা বগা ৰঙৰ ঘৰবোৰ, মাজে মাজে ওখকৈ থিয় দি থকা ঘন চাফেদা গছবোৰ আৰু তাৰ আঁৰে আঁৰে আবেলি পৰত টিম টিমাই উজ্বলি উঠা বিজুলি বাতি ৷ স্বচ্ছ আকাশৰ তৰাই চাম নে লেহ চহৰৰ তৰাই চাম ! মুঠতে এনে লাগে, আবেলিৰ লেহ চহৰখন যেন বিবিধ সোণৰ অলংকাৰেৰে জ্বলমলাই উঠা এগৰাকী ৰাণীৰ প্ৰাচীন সুন্দৰতা ৷

লেহ চহৰৰ সুন্দৰতাত এনেকৈ অভিভূত হ’লোঁ যে

নামি আহিবলৈ ইচ্ছা নাছিল ৷ বুকুৰ বিষটো মনত ৰাখি নিশাৰ চেঁচা বতাহজাকৰ পৰা বাচিবলৈকে আমি ততাতৈয়াকৈ নামি আহিলোঁ ৷

পিছদিনা আমাৰ গন্তব্যস্থল আছিল নুব্ৰা ভেলীলৈ ৷

নুব্ৰা ভেলীৰ অলটিটিউড ১০,০০০ ফুট ৷ লেহতকৈ তলত বুলি জানিব পাৰি সকাহ পালোঁ মনে মনে ৷ পিছে ১৭,৫৮২ ফুট অলটিটিউডৰ খাৰদুংলা পাছ পাৰ হৈহে আমি গৈ পামগৈ নুব্ৰা ভেলী ৷ বাটটো শুকান, মৰুময় ৷

নিৰ্মাণ কাৰ্য তেতিয়াও চলিয়েই আছিল ঠায়ে ঠায়ে ৷

গতিকে মাজে মাজে ওখোৰা মোখোৰা, ধূলিময় পথ ৷ খাৰদুংলা পাছ নৌপাওঁতেই বুকুত আকৌ বিষটো উঠি আহে মাজে মাজে ৷ এইবাৰ গাড়ীৰ পিছৰ ছিটত থোৱা চিলিণ্ডাৰটোৰ পৰাই অক্সিজেন পাইপটো কানেক্ট কৰি অক্সিজেন লৈ গাড়ীত বহি আহি আছোঁ ৷ লেহৰ গৰমৰ কথা ভাবি জেকেট হাতত লোৱা নহ’ল ইফালে খাৰদুংলা নৌপাওঁতেই যি ঠাণ্ডা বতাহ, বাহিৰত ভৰিখনেই নমাব নোৱাৰি ৷ খাৰদুংলা পাছ ঘেৰি ৰাখিছে তুষাৰ আবৃত পৰ্বতৰ শৃংগই ৷ তাত অকণমান খোজ কাঢ়ি ঘূৰিলে, প্ৰাৰ্থনাৰ পতাকাৰে সজাই তোলা ফটো পইন্টত থিয় দি চাই থাকিলে অনুভৱ হয় সেই ৰোমাঞ্চকৰ উচ্চতা ৷

অনুভৱ হয়- কি বিস্ময়কৰভাৱে প্ৰকৃতি অপৰূপা !

খাৰদুংলা পাছ আহি পাবলৈ যিমান ওপৰলৈ উঠি আহিছিলোঁ একাঁ বেঁকা বাটেৰে সিমান তললৈকে এইবাৰ নামিব ধৰিলোঁ ৷ এইবাৰ শ্যক নদীৰ পাৰে পাৰে ৷

শ্যক শব্দটো হিন্দী শ্বৌক বা অসমীয়াত বুজিবলৈ শোক (অৰ্থাৎ দুখ) শব্দটোৰ পৰা আহিছে ৷ এই নদীক একালত ৰিভাৰ অফ দেথ বা মৃ্ত্যু নদী বোলা হৈছিল ৷

এই শ্বৌক শব্দৰ পৰাই শ্যক ৰিভাৰ ৷

সোঁত বৰ উত্তাল ৷ কাষে কাষে শুকান সুঁতি ৷ শ্যক নদীৰ পাৰে পাৰেই গৈ আমি সোমালোগৈ দিছকিট গাওঁ ৷ দিছকিট মানে হেনো হেপীনেছ ৷ দৰ্জীৰ পত্নীৰ নামো হেনো দিছকিট ৷ সি বৰ ৰস লগাকৈ পত্নীৰ কথা ক’লে ৷ ধেমালীতে কৈ থাকিলেও কথাৰ পৰাই অনুমান কৰিলোঁ দৰ্জীৰ পত্নীপ্ৰেম ৷ বৰ ভাল লাগিল ৷ এনেকৈয়ে ৰস ভৰা আলোচনাৰ মাজেৰে আমি আহি পালোঁহি নুব্ৰা ভেলী ৷

নুব্ৰা নদীৰ পাৰে পাৰে ঠাইডোখৰ সমতল ৷ তৃণভূমিৰে ভৰা ৷ ঘাঁহ খাই চৰি ফুৰিছে পৰ্বতীয়া ছাগলী, য়াক আদিয়ে ৷ ল’ৰা ছোৱালীয়ে আমোদ প্ৰমোদ কৰিব পৰাকৈ ইয়াতে ব্যৱস্থা আছে Karting, জিপ লাইন চাইক্লিং ইত্যাদিৰ ৷

কিছু পৰ ল’ৰা ছোৱালী তিনিটাই খেলা-ধূলা কৰিলে ৷ “ধুম মচালে“ বুলি গীত গাই কাৰটিং কৰিলে ৷ জিপ লাইনত চাইক্লিং কৰিলে ৷ তাৰপৰা চিধাই আমি গৈ ওলালোঁগৈ হুণ্ডাৰছ চেণ্ড ডিউনছত ৷

চেণ্ড ডিউনছ সৰুকৈ এটা মৰুভূমি ৷ মৰুভূমিত তেতিয়া উবুৰিয়াই পৰিছে কমলা বেলিটো ৷

তালৈ নৌপাওঁতেই এটা সৰু জুৰি বৈ গৈছে ৷

জুৰি পাৰ হ’বলৈ মজবুতকৈ বন্ধা আছে দুখনকৈ কাঠৰ সৰু দলং ৷ জুৰিৰ সিপাৰে মৰুভূমি এইপাৰে আকৌ মোবাইল ফুড ষ্টলবোৰ ৷ ফুড ষ্টলবোৰত এভেইলেবল চাওমিন মম’, ফ্ৰাইড ৰাইচ, আদা নেমু মৌ দি বনোৱা চাহ কফি ইত্যাদি ৷ চাইডতে চলি আছিল লাডাখি ট্ৰেডিশ্যনেল গীত বাজনা নৃত্য ৷ দূৰলৈ শাৰী শাৰী ঊট ৷

ইয়াৰে ঊটবোৰৰ বিশেষত্ব হ’ল – পিঠিত থাকে দুটাকৈ হাম্প ৷ পৰ্যটকসকলে পোন্ধৰ মিনিট আধা ঘন্টালৈকে ঊটৰ পিঠিত উঠি মৰুভূমিৰ বালিৰ ওপৰত যাত্ৰা উপভোগ কৰিব পাৰে ৷ আমাৰ ল’ৰা ছোৱালীসকলেও বেছ কিছু সময় উপভোগ কৰিলে ৷ আমিও উমাল বালিত বহি, খোজ কাঢ়ি ঘূৰি ফুৰিলোঁ ৷ বেছি ঠাণ্ডা ননমাৰ আগতেই আমি হোটেললৈ গৈ ওলালোঁগৈ ৷ হোটেলখন নতুন ৷ ড্ৰাইভাৰ দৰ্জীয়ে ক’লে ৰান্ধনী ল’ৰাটো হেনো অসমৰেই ৷ আমি যেন হাততে সৰগখন ঢুকি পালোঁ ৷ মাৰ্ঘেৰিটাত ঘৰ ৷

সেইদিনা ভালকৈ মচুৰ দালি লগতে আলু পিটিকা, কেৰেলা ভাজিৰে কাষ্টমাইজদ নৈশ এসাজ পৰম তৃপ্তিৰে খালো ৷ ৰাতিয়ো অকণো কষ্ট নহ’ল ৷ লেহৰ তুলনাত নুব্ৰা ভেলীত থাকিবলৈ পৰিৱেশটোও বেছ আৰামদায়ক ৷ বৰ ধুনীয়াকৈ টোপনি গ’লো ৷ ৰাতিপুৱা উঠিয়েই আকৌ খাই বই যাত্ৰা আৰম্ভ কৰিলোঁ পেংগং ছ’লৈ ৷ ছ’ মানে হ্ৰদ ৷

অৰ্থাৎ পেংগং হ্ৰদ ৷ এইবাৰো যাত্ৰা আৰম্ভ হ’ল শ্যক নদীৰ পাৰে পাৰে ৷ মাজে মাজে বৰ ধুনীয়া ৰাফটিং পইন্ট ৷ ৰাস্তা খুব ভাল কিন্তু কিছুডোখৰ ঠাইত য’ত নিৰ্মাণ কাৰ্য চলি আছে সেইবোৰ নতুবা সৰু শিলাময় জুৰি একোটা পাৰ হৈ আহোঁতে খুব ধুনীয়া অফ ৰ’ডিং অভিজ্ঞতা এটা দিয়ে ৷ শ্যক নদীৰ সোঁত মাজে মাজে প্ৰায়ভাগ ঠাইতে ইমানেই প্ৰবল দেখিলেই ভয় লাগি যায় ৷ গৈ থাকোঁতে বাটত স্কুইৰেল প্ৰজাতিৰ হিমালয়ান মাৰমট দেখিলো ৷ সুৰংগবোৰৰ পৰা ওলাই আহি টগবগাই ঘাহনিত ঘাঁহ খাই ফুৰি আছিল ৷ দুটামানে ডাঙৰ শিল দুচটাৰ ওপৰত বহি ৰ’দত গা পখালি গপচত বাটৰুৱা পৰ্যটকৰ ৰেহ-ৰূপ চাই আছিল ৷

দৰ্জীয়ে ক’লে – মানুহক চিনি পায়, মাতিলে কাষলৈয়ো আহে ৷ পটকৈ নাহে, অকণ চল পালেহে আহে ৷

দৰ্জীয়ে অৱশ্যে আমাক সাৱধান কৰি দিলে যাতে আমি কোনো ধৰণৰ খাদ্য বস্তু জন্তুক নিদিওঁ ৷ জন্তুক খুৱালে পৰ্যটকে নহয় টেক্সি ড্ৰাইভাৰ বা গাইডৰ ওপৰতহে লিগেল একচন লোৱা হয় ৷ জেইলো হ’ব পাৰে ৷ গতিকে হাতত কেৱল কেমেৰাকেইটা লৈয়েই আমি নামি গ’লোঁ ৷ প্ৰথমতে আমাক দেখি সতৰ্ক হৈ গাতত সোমাই গ’ল যদিও অকণ মাতি জোকাই মৰম কৰি থাকোঁতেই চুচুক-চামাককৈ ওলায়ো আহিল ৷ মূৰ পিঠিত হাত বুলাই দিওতেই ধুনীয়াকৈ আৰামত বাগৰি দিলে ৷ বৰ ভাল লাগিল ৷ বনৰীয়া জন্তু নহয় ঘৰত পোহা আমাৰ মৰমৰ কুকুৰ বা মেকুৰীকেইটাহে যেন ৷

স্মৃতিৰ বাবে সুন্দৰ কেইখনমান ফটো তুলিলো হিমালয়ান মাৰমটকেইটাৰ লগত ৷

বেছি সময় ব্যয় নকৰি আকৌ ওলাই দিলোঁ অফ ৰ’ডিঙ জাৰ্ণিত ৷ দুপৰৰ বেলি তেতিয়া মূৰৰ ওপৰতে ৷ সেয়ে কিছু কিছু ঠাইত পৰ্বতৰ গ্লেচিয়াৰ গলি বাটতে পথালিকৈ খৰস্ৰোত পানীৰ সোঁত ববলৈ ধৰিছিল ৷ কিছু ঠাইত গাড়ীৰ চকা ভয় লগাকৈ ডুবি যায় ৷ BRO ৰ গাড়ীয়ে অৱশ্যে সৰু সৰু শিল ট্ৰাকে ট্ৰাকে পেলাই পানীৰ মাজেৰে বাটটো চিনি গাড়ী যাব পৰা ব্যৱস্থা কৰিয়েই আছিল ৷ BRO ৰ কৃপাত আমি ৰ’বলগীয়া বা পানীৰ ভয়ত উভতিবলগীয়া নহ’ল ৷ তেনেকৈয়ে প্ৰায় চাৰে চাৰি ঘন্টা চকু জুৰ পেলোৱা দৃশ্যৰাজিৰ মাজেৰে আহি আমি পালোঁহি ১৩,৮৬২ ফুট অলটিটিউডত অৱস্থিত পেংগং ছ’ ৷ আমাৰ বুকিং আছিল হ্ৰদৰ দক্ষীণ পাৰতেই ৷ হ্ৰদৰ পাৰতেই famous থ্ৰি ইডিয়ট শ্বুটিং পইন্ট ৷ ছোৱালীখিনিয়ে কৰিণা কাপুৰ হৈ ৰঙা কইনা সাজত হেলমেট পিন্ধি স্কুটাৰত উঠি পোজ দি আছিল ৷ বাকীবোৰে থ্ৰি ইডিয়ট টুলত বহি “অল ইজ ৱেল“ চিঞৰি আছিল ৷

হ্ৰদৰ কিনাৰতেই উৰি থাকে ত্ৰিৰংগা ৷ মাজে মাজে দেখা পোৱা যায় হ্ৰদৰ মাজত পেট্ৰলিং কৰি থকা ইণ্ডিয়ান আৰ্মীৰ মটৰবোট ৷ আমি পানীত নামিলোঁ ৷ ইমানেই স্বচ্ছ নীলা পানী ৷ বিভিন্ন আকৃতিৰ সৰু সৰু ধুনীয়া শিল ৷ দৰ্জীয়ে ক’লে, হ্ৰদখন মুঠ ভাৰত আৰু চাইনাৰ মাজত ১৩৪ কিঃমি দৈৰ্ঘ্যৰ ৷ ইয়াৰ বেছিভাগ অংশ চাইনাতহে অৱস্থিত ৷ ইয়াতো চাৰিওফালে তুষাৰ আবৃত পৰ্বতৰ চূৰা ৷ আকাশত ডাঠ শুকুলা মেঘ ৷ পানীখিনি খুব চেঁচা, বেছি দেৰি নামি বা চুই খেলি থাকিব নোৱাৰি ৷ অত্যুৎসাহী বিদেশী দুজনমানে অৱশ্যে উকা গাৰেই হ্ৰদত নামি কঁপি কঁপি গা তিয়াই ধোৱা দেখিলোঁ ৷ আমি লাহে লাহে খোজ কাঢ়ি ফুৰিলোঁ হ্ৰদৰ পাৰতে ৷ ১৫০ টকা দি কৰিণা কাপুৰ ষ্টাইলত স্কুটাৰত উঠিলোঁ ৷ লাডাখী সাজত ফটোশ্বুট কৰিলোঁ ৷ লাডাখী সাজ পিন্ধি ফটো প’জ দিবলৈকো ১৫০ টকা ৷ থ্ৰি ইডিয়ট টুলত বহিবলৈ ৫০ টকা ৷

ল’ৰা ছোৱালী দুটাই ঘোঁৰা আৰু য়াকৰ পিঠিত উঠি পোন্ধৰ বিশ মিনিট হ্ৰদৰ পাৰতে টহল দিলে ৷ পেংগং ছ’তো বহু মানুহে গা বেয়া অনুভৱ কৰে ৷ গতিকে মই বৰ বেছি ৰিস্ক লোৱা নাই ৷ আন্ধাৰ ননমাৰ আগতেই হোটেললৈ বুলি উঠি আহিলোঁ ৷ বহু দেৰি হোটেলৰ বাহিৰতে বহি ৰাতিৰ আকাশলৈ চাই তৰা গণিছোঁ ৷ ৰাতিৰ আকাশত জকমকাই উঠা হাতীপটি ৷ বিশুদ্ধ বতাহ, তথাপি বতাহজাক ইয়াতো শুকান ৷ নাক মুখ জ্বলা-পোৰা কৰি উঠে ৷

চকু পুৰি চকুপানী ওলাব ধৰে ৷ মূৰত টুপি, গাত পাতল জেকেট, ভৰিত মোজা জোতা পিন্ধিছোঁ তথাপি চৰ্দী চৰ্দী অনুভৱ এটা আৰম্ভ হৈয়েই যায় ৷

চলাৰ ইলেক্ট্ৰিচিটি বাবে ইলেক্ট্ৰিচিটিৰ অতি সীমিত ব্যৱহাৰ ৷ ৰাতি সাত বজাৰ পৰা এঘাৰ বজালৈহে লাইট থাকে ৷ আকৌ এবাৰ আহে পুৱা সাত বজাৰ পৰা সাত বাজি পঞ্চলিশ মিনিটলৈ ৷ সেয়ে এই সময়খিনিতে গীজাৰত গৰম পানী ধৰি গা ধোৱা, মোবাইল কেমেৰা চাৰ্জ কৰা আদি প্ৰয়োজনীয় কামবোৰ কৰি লোৱা হয় ৷ মোবাইল চাৰ্জ কৰা হৈছে ফটোৰ বাবেহে ৷ কাৰণ পেংগং ছত একেবাৰেই নেটৱৰ্ক নাই ৷ তলত হ্ৰদৰ একেবাৰে কিনাৰতহে উপলব্ধ ৷ বাৰে বাৰে হ্ৰদৰ পৰা হোটেল, আকৌ হোটেলৰ পৰা হ্ৰদলৈ উঠা নমা কৰি থকাৰ কথা ভাবিবই নোৱাৰি ৷ অকণমান খোজ কাঢ়িলেই ভাগৰ লাগে ৷ বুকুত ধপধপনি উঠে ৷

পেংগং ছ’ৰ পাৰতো মোৰ টোপনি সেইনিশা ভাল নহ’ল ৷

বাৰে বাৰে সাৰ পাই উঠো, উশাহ ইমানেই চুটি হয় বহি দিবলৈ মন যায় ৷ পিছত যেনিবা শকত গাৰুটোকে দুমুকোট কৰি ওখ কৰি শুবলৈ যত্ন কৰিলোঁ ৷ ল’ৰা ছোৱালী দুটাইয়ো শুলেও কিবা এটা ডিষ্টাৰ্বেঞ্চত বাৰে বাৰে লৰচৰ কৰি আমনি কৰি থাকে ৷ ৰাতি তিনি বজাত উঠি নিজেও অক্সিজেন লৈছোঁ, সিহঁতকো দিছোঁ ৷

পুৱা পেংগং ছ’ৰ পাৰত সূৰ্যোদয় এটা অতি উপভোগ্য দৃশ্য ৷ খুব ভাল লাগে ৷ পৰিৱেশটো অত্যন্ত মেডিটেটিভ ৷ ৰাতিৰ আলস্য উৰি গা মন ভাল লাগি যায় ৷

পিছদিনা পুৱা পেংগং ছ’ৰ পৰা আমাৰ প্লান আছিল ৰেজাংলা ৱাৰ মেমৰিয়েল হৈ চাইনা বৰ্দাৰলৈ যোৱাৰ ৷ তাতেই আৰ্মী অফিচাৰ বন্ধুকো লগ পোৱা হ’ব আৰু লগতে হ’ব পেংগং ছ’ত নৌকা বিহাৰ ৷ কোৱা বাহুল্য যে নৌকা ভ্ৰমণ ইয়াত চিভিলিয়ানৰ বাবে নহয় ৷ আৰ্মী লাইনৰ পৰা যোৱা বাবেহে আমাক দিয়া হৈছিল, কিন্তু চোকা ৰ’দত গ্লেচিয়াৰ গলি বাটত পানী হৈ ৰাস্তা বন্ধ হোৱাৰ আশংকাত আমাৰ ৰেজাংলা ৱাৰ মেমৰিয়েল আৰু নৌকা বিহাৰ কৰা নহ’ল ৷

গতিকে আমি লেহলৈকে পোনেই ঘূৰি অহাৰ প্লান কৰিলোঁ ৷ ঘূৰি অহা বাটটো এইবাৰ চুচুল চাংলা পাছ হৈ ৷

ৰ’ডছাইড মাইলষ্টোনৰ মতে চুচুল চাংলা পাছৰ অলটিটিউড ১৭,৬৮৮ ফুট ৷ বাটত খৰস্ৰোত জুৰি, ৰং বিৰঙী ফুল, আৰু সৰু সৰু হ্ৰদ ৷ ফুলবোৰ সৰু সৰু এজাৰ বুলিয়া, কিছুমান হালধীয়া আৰু পাতল গুলপীয়া ৷

কিছুমান পাহাৰৰ বুকুত চাপৰ তৰু তৃণ ৷

তাতেই দেখিবলৈ পালোঁ ভিতৰৰ ফালে পকাই কাৰ্ভ লোৱা চুটি শিং থকা পৰ্বতীয়া হৰিণ ৷ দৰ্জীয়ে ক’লে এইবোৰ ঠাইতে হেনো বিদেশী ব্লগাৰ সকলে টেন্ট তৰে ৷ গোপনে ফিট কৰি থয় কেমেৰা ৷ কাৰণ এই পৰ্বতীয়া হৰিণবোৰৰ পিছ লয় মাউনটেইন লেপাৰ্ড অৰ্থাৎ পৰ্বতীয়া নাহৰফুটুকী বাঘবোৰে ৷ সেই ঠাইখিনিৰ পৰা আগুৱাই গৈ থাকোঁতে আমি বাটতে এখন সৰু নীলা হ্ৰদ পালোঁ ৷ হ্ৰদৰ পাৰতে চাহ মেগী পৰাঠা খাব পৰাকৈ এখন সৰু হোটেল ৷ তাতে নামি আমি প্ৰায় আধা ঘন্টা সময় নৌকা বিহাৰৰ আনন্দ ল’লোঁ ৷

তাতে বহু বিদেশীকো লগ পালোঁ ৷ ছমহীয়া কেচুৱা লৈয়ো মিনি ট্ৰাকত উঠি ভ্ৰমণ কৰি ফুৰিছে লেহ লাডাখ ৷

ছমহীয়া কেঁচুৱাটো, ব্ৰেষ্টফিড কৰি থকা তাৰ মাকজনী, খাৰদুংলা পাছৰ উচ্চতাত চাইকেল চলাই যোৱা পৰ্যটকসকলক দেখি, তেওঁলোকৰ বডি টলেৰেন্ট কেপাচিটিক অনুভৱ কৰি নিজৰ লেহুকা অৱস্থাটোলৈ পুতৌ উপজি যায় ৷

তেনেকৈয়ে লেহ লাডাখৰ বাটে ঘাটে অজস্ৰ ফটো শ্বট আদি কৰি আমাৰ গাড়ী নামি আহিল লেহলৈ, এইবাৰ ইন্দাছ নদীৰ পাৰে পাৰে ৷

The mighty Indus river !

লেহত সাধাৰণতে উপলব্ধ বৰ ধুনীয়া গছ এজোপা ৷ নাম হৈছে চাফেদা ৷ চাফেদাৰ গছ দেখিলেই দৰ্জীয়ে আমাক কয় – “দেখিয়ে মেম, লেহ কা আমাজন ফৰেষ্ট ৷“

ঘন অৰণ্য, তৰু-তৃণ, নদ-নদী, শস্য-ফচলেৰে ভৰপুৰ অসমৰ মানুহ আমি, গতিকে স্বাভাৱিকতেই ৰস পাই হাঁহি পৰোঁ ৷ দৰ্জীয়ে কোৱামতে লাডাখত চাফেদাৰ কাঠেৰেই হেনো বন্ধোৱা হয় ঘৰৰ চালি, দৰ্জা, খিৰিকী আদি ৷

লাডাখত চাফেদা কাঠৰ চাহিদা বহুত ৷

লেহলৈ ঠিক নোসোমোৱাৰ আগে আগে আমি বাটতে জিৰণি লৈ সোমালো থিকছি মনাষ্টেৰী ৷ তাতেই অকণ ৰৈ খোৱা বোৱা কৰি আমি আকৌ সোমালোহি লেহ চহৰত ৷ ইতিমধ্যে পাঁচ দিন লাডাখত কটোৱাৰ পাছত আমাৰ চিষ্টেমে হয়তো অলটিটিউডত অলপকৈ এক্নেমেটাইজ হৈছিলেই ৷ কাম কৰিবলৈ, কথা পাতিবলৈ কষ্ট অনুভৱ নকৰা হ’লোঁ ৷ শেষৰটো নিশা আৰামত লেহৰ ম’ল ৰোডত খোজ কাঢ়ি ঘূৰি ফুৰি বজাৰ-সমাৰ কৰিছোঁ ৷ ল’ৰা ছোৱালীয়েও মুকলিমনে দৌৰি ফুৰিব পৰা হ’ল ৷ ম’ল ৰোডত তিবেটিয়ান ক্ৰিষ্টেল শ্ব-পিছ, জুৱেলাৰী, গিফ্ট আইটেম আদিৰ সমাহাৰ ৷

চুইছোঁ, চাইছোঁ, লৈছোঁ ৷

মন কৰিলোঁ বেছিভাগ ব্যৱসায়ীয়েই কাশ্মিৰী আৰু তিবেটিয়ান ৷

দৰ্জীয়ে কৈছিল – তিবেটিয়ানসকলে লাডাখক খুব ভাল পায় ৷ তেওঁলোকে ইয়াত মুকলিমনে ব্যৱসায় আদি সকলো কৰে, মাত্ৰ তেওঁলোকৰ ভোটাধিকাৰহে নাই ৷ লাডাখত কোনো তিবেটিয়ানে ঘৰবোৰ এটা ফ্লৰৰ ওপৰত নবন্ধায়, কাৰণ তেওঁলোকৰ বিশ্বাস যে এদিন তিব্বত চাইনাৰ অধীনৰ পৰা আজাদ হ’বই আৰু যেতিয়াই সেইদিন আহিব তেওঁলোকে এই ঘৰ এৰি নিজৰ জন্মভূমি তিব্বতলৈ ঘূৰি যাবগৈ ৷ সেইকাৰণে অতি ডাঙৰকৈ ঘৰ নবন্ধায় ৷

শুনি অভিভূত হ’লোঁ ৷ তেওঁলোকৰ আজাদীৰ ইচ্ছাত অন্তৰেৰে এটা শুভেচ্ছা জনালোঁ ৷

পিছদিনা আমাৰ ফ্লাইট ৷

গতিকে পুৱাৰেপৰাই দৌৰা দৌৰি ৷ পিছে চিকিউৰিটি চেক ইন হোৱাৰ পিছত নিৰ্দিষ্ট গেটত সোমাইছোঁ মাত্ৰ তেতিয়াই গম পালো দিল্লীৰ পৰা লেহলৈ আহি থকা আমাৰ ফ্লাইটখন লেহত নামিবই নোৱাৰিলে অতিমাত্ৰা উষ্ণতাৰ বাবে ৷ ফ্লাইটখন ডাইভাৰ্ট হৈ গুচি গ’ল ৷ কান্দিবলৈ বাকী মাত্ৰ ৷ তাৰপাচত খবৰ আহিল আমাৰ পিছৰ আটাইকেইখন ফ্লাইটেই ডাইভাৰ্ট হৈছে ৷ অগত্যা আমি আকৌ ৰোড জাৰ্ণি কৰাৰেই সিদ্ধান্ত ল’লো ৷ লেহৰ পৰা এতিয়া by road দুটা পথ ৷ এটা হ’ল লেহৰ পৰা ৰহটাং পাছ মানালী হৈ দিল্লী (প্ৰায় ৯৩৫ কিঃমিঃ), আনটো আকৌ অহা বাটেই লেহৰ পৰা কাৰ্গিল ড্ৰাছ হৈ শ্ৰীনগৰ (প্ৰায় ৪১৮ কিঃমিঃ) ৷ হাতত সময় কম বাবেই ৰহটাং পাছ হৈ যোৱাৰ লোভটো এইবাৰলৈ সামৰি অহা বাটেই উভতি যোৱাৰ সিদ্ধান্ত ল’লো ৷ দৰ্জীক কৈ নতুনকৈ আকৌ গাড়ী এখন বুকিং কৰিলোঁ ৷

উভতনি বাটতহে যে আটাইতকৈ বেছি ৰোমাঞ্চকৰ অভিজ্ঞতাটো আমালৈ ৰৈ আছিল আমি কল্পনাও কৰা নাছিলোঁ ৷ দ্য মুনলেণ্ড বুলি জনাজাত লামায়ুৰুত হঠাতে ডাৱৰৰ বিস্ফোৰণ ঘটিল ৷ যাৰ ফলত হঠাতে পাহাৰত খহি নামিল প্ৰবল সোঁতত বানপানী ৷ সেই সোঁতত

লামায়ুৰুৰ বাট ছিঙিল ৷ পথ ৰূদ্ধ হোৱাত ৰৈ গ’ল শাৰী শাৰী টুৰিষ্টৰ গাড়ী ৷ আগত বাট অনিৰ্দিষ্ট সময়লৈ বন্ধ বুলি জানিব পাৰি গাড়ী ৰাস্তাৰ কিনাৰতে ৰখাই দিলে ড্ৰাইভাৰে ৷ লামায়ুৰুত BRO ৰ গাড়ীয়ে হেনো ইতিমধ্যে কামত লাগি গৈছে, আৰু আমি অপেক্ষা কৰিব লাগিব তেওঁলোকে road ক্লিয়েৰেঞ্চ নিদিয়ালৈকে ৷ নতুবা বেলেগ বাট ল’ব লাগিব ৷ সেইটো বাটত আকৌ যোগ হ’ব এক্সট্ৰা আৰু ৩০ কিঃ মিঃ ৷ এইবাৰ কেইবাখনো অন্য টুৰিষ্ট গাড়ীৰ লগত আমি একেলগ হ’লোঁ ৷ যাতে কোনেও ঠগিব নোৱাৰে ৷ যদিও লাডাখি লোকসকল বৰ ভদ্ৰ তথাপি আমি সাৱধান হ’লো ৷ আমি ৰৈ থকাতকৈ দীঘল বাটটোকেই লোৱাতো উত্তম হ’ব বুলি ভাবিলোঁ ৷ ৰাস্তা মসৃণ যদিও ঠেক ৷ ঘনে ঘনে খুব চাৰ্প টাৰ্নিং ৷ তলত উত্তাল সোতত ইন্দাছ নদী ৷ ভয়তে বাওঁফাললৈ চাবলৈকে বাদ দিছোঁ ৷ কেনেবাকৈ পৰিব লাগিলে মৃতদেহ পাকিস্তান পাবগৈ যে সেয়া নিশ্চিত ৷ নতুবা কেনেবাকৈ জীয়াই থাকিলেও চিক্ৰেট এজেন্ট বুলি পাকিস্তানত চিৰকাল বন্দী হোৱাটোও নিশ্চিত ৷

ঐশ্বৰ্য্য ৰায় ৰণদ্বীপ হুদা অভিনীত চৰবজীত চিনেমাখনৰ কাহিনী, দৃশ্যাংশৰ কথা পাতি ভয় লগা অনুভৱ এটা বুকুত লৈ আহি আছোঁ ৷

ভয় লাগিলেও ৰোমাঞ্চকৰ এটা অভিজ্ঞতা ৷

লাডাখত বৰষুণ কম কথা জানো !

ফেমাছ ট্ৰেভেল ব্লগাৰ কনিষ্ক গুপ্তাৰ কথা এটা মনলৈ আহিল ৷ এটা পপুলাৰ ভিডিঅত তেওঁ কৈছে, যদি আপুনি লাডাখত গৈ বৰষুণ পাইছে তেতিয়াহ’লে আপুনি সৌভাগ্যশালী ৷ লাডাখত বছৰত কেইটামান দিনহে বৰষুণ দিয়ে (সম্ভৱতঃ মাত্ৰ তেৰ দিন) ৷ আৰু সেয়া আগষ্ট মাহত আৰম্ভ হয় ৷ অতিপাত উষ্ণতাত প্লেন ডাইভাৰ্টৰ দুৰ্ভাগ্যত লাডাখৰ বৰষুণত তিতাৰ সৌভাগ্যও জুলাইতে হ’ল আমাৰ ৷

বছৰটোৰ প্ৰথমজাক বৰষুণ, তাকো ডাৱৰৰ বিস্ফোৰণত ৷

মনটো আনন্দেৰে ভৰি পৰিল ৷

বাটতে কেইবাটাও খৰস্ৰোত জুৰি দেখিলোঁ ৷ দেখিলোঁ কেইবাখনো সেউজীয়া ঘেঁহু খেতিৰ পথাৰ, এপ্ৰিকট ফলৰ বাগান ৷ লাডাখ মালভূমিত এয়াটো সেউজীয়া অৰণ্যই ৷

কিন কিনিয়া বৰষুণজাক মূৰত লৈয়েই নামিলোঁ ৷ পৰ্যটক বুলি জানি খেতিয়কে নিজ হাতেৰেই ছিঙি দিলে এপ্ৰিকট ফল ৷ বিনিময়ত বহুত জোৰ কৰাৰ পিছতো তেওঁ এটকাও নল’লে ৷ আৰু তেনেকৈয়ে লাডাখ মালভূমিৰ ওখ ওখ পৰ্বতৰ সেই ৰোমাঞ্চকৰ ৰং, মৰুময় সমতল ভূমি, এঁকা বেঁকা বাট আৰু উচ্চতাই দিয়া অভিজ্ঞতাৰ লগতে স্মৃতিত অকপটে যোগ হ’ল লাডাখীৰ সৰল সুন্দৰতা ৷

ড্ৰাইভাৰ দৰ্জীয়ে ৰোপন কৰিবগৈ বুলি গৃহস্থৰ হাতত তুলি দিছিলহি চাফেদাৰ ত্ৰিশটাকৈ ডাল ৷ ভাৰতৰ বিভিন্ন ঠাই ভ্ৰমণ কৰিছোঁ ৷ চাউথ ইণ্ডিয়ালৈ গ’লে যেনেকৈ সুৰক্ষিত অনুভৱ কৰোঁ তেনেকৈয়ে সুৰক্ষিত অনুভৱ কৰিলোঁ লাডাখতো ৷ কোনোবা এখন ৰেষ্টোঁৰাত ৱেইটাৰে মোবাইল এটা হাতত লৈ সকলোকে সুধি ফুৰি আছিল মোবাইলটো কাৰ বুলি ৷ এটা পইন্টত গাড়ীৰ ভিতৰত মোবাইলটো হঠাতে বিচাৰি নাপাই আমাৰ বান্ধৱী অধৈৰ্য হোৱাত দৰ্জীয়ে নিশ্চিতি দিছিল –

“একো কথা নাই মেডাম, অলপ পিছতেই কোনোবাই পালেই লাডাখ ইন দ্য মেডিয়াত আপলোড দি দিব ৷ আপোনাৰ একোৱেই নেহেৰায় লাডাখত ৷“

একো নেহেৰায় লাডাখত !!!

অচিনাকি ঠাই এখনলৈ ফুৰিবলৈ গ’লে ইয়াতকৈ বেছি আৰু নিৰাপত্তাজনক কথা কি হ’ব পাৰে ?

সঁচা অন্তৰেৰে বিৰবিৰাই উঠিলোঁ –

“আই লাভ ইউ লাডাখ ৷ আই লাভ ইউ ৷“

 

(সাদিনত তিনিটা খণ্ডত পূৰ্বে প্ৰকাশিত – 18/08/2024, 25/08/2024, 01/09/2024)

Scroll to Top