সেইদিনাও য়াছিৰে নিজৰ ঘৰৰ বাগানৰ পৰা ছিঙি অনা পিষ্টাচীঅ’ কেইটামান নাফিছাৰ হাতত লুকাই চুৰকৈ তুলি দিছিল ৷
সি তাইলৈ চাই কৈছিল –
“এইকেইদিন স্কুললৈ নাযাবা দেই ৷ যিকোনো ঘটনাই ঘটিব পাৰে ৷ পৰিস্থিতি বৰ ভয়ংকৰ হৈ পৰিছে ৷“
নাফিছাই তাৰ চকুলৈ চাই বাধ্য ছোৱালী এজনীৰ দৰে মূৰটো দুপিয়াই দিছিল মাত্ৰ ৷তাৰ কেইদিনমান আগৰপৰাই নাফিছাৰ স্কুললৈ যোৱাটো বন্ধ কৰি দিছিল মাকে ৷ নাফিছাৰ প্ৰথমতে বেয়া লাগিছিল ৷ দুপৰীয়াবোৰত খিৰিকীমুখত থিয় হৈ তাই বাহিৰলৈ চাই আকাশ পাতাল ভাবি ৰৈছিল ৷ তাই ভাবিছিল- বান্ধবীসকলৰ কথা ৷ তাই ভাবিছিল- একেলগে আলু ৰুটি ভগাই খোৱা স্কুলৰ সেই জিৰণিবেলাৰ কথা, আৰু শ্বাবানা ৰাজিহঁতৰ লগত ফুচফুচাই পতা শেষ নোহোৱা কথাবোৰৰ কথা ৷
য়াছিৰৰ আগত দুখ কৰোঁতে সি তাইক বুজাই দিছিল কথাবোৰ ৷
“চিৰিয়াৰ মূল চহৰবোৰত ক্ৰুব্ধ আছাদ চৰকাৰে সঁচাকৈয়ে সৈন্য নমাই দিছে নাফিছা —“
ৰাস্তাত শাৰি শাৰি সৈন্যৰ টেংকাৰ আৰু গাড়ী ৷ যাকেই পাইছে তাকেই হেনো বিদ্ৰোহী সজাই উঠাই নিছে সেনাই ৷
নাফিছাই জানিছিল, য়াছিৰে এক শতাংশও মিছা কোৱা নাই ৷
ঘৰত দেউতাক-মাকে গুণগুণাই পতা কথাবোৰ শুনিছে তাইয়ো ৷ দেশৰ ৰাষ্ট্ৰপতি বাছাৰ আল আছাদৰ বিৰূদ্ধে হাতত হেনো বন্দুক তুলি লৈছে চিৰিয়াৰ সাধাৰণ জনতাই ৷ মানুহবোৰে বিশেষ কেইটামান সংগঠনৰ লগত যোগ দি লুকাই চুৰকৈ চৰকাৰৰ বিৰোধিতা কৰিবলৈ ধৰিছে ৷
চৰকাৰী ভাষাত তেওঁলোক হেনো এতিয়া সন্ত্ৰাসবাদী ৷ AK 47 কে ধৰি অত্যাধুনিক মাৰণাস্ত্ৰৰে তেওঁলোক সজ্জিত ৷ এনেকুৱা অস্ত্ৰ হেনো স্বয়ং চিৰিয়াৰ চৰকাৰী সৈন্যৰ হাততো নাই ৷
“ক’ৰপৰা পালে তেওঁলোকে এইবোৰ অস্ত্ৰ ?“
গভীৰ বাদামী ভ্ৰু দুযোৰ তুলি নীলা চকু দুটা ডাঙৰ কৰি সুধিছিল নাফিছাই ৷ উত্তৰত য়াছিৰে এবাৰ ইফালে সিফালে চাইছিল ৷ হয়তো তাইৰ মাক ক’ৰবাত কাষে পাজৰে আছেই নেকি তাৰ উমান লৈছিল ৷ মাকক ক’তো নেদেখি সি ঘপকৈ একেবাৰে কাষলৈ আহি গুণগুণকৈ তাইৰ কাণতে কৈছিল –
“শুনিছোঁ সেই অস্ত্ৰবোৰ USA য়ে লুকাই চুৰকৈ তুলি দিছে তেওঁলোকৰ হাতত ৷ কিন্তু লোকচক্ষুৰ আগত তেওঁলোকেই ISIS ৰ বিৰোধী অভিযানতো নামিছে ৷ আৰু তুমি জানা নাফিছা— “
সি আৰু কিবাকিবি কৈছিল ৷
বাকী কথাবোৰ বুজিলেও, তাহাঁতৰ দেশৰ গৃহযুদ্ধত USA নতুবা ধৰ্মৰ ভিত্তিত কিছুৱে ৰাষ্ট্ৰপতি আছাদৰ সপক্ষে কিছুৱে বিপক্ষে যোৱা কথাটো তাই মুঠেও বুজিব পৰা নাছিল ৷ য়াছিৰে বুজাওতেও আনকি তাই বুজি পোৱা নাছিল ৷ তাই মাত্ৰ বুজিছিল –
য়াছিৰৰ সেই এটি পলৰ ঘনিষ্ঠতাই তাইৰ বুকুখনত জোৰকৈ ধপধপনি এটা তুলিছিল ৷ গাল দুখন তাইৰ গৰম হৈ পৰিছিল হঠাতে ৷
তাইৰ বুকুখন দেখা পোৱা হোৱাৰে পৰাই মাকে তাইক পুৰুষৰ পৰা আঁতৰত থাকিবলৈকে পৰামৰ্শ দিছিল সদায় ৷ আনকি ল’ৰালিৰে বন্ধু য়াছিৰৰ পৰাও ৷ তপত পকা বেলিটোৰ দৰে ৰঙা পৰি যোৱা নাফিছাৰ মুখখনলৈ চাই য়াছিৰে হাঁহি হাঁহি কৈছিল –
“কথাটোৱেই তেনেকুৱা আছিল নাফিছা যে মই তোমাৰ কাণে কাণেই ক’বলগীয়া হ’ল ৷ বেলেগ একো নাই –“
লাজত তলমূৰ কৰিছিল নাফিছাই ৷
য়াছিৰে মিছা কোৱা নাই ৷ এইখন দেশত কথাবোৰেই তেনেকুৱা যে বেৰখনে শুনিলেও যেন কিবা অঘটন ঘটিব ৷
সৌ সিদিনাৰ কথা মাত্ৰ ৷
কোনোবা ছাত্ৰই চৰকাৰবিৰোধী শ্লোগান লিখিছিল স্কুলৰ দেৱালত ৷ সোধাপোচা কৰিও শ্লোগান লিখা ছাত্ৰজনৰ একো শুংসুত্ৰ উলিয়াব নোৱাৰাত পুলিচে স্কুলৰ ল’ৰা সোপাকে উঠাই নিছিল ৷
কাৰোবাক স্কুলৰ পৰাই ৷
কাৰোবাক ভাতৰ পাতৰ পৰা ৷
কোনোবাটোক পুৱতি নিশা আধা টোপনিৰ পৰাই ৷
ল’ৰাবোৰক বিচাৰি গ’লে পুলিচবোৰে ঘৰৰ মানুহক গালি-গালাজ কৰি পঠিয়াই দিছিল –
“তহঁতৰ মাইকী নাই নেকি ঘৰত ? যা, এইটো ল’ৰাৰ কথা পাহৰি যা ৷ আকৌ ল’ৰা জন্ম দিবিগৈ ৷ আৰু নোৱাৰিলে, তহঁতৰ মাইকীবোৰকেই আমাৰ ইয়ালৈ পঠিয়াই দিবি বুজিছ ৷“
ছিঃ ছিঃ !
ঘৰৰ ভিতৰলৈ আহি লুকাই চুৰকৈ সমস্ত ঘৃণাৰে থুৱাইছিল নাফিছাৰ মাকেও ৷ তেওঁ হিজাবখনেৰে মুখখনক সেইদিনা অকণমান বেছিকৈ ঢাকি লৈছিল ৷ তাৰ দুদিন পিছতেই শুনিবলৈ পোৱা গৈছিল, ল’ৰাবোৰক হেনো পুলিচে এৰি দিছে ৷ কিন্তু তেওঁলোক খোজকাঢ়িব নোৱাৰাকৈ কোঙা হৈ পৰিছে ৷ তেওঁলোকৰ মূৰ, হাত, ভৰিত বেণ্ডেজ ৷ শৰীৰৰ কোমল বগা মঙহবোৰত সৰ্বত্ৰে ক’লা পৰা গভীৰ দাগ ৷
তেওঁলোকৰ আঙুলিবোৰ বন্ধা আছিল ৷
নাফিছাই স্পষ্টকৈ শুনিছিল, আঙুলিবোৰত হেনো নখেই নাছিল ৷ নখবোৰ হেনো এটা এটাকৈ উঠাই দিয়া হৈছিল ৷ তেওঁলোকক নাঙঠ কৰি ওলোটাকৈ বান্ধি কোবোৱা হৈছিল ৷
যন্ত্ৰণাত ভিতৰি শিয়ৰি উঠিছিল নাফিছা ৷
তাই আল্লাহক দোৱা কৰিছিল ৷ ধন্যবাদ জনাইছিল ৷
অন্ততঃ চহৰৰ পৰা আঁতৰত, এই নিৰ্জন গাঁৱত তাহাত নিৰাপদে আছিল ৷ তাইৰ মাক-দেউতাক, য়াছিৰ, য়াছিৰৰ দেউতাক ইয়াত নিৰাপদে আছিল ৷
“কিন্তু কিমানদিনলৈ ?“
এটা অশান্ত, অনিশ্চিত প্ৰশ্ন ৷
উত্তৰ নাছিল নাফিছাৰ ৷ উত্তৰ নাছিল য়াছিৰৰো ৷
পিষ্টাচীঅ’ কেইটা তাইৰ হাতত গুজি দি, প্ৰখৰ ৰ’দজাক মূৰত লৈয়েই সি গুচি গৈছিল ৷ সি গুচি যোৱা সম্ভৱ আধা ঘন্টাও হোৱা নাছিল, সেই ভৰ দুপৰীয়া বেলাতেই এটা বিকট শব্দত তাহাঁতৰ সৰু গাৱখনো কঁপি উঠিছিল ৷ এবাৰো পাখি নোকোবোৱাকৈ বতাহত আলাসত উপঙি থকা চিকাৰি ঈগল চৰাইবোৰ নিমিষতে অন্তৰ্ধান হৈছিল ৷ নাফিছাই ঘৰৰ একোণত থিয় হৈ থকথককৈ কঁপি থাকোঁতে সমান্তৰালকৈ সৰু খিৰিকীখনৰ কাঁচ কঁপি উঠিছিল আৰু চকুৰ আগত সেইখন পৰি চুচুৰ্মৈ হৈ গৈছিল ৷ ক’ৰবাৰ পৰা ঢাপলি মেলি সোমাই আহিছিল মাক ৷ দেউতাকো পথাৰৰ পৰা দৌৰাদৌৰিকৈ আহি সোমাইছিলহি ৷
তেওঁ কম্পিত স্বৰত কৈছিল –
“নাফিছাহঁতৰ স্কুলৰ ওপৰত এয়াৰ ষ্ট্ৰাইক হৈছে ৷“
চেঁপা চিঞৰ এটাৰে নাফিছাক উশাহ ল’ব নোৱাৰাকৈ সাবটি চেপি ধৰিছিল মাকে ৷ নাফিছাইয়ো যেন দেখি গৈছিল –
স্কুলৰ ছালিখন উৰি গৈছে হঠাতে ৷
টেবুল ডেস্কৰ তলত হেচা থেলাকৈ পাণ জপাদি এজাপ ছোৱালি জাপ খাই গৈছে ৷ আটাইতকৈ ওপৰত থকা ছোৱালী দুজনীৰ ছিঙি যোৱা ভৰিৰ পৰা স্কুলৰ মজিয়াত ৰঙা নদী এখন যেন বৈ গৈছে ৷
তাৰপাছত – কেৱল আৰ্তনাদ আৰু দৌৰা ধপৰা !
নাফিছাৰ সৰ্বশৰীৰ যেন চেঁচা পৰিছিল ৷
সেই দুদিনতে নিজান গাঁৱখনৰ পদপথ সৰৱ হৈ উঠিছিল ৷ চাৰিওফালে সৈন্যৰ কুচ কাৱাজ, ক’ৰবাত বোমাৰ বিকট শব্দ, কাৰোবাৰ মৰণকাতৰ আৰ্তনাদ ! আৰু নাফিছাহঁতৰ বাবে ?
কেৱল নিশ্চিতিহীন গৃহবন্দীত্ব ৷ সেই নিশ্চিতিহীন সকলোবোৰৰ মাজত নিশ্চিতি আছিল কেৱল মৃত্যুৰ ৷
নহয় বন্দুকৰ গুলিত, নতুবা ভোকত ৷
গৃহবন্দী হৈ থকা তৃতীয় নিশাটোত দেউতাকে কৈছিল –
“দামাস্কাছ এলেপ্পৰ দৰে চহৰৰ ধনী বাসিন্দাসকলো এতিয়া আনৰ দেশৰ শৰণাপ্ৰাৰ্থী হৈছেগৈ ৷ আমিও যাব লাগিব ৷ অন্ততঃ নাফিছাৰ বাবেই আমি যাব লাগিব ৷“
য়াছিৰৰ দেউতাকেও একেই সিদ্ধান্ত লৈছিল ৷ কিন্তু সমস্যা হৈছিল য়াছিৰক লৈ ৷ মৃত মাকৰ স্মৃতি বিজড়িত ঘৰ, খেতি, বাগান এৰি কাপুৰুষৰ দৰে কলৈকো পলাই নাযায় বুলি সি একপ্ৰকাৰ জেদ ধৰিছিল ৷ নাফিছাই তেতিয়া ভাবিছিল- তাইয়ো নাযায় ৷
কিন্তু ভিতৰি তাই শুব পৰা নাছিল ৷ খাবও পৰা নাছিল ৷
তাই য়াছিৰৰ চিন্তাতেই ডুবি ৰৈছিল ৷
য়াছিৰক যদি পুলিচৰ মানুহে উঠাই লৈ যায় ?
য়াছিৰৰ নীলা পৰা শৰীৰ, নখবিহীন আঙুলি —
তাই আৰু একো ভাবিব পৰা নাছিল ৷ মাকে কাপোৰ-কানি, খাদ্য সামগ্ৰীৰ টোপোলাবোৰ বান্ধি থাকোঁতেই নাফিছা মনে মনে ওলাই আহিছিল ঘৰৰ পৰা ৷ পিষ্টাচীঅ বাগান য’ত আৰম্ভ হৈছে তাতেই লুকাই চুৰকৈ লগ কৰিছিল তাই য়াছিৰক ৷
গ্ৰীষ্মকালীন দুপৰীয়াটোৰ ৰ’দজাক সেইদিনাও প্ৰখৰ আছিল ৷
দেই পুৰি নিয়া ৰ’দজাক মূৰত লৈ ওখ দেৱালখনৰ চুকৰ ছাঁ পৰা ঠাই এটুকুৰাত সিহঁতহাল থিয় হৈ ৰৈছিল ৷
তাই কৈছিল –
“তুমিয়ো লগত আহিবই লাগিব য়াছিৰ ৷ তুমি নগ’লে মইয়ো কলৈকো নাযাওঁ ৷ মই লাগিলে ইয়াতেই মৰি যাম ৷“
তাই কান্দিছিল ৷ সিও কান্দিছিল লগতে ৷
তাৰপাছত- বহুপৰলৈ মূক স্তব্ধ হৈ ৰৈছিল দুয়ো ৷ ৰ’দজাকে নিমিষতে ঘাম আৰু চকুলোকো দুগালতে শুকুৱাই পেলোৱাৰ উপক্ৰম কৰিছিল ৷
এৰা ৷ তাহাঁতে ভাল পাইছিল ইটোৱে আনটোক ৷
সৰুৰে পৰা একেলগেই ডাঙৰ হৈছে ৷
এতিয়া বিচ্ছেদ কেনেকৈ সহ্য কৰে !
কোন কাৰ সতে যুদ্ধত নামিছে তাহাঁতে নাজানে ৷
অদূৰত হেনো গাওঁবোৰো খালি হৈ গৈছে ৷ মানুহবোৰে হেনো বেছিভাগেই গ্ৰীচ নতুবা জাৰ্মানীত আশ্ৰয় বিচাৰিছেগৈ ৷
কি ধনী ! কি দুখীয়া !
খেতি পথাৰ খালি হৈ গৈছে ৷ খৰাং বতৰে তৰাং কৰা পথাৰবোৰ ধুলিয়ৰী ৷ ইউফ্ৰেট নদী শুকাই গৈছে ৷ কপাহ গছবোৰ নিশকতীয়া হৈ পৰিছে ৷ তাহাঁতৰ ওপৰত চৰকাৰ ক্ষুব্ধ ৷ প্ৰকৃতি ক্ষুব্ধ ৷
আৰু কি বাকী আছিল ? একো নাই ৷ একো নাই ৷
সি সেইদিনা ঘন ঘনকৈ চিগাৰেট হুপিছিল আৰু ক্ষোভত কঁপি কঁপি কৈছিল – “চাবা নাফিছা ৷ এদিন মই বন্দুক চলাম ৷ ক্ষমতাৰ লোভত বলীয়া ৰাষ্ট্ৰপতি আছাদক মই মোৰ হাতে সজা বন্দুকেৰে হত্যা কৰিম ৷“
মাকৰ সকলো হকা বাধা পাহৰি তাই য়াছিৰক সেইদিনা সাবটি ধৰিছিল৷
“নক’বা য়াছিৰ, নক’বা ৷ তোমাক সন্ত্ৰাসবাদী বুলি সন্দেহতে সিহঁতে উঠাই লৈ যাব ৷ মই কেনেকৈ জীয়াই থাকিম ?“
সিয়ো এহাতেৰে তাইক সাবটি ধৰিছিল ৷
মুখেৰে একো মতা নাছিল সি, কিন্তু, তাৰ গোঁফৰেখাৰ তলৰ ছালখনৰ তীব্ৰ সংকোচন কমি আহিছিল ৷ চাৰ্টৰ তলৰ বুকুখনৰ উঠা নমা ধিম হৈছিল ৷ য়াছিৰ ক্ষান্ত হৈছিল ৷
তাৰপাছত —
এটা অনিশ্চিত যাত্ৰা আৰম্ভ হৈছিল তাৰ্কিলৈ ৷
বাটত নাফিছাহঁতৰ গাড়ীখন হঠাতে ৰৈ গৈছিল ৷
সন্মুখত ক’লা পতাকা লৈ তেতিয়া আগুৱাই আহি আছিল এটা সমদল ৷ তাত অগণন মানুহ ৷ মানুহবোৰৰ মাজে মাজে লুকাই খোজ কাঢ়ি গৈ থকা ক’লা পোচাক পিন্ধা মানুহবোৰৰ হাতৰ অস্ত্ৰবোৰৰো অৰ্ধেক দেখা পোৱা গৈছিল ৷ নাফিছাই বুজিছিল, সেয়াই AK 47–
তেওঁলোকে চিঞৰিছিল – “আল্লাহু আকবৰ ৷“
নাফিছাহঁতে হিজাবেৰে মুখ ঢাকি নিজক লুকুৱাবলৈ চেষ্টা কৰিছিল ৷ কিন্তু-
সৈন্যৰ দল আৰু মানুহবোৰৰ মাজত হঠাতে গুলিয়াগুলি আৰম্ভ হৈ গৈছিল ৷ ক’ৰবাত বোমা ফুটিল ৷ গাড়ীৰ কাঁচ ভাঙি চুৰমাৰ হৈছিল ৷ মানুহবোৰ মাটিত চুচৰিব ধৰিছিল ৷ তাইৰ হাতখনত টানকৈ মুঠি মাৰি ধৰি থকা মাকৰ হাতখনো তেতিয়াই বিছিন্ন হৈ গৈছিল ৷ চাৰিওফালে তেজ, কেৱল ৰঙা তেজ ৷ ছিন্ন হাত, ছিন্ন ভৰি, ধপধপ কৰি থকা ওলাই পৰা কলিজা, জৰীৰ দৰে মেৰ খাই থকা নাড়ীভুৰু, ৰক্তাক্ত মুখ, হালধীয়া পানী —
এইবোৰৰ মাজত মাক ক’ত ? মাক ?
নাছিল ৷ ক’তো নাছিল ৷ ক’তোৱেই নাছিল ৷
আছিল মাত্ৰ এটা ভয়ংকৰ চেঁচা নিস্তব্ধতা ৷
নাফিছাই জোৰকৈ চকু মুদি দিছিল ৷ আৰু ঠিক তাৰপৰাই পুনৰ আৰম্ভ হৈছিল – অন্তহীন অনিশ্চিত যাত্ৰা ৷
দিনৰ ভাগত শিলাময় পাহাৰ আৰু মৰুস্থলৰ শুকান তপত উত্তাপ বতাহত, মূৰত প্ৰচণ্ড ৰ’দ আৰু পেটত ক্ষুধা —
তথাপি তাহাঁত খোজ কাঢ়িয়েই আগুৱাই গৈছিল ৷
জীৱনৰ কোনো ভৰসা নাছিল ৷ ভৰসা নকৰাকৈয়ো নাফিছা জীয়াই আছিল ৷ য়াছিৰ, য়াছিৰৰ দেউতাক আৰু তাইৰ দেউতাকো জীয়াই আছিল ৷
তাৰ্কিত শৰণাৰ্থীৰ সংখ্যা ইমানেই বেছি হৈছিল যে নাফিছা হেৰাই যাব বুলি ভয়তে দেউতাক নহ’লে য়াছিৰে তাইৰ হাতখন টান এটা মুঠিত আবদ্ধ কৰি ৰাখিছিল অহৰহ ৷
খাবলৈ আহাৰ নাছিল ৷ পিবলৈ পানী নাছিল ৷
সকলোতে লাইন ৷ কেৱল দীঘল দীঘল, অন্তহীন লাইন ৷
এঘোট পানীৰ বাবে, থিয় হৈ থকা এক ইঞ্চি ঠাইৰ বাবে তাহাঁত মৰিয়ামৰি কৰিছিল ৷ ঠেলাঠেলি কৰিছিল ৷ মানুহবোৰে ঘৃণাৰে চাইছিল ইটোৱে আনটোক ৷ তাৰপিছত একেই কাৰুণ্যতা ৷ কোনোবাই উচুপিছিল ৷ কোনোবা শিশুৱে টেঁটুফালি কান্দিবলৈ ধৰিছিল ৷ তাৰপিছত আটাইবোৰ শিশুৱে সমস্বৰে কোৰাছ জুৰিছিল ৷ মাকবোৰে শুকান পিয়াহ চেপিও কেচুৱাৰ ক্ষুধা আঁতৰাব নোৱাৰি আল্লা বুলি কৰুণ সুৰত কান্দি উঠিছিল ৷
কিন্তু নাছিল ৷ ৰক্ষক ক’তো নাছিল ৷
আৰু নাফিছা নিজেই ?
দেউতাকে তাইৰ হাতত ব্ৰেড এটুকুৰা গুজি দিওঁতে মল-মূত্ৰৰ উৎকট গোন্ধটো তাইৰ নাকত লগা নাছিল ৷ গোগ্ৰাসে গিলিছিল মাত্ৰ ৷ পেটৰ ভোকৰ তাড়না ইমানেই তীব্ৰ আছিল যে সেইসময়ত মাকৰ ছিন্ন হাতখনো তাইৰ মনলৈ অহা নাছিল ৷
আৰু য়াছিৰ ?
তাই তিতি পৰা দুচকুৰে মূৰ তুলি চাইছিল ৷
সি বৰষুণত তিতিবুৰি থিয় হৈ ৰৈছিল তেতিয়াও ৷ এখন সুৰক্ষিত আশ্ৰয়স্থান পাবলৈ যে ফৰ্ম ফিল আপ কৰিব লাগিব ৷ আৰু ফৰ্মখনৰ বাবেই সি সদায় ৰ’দ বৰষুণ মূৰত লৈ লাইনত থিয় দি ৰ’বলগীয়া হয় ৷ কেতিয়াবা গোটেই দিন থিয় হৈ থাকিলেও লাইন নকমে ৷ যিমান সোনকালে উঠিলেও সি আবেলিলৈকেও প্ৰতিদিনেই পিছতেই থিয় হৈ ৰৈছিল ৷ নাফিছাৰ এনে লাগিছিল- এই লাইনত আগত থাকিবৰ বাবেই যেন মানুহবোৰে থিয়ৈ থিয়ৈ শুই ৰাতিটো পুৱাই দিছিল ৷
সপ্তম দিনা য়াছিৰ হাঁহি মুখে উভতি আহিছিল ৷ তাৰ হাতত ফৰ্মখন আছিল, যি নাফিছাহঁতক লৈ যাব গ্ৰীচলৈ ৷
এই নৰককুণ্ডৰ পৰা আঁতৰলৈ ৷
এইবাৰ ৰাবাৰৰ নাৱেৰে পুনৰ যাত্ৰা আৰম্ভ হৈছিল গ্ৰীচলৈ ৷
সাগৰৰ পানীৰ সোঁতৰ বিপৰীতে বঠা মৰা দেউতাক, য়াছিৰ আৰু য়াছিৰৰ দেউতাকৰ হাতখন ৰঙা পৰি যোৱা তাই আন্ধাৰতো, আধা টোপনিটো অনুমান কৰিছিল ৷ নিশাৰ সাগৰীয় বতাহজাক ঠৰঙা আৰু চেঁচা আছিল ৷ গালবোৰ কুঁৱলীত তিতিছিল সকলোৰে ৷ টোপনিত তেওঁলোকৰ হাতৰ বঠাপাত মাজে মাজে ৰৈ গৈছিল ৷ যেতিয়া নাওঁখন টুলুঙা হৈ উটি যাবলৈ ধৰিছিল তেতিয়া তাই দেউতাকৰ হাতত ধৰি দুৰ্বল সুৰত মাতিছিল –
“আব্বু আব্বু“
নতুবা “য়াছিৰ—“
যাৱতীয় পেপাৰ পত্ৰ সকলোতে চহী কৰি সিহঁত খোজ পেলাইছিল এখন নতুন দেশত ৷ এটা নতুন জীৱন, এটা নতুন ঠিকনা গ্ৰীচত ৷ এইখন দেশৰ চাৰিওফালে কেৱল সাগৰ আৰু দ্বীপ ৷ দ্বীপ আৰু সাগৰ ৷ ওপৰত নীলা আকাশ ৷ তলত নীলা সাগৰ ৷ একে ৰঙত একাকাৰ ৷
ঠিক য়াছিৰ আৰু নাফিছাৰ দৰে ৷
কিন্তু সাগৰ আৰু আকাশৰ দৰে প্ৰেমৰ নীলাত নহয়, ভোকৰ মলিয়ন ৰঙত সিহঁত একাকাৰ হৈছিল ৷
আশ্ৰয় স্থলৰ অৱস্থা ইয়াতো শোচনীয় ৷ তম্বুঘৰবোৰ সেই একেই জৰাজীৰ্ণ, বৰণ এৰোৱা নীলা প্লাষ্টিকৰ ছালি, শিশুৰ ক্ৰন্দন, ৰুগীয়া মানুহবোৰৰ কুহুৰ কুহুৰ কৈ কাহি থকা শব্দ—-
অন্তহীন দীঘল লাইনবোৰ ইয়াতো আছিল ৷
খাবৰ বাবে, পিবৰ বাবে, প্ৰাতঃকৰ্মৰ বাবে —
মুঠতে সকলো কামৰ বাবে দীঘল দীঘল লাইন ৷ মলিয়ন কাপোৰ, মলিয়ন মুখৰ হাড়ে ছালে লগা মানুহবোৰে একোখন ৰুটীৰ বাবে কুকুৰৰ দৰে কাজিয়া কৰিছিল ৷
প্ৰাতঃকৰ্মৰ বাবে লাইন ইমানেই দীঘলীয়া হৈছিল যে শিশুবোৰক মাকবোৰে কোনো কোণত বহুৱাই মল ত্যাগ কৰিবলৈ এৰি দিছিল ৷ সেই মলবোৰ শুকান বিষ্ঠাৰ গুৰি হৈ বতাহত ধূলি হৈ উৰি ফুৰিছিল ৷ ভেনামাখিবোৰ তাত আনন্দত বলিয়া হৈছিল ৷
কালযক্ষ্মা, গ্ৰহণী, জন্দিচত মানুহবোৰ ক্ৰমান্বয়ে শেঁতা হালধীয়া বৰণ হৈছিল ৷ শিশুবোৰ ঘনাই মৰিছিল ৷ কোলাৰ এমহীয়া দুমহীয়া শিশুবোৰ মৰি গ’লে নাফিছাই ভাবিছিল –
“কেৱল এমহীয়া ভয়ানক জীৱন এটা দেখুৱাবলৈকে আল্লাহে লৈ আনিছিল নে তাহাঁতক এই পৃথিৱীলৈ ?“
ভোকৰ খাদ্য নাছিল ৷
পিয়াহৰ পানী নাছিল ৷
ঠেটুৱৈ ধৰা জাঁৰত ল’বলৈ কম্বল নাছিল ৷
ঔষধ নাছিল ৷
অতিষ্ঠ হৈ যেতিয়া সিহঁত সংগ্ৰামত বহিল পুলিচে তাহাঁতৰ চকুলৈ টিয়েৰগেছ মাৰি পঠিয়াইছিল ৷ এই দেশৰ ধুনীয়া মানুহবোৰে তাহাঁতলৈ ঘৃণাৰ দৃষ্টিৰে চাইছিল ৷
তেওঁলোকে কৈছিল –
“তহঁত ভগনীয়া, ভিক্ষাৰী ৷ এইখন দেশৰ বোজা ৷ তহঁতৰ বাবেই আমাৰ বাজেটত টান পৰে ৷ কৰ বাঢ়ে ৷“
তাহাঁতৰ হাতত চুবলৈ সিহঁতে টান পাইছিল ৷ যেন অস্পৃশ্য ৷
নাফিছাই সেইদিনাহে জানিব পাৰিছিল ৷ আশ্ৰয়স্থলীৰ তিনি হাজাৰ কেপাচিটিৰ ওপৰত বিশহাজাৰৰো অধিক শৰণাৰ্থী ৷
দীঘল দীঘল লাইন নহ’বইবা কিয় ?
ভোকত মানুহ নমৰিবইবা কিয় ?
নাফিছাই ভাবিছিল-
পৃথিৱীৰ সকলো ভগনীয়া আশ্ৰয়স্থলৰ বাৰু একেটাই কাহিনী নেকি ?
ভগনীয়া হৈ সিহঁত জানো এনেয়ে উঠি আহিছিল ?
য়াছিৰৰ বুকুত সোমাই নাফিছা কান্দোনত ভাগি পৰিছিল –
“কিয় এনেকুৱা হ’ল য়াছিৰ ? কিয় ? আছিলতো আমাৰো এখন ভৰা ঘৰ, বাৰী, পথাৰ —“
তাই বুজি পোৱা নাছিল কাক ঘৃণা কৰা উচিত ?
তাহাঁতক শোষণ কৰা ৰাষ্ট্ৰপতি আছাদক ?
তেওঁৰ বিৰূদ্ধে থিয় হৈ হাতত বন্দুক লোৱা সন্ত্ৰাসবাদীসকলক ?
নে চিৰিয়াৰ এই গৃহযুদ্ধত ধৰ্ম, ক্ষমতা আৰু ৰাজনীতিৰ পাশাখেল খেলা অন্যান্য ক্ষমতাশালী দেশসকলক ?
য়াছিৰে তাইৰ মুখত হাত বুলাই লাহে লাহে কৈছিল –
“শান্ত হোৱা নাফিছা ৷ শান্ত হোৱা ৷ এয়া সাময়িক মাথোঁ ৷“
সি প্ৰায়ে কোৱাৰ দৰে কৈ গৈছিল চিৰিয়াৰ সৌন্দৰ্য্যৰ কথা ৷ চিৰিয়াৰ ঐতিহ্য, চিৰিয়াৰ সভ্যতা, সংস্কৃতি আৰু বাণিজ্যৰ কথা ৷
সি কৈছিল –
“তুমি পঢ়িব লাগিব নাফিছা ৷ মই কাম কৰিম ৷ তোমাক পঢ়ুৱাম ৷ আমি ইয়াত এটা ভয়বিহীন জীৱন পাইছোঁ ৷ তোমাৰ পঢ়া হ’লেই আমি ঘূৰি যামগৈ নিজৰ দেশলৈ ৷ সেই দেশলৈকো ভাল দিন আহিব ৷ ধৰ্ম, ৰাজনীতি, ক্ষমতা, হিংসাৰ উৰ্দ্ধতো যে মানৱতা সেই কথা বুজি পাব সকলোৱে ৷“
আৰু সঁচাকৈয়ে !
য়াছিৰে কেৱল কামেই কৰিছিল ৷ পইচা উপাৰ্জন কৰিবৰ বাবে চহৰৰ একোণত স্থায়ীকৈ বহি লৈ জোতা চিলাই কৰা কামো সি কৰিছিল ৷ মুঠতে, তাৰ হাততে পোৱা সকলো কামেই সি কৰিছিল ৷ নাফিছাই কেৱল পঢ়িছিল আৰু শৰণাৰ্থী ল’ৰা ছোৱালীসকলকো পঢ়ুৱাইছিল ৷ দুপৰীয়া, নিশাবোৰত দুয়োৰে বাবে তাই একেটা চৰুতে আহাৰ ৰান্ধিছিল ৷ অপমান, অৱহেলা, কঠোৰ পৰিশ্ৰম ভৰা দিনবোৰৰ অন্তত নিশা শোৱাপাটিত য়াছিৰে তাইৰ ৰুক্ষ চুলিকোচাত হাত ফুৰাই প্ৰায়েই কয় –
“মোৰ দৃষ্টিত তুমিয়েই সবাতোকৈ ধুনীয়া ছোৱালীজনী ৷“
তেনেবোৰ মুহূৰ্তত নাফিছাই একো নকয় ৷ তাই মাত্ৰ চাই ৰয় তাৰ ধুনীয়া নীলা চকুযোৰলৈ ৷ পিষ্টাচীঅ’ৰ কেঁচা গোন্ধৰ ঠাইত তাৰ গাত আজিকালি লাগি থাকে লেডাৰ লেডাৰ গোন্ধটো ৷
নাফিছাৰ ভাল লাগে ৷
নাফিছা সুখী যে সি কেতিয়াও হাতত বন্দুক তুলি নল’লে ৷
তাইও আজিকালি য়াছিৰৰ দৰেই সপোন দেখে –
সকলো ঠিক হ’লেই তাহাঁত আপোন দেশলৈ ঘূৰি যাবগৈ ৷
এই দেশে শৰণ দিছে ৷ নাফিছাহঁত কৃতজ্ঞ ৷ কিন্তু দেশ সেইখনেই, য’ত সিহঁতৰ জন্ম হৈছিল ৷ য’ত তাহাঁতৰ ঘৰখন আছিল ৷ য’ত তাহাঁতক কোনেও ভগনীয়া ভিক্ষাৰী বুলি নামাতিছিল ৷
সেই ঘৰখন ! সেই বাগান !
সেই পথাৰ, স্কুললৈ যোৱা বাটটো আৰু তাহাঁতৰ ঘৰৰ মুধচত উজ্বলি উঠা জোনটো —
কুহুৰ কুহুৰকৈ য়াছিৰে কাঁহিবলৈ ধৰোঁতেহে বাস্তৱলৈ উভটি আহিল নাফিছা ৷ তাই গৰম চুপটো ততাতৈয়াকৈ চৰুৰ পৰা বাতি এটাত বাকি ল’লে ৷ তাই চুপখিনি লাহে লাহে খুৱাই দিলে য়াছিৰক ৷ সি ভালকৈ গিলিব পৰা নাই ৷ কাঁহ বেছি হৈছে তাৰ ৷ গ্ৰীচত এতিয়া শীতৰ আগমন ৷ সেয়ে হয়তো বুকুত ঠাণ্ডা সোমাইছে তাৰ ৷
নাফিছাই তেনেকৈয়ে ভাবিছিল ৷
আজি পুৱা কাহি কাহি সি ভাগৰি পৰা মুহূৰ্ততহে তাই দেখিছিল – মুখ মচা টাৱেলখনৰ একোণত ৰঙা তেজ ৷
বুকুখন চিৰিংকৈ মাৰিছিল তাইৰ ৷
গোটেই এচাইলামত গ্ৰহণী আৰু যক্ষ্মা ৰোগৰ ভয়ানক সংক্ৰমণ ঘটিছে ৷ য়াছিৰে নাজানেনে ? য়াছিৰে নাজানেনে যে এই একেটা যক্ষ্মা ৰোগতেই দুয়ো দুয়োৰে দেউতাকক হেৰুৱাইছে মাত্ৰ !
য়াছিৰে জানে ৷ আৰু জানিয়েই হয়তো সি তাইৰ পৰা কথাটো লুকুৱাই ৰাখিব বিচাৰিছিল ৷
উজাই আহিব খোজা কান্দোনটো বৰ কষ্টৰে সামৰি থৈছিল নাফিছাই ৷
নিশা য়াছিৰ সোনকালেই বিছনাত পৰিল ৷ বিছনাত পৰা মুহূৰ্ততহে তাই ঔষধকেইটা তাৰ হাতত তুলি দিলে ৷ য়াছিৰ আচৰিত হ’ল ৷ আচৰিত হোৱাৰ কথাইতো !
আশ্ৰয়স্থলীত ঔষধৰ আকাল ৷
তেনেস্থলত এই ঔষধবোৰ ক’ৰপৰা পালে নাফিছাই ?
নাফিছাই কোমলকৈ হাঁহি ক’লে –
“তুমি মুঠতে সেইবোৰ চিন্তা নকৰিবা ৷ মই ইয়াত ল’ৰা ছোৱালীহঁতক পঢ়ুৱাও বাবেই ডাক্তৰে মনে মনে মোক ঔষধবোৰ দিছে ৷ তুমি খোৱাচোন ৷ খালেহে তুমি সুস্থ হৈ উঠিবা ৷“
সৰু বাধ্য ল’ৰা এটাৰ দৰেই ঔষধ খাই য়াছিৰ শুই পৰিল ৷
জোৰকৈ উঠি আহিব খোজা নিজৰ কাহটো গৰম চুপখিনিৰ লগতে নাফিছাই জোৰকৈ গিলি থ’লে ৷ দুফোট চকুলো বিৰিঙি উঠিল নাফিছাৰ চকুযুৰিত ৷ তাই য়াছিৰক কোৱা নাই –
এই ঔষধ কেইটা কোনো ৰুগ্ন মানুহৰ হাতৰ পৰা কাঢ়ি, একপ্ৰকাৰ ডকাইতি কৰি আনিছে তাই ৷ আৰু উপায় কি আছিল ?
তাই ক’ব নোৱাৰে এই কথা য়াছিৰক ৷
তাই এই কথাও ক’ব নোৱাৰে যে তাইৰ শৰীৰতো কাল যক্ষ্মাৰ সংক্ৰমণৰ লক্ষণে দেখা দিছে ৷
উঠি আহিব খোজা কাঁহটো কোনোমতে বুকুত ডবাই ৰাখিবলৈ চেষ্টা কৰি মূৰটো গুজি দিলে তাই য়াছিৰৰ বুকুত ৷ তাৰ চাৰ্টৰ পৰা ভাহি অহা লেডাৰ লেডাৰ গোন্ধটোৱে তাইক পুনৰ সামৰি ল’লে ৷ য়াছিৰে টোপনিৰপৰাই তাইৰ মূৰত হাত ফুৰাই দিলে ৷
সেইদিনা সপোনটো পুনৰ নাফিছাৰ দুচকুত খেলা কৰিলেহি ৷
শুকাই পৰা ইউফ্ৰেট নদী পুনৰ ভৰি পৰিছে নীলা নীলা পানীৰে ৷
পথাৰত বগা বগা কপাহ ফুল ফুলিছে ৷ নাফিছাহঁতৰ ঘৰৰ বাৰাণ্ডাত ফুলি থকা জেছমিনজোপাৰ সৰু সৰু বগা ফুলবোৰতো জোনাকে খেলা কৰিছে ৷ যেন সিহঁতৰ গালৈ ন বসন্ত নামিছে ৷
মনটো ভাল লাগি গ’ল নাফিছাৰ ৷
তাই টোপনিতে অস্ফুট সুৰত বিৰবিৰাই উঠিল –
“আমাৰ দেশৰ জোনাকতো বসন্ত নামিব ৷ নামিবই য়াছিৰ ৷ আমি ঘূৰি যাম য়াছিৰ ৷ আমি ঘূৰি যামগৈ এদিন নিজৰ দেশলৈ ৷“
সমাপ্ত
(সাদিনত প্ৰকাশিত – 10/04/2022)