এই যে এটা বিশেষ নাম শুনোতেই, বিশেষজন কাষেৰে খোজকাঢ়ি পাৰ হৈ গৈছে বোলোতেই, অথবা সামান্যতম স্পৰ্শতো যে বুকু ঢুককৈ বাজি উঠে, দুৰু দুৰুকৈ কঁপি উঠে কলিজা, বলি উঠে আবতৰীয়া বা, যি বা ত ৰোমাঞ্চিত হৃদয় ! ৰোমাঞ্চিত ৰোমকোশ !
আঙুলিৰ মূৰৰ পৰাই আৰম্ভ হয় নে দুচকুৰ পতাৰ পৰা ?
মগজুৰ পৰা নে পোনেই হৃদয়ৰ অলিন্দৰ পৰা ?
য’ৰপৰাই আৰম্ভ নহওঁক লাগে, মুঠতে এনে অনুভৱে যদি হৃদয়ক আগ্ৰাসন কৰি কৰ্কটৰ দৰে শৰীৰৰ সৰ্বত্ৰলৈকে সংক্ৰমিত হৈ পৰিছে-
তেন্তে – কামদেৱৰ শৰপাত হয়তো ইতিমধ্যে বুকুতে পৰিল ৷
ৱাটচ আপত টিংকৈ বাজি উঠা এটা আকাংক্ষিত মেছেজ, ভিৰৰ মাজতো এটা তীব্ৰ নতুবা কোমল বিশেষ চাৱনি, বা কেৱল এজনৰ সৈতে কথা পাতোঁতে কোমলকৈ মতা সেই মৰমভৰা সুৰটো !
এই যে কাৰোবালৈ অধীৰ হৈ ৰৈ থকা এটা অনুভৱ, উত্ৰাৱল হৃদয় …
ইয়েই নহয় জানো – প্ৰেম ভালপোৱা ইস্ক মোহাব্বত !
আছেনে ক’ৰবাত এনে শ্ৰুতিমধুৰ শব্দ যাৰ নুশুনা সুৰেও গীত হৈ স্নায়ুত তোলে মৃদু মধুৰ ঝংকাৰ !
যি অনুভৱৰ বাবে মানুহে সৃষ্টি কৰে ৷
যি অনুভৱৰ বাবে মানুহে ধ্বংস কৰে ৷
যি প্ৰেমত উচৰ্গিত অযুত অলেখ ৰচনা –
কালজয়ী কবিতা, যুগজয়ী গ্ৰন্থ, শ্বায়েৰী, সংগীত ….
কবিৰ দৃষ্টিত যি শব্দত আতুৰ হৈ বৰষুণ নামে ধৰালৈ, দুচকুৰ পতাত নাচে ফাগুনী পচোৱা, শীতৰ দিনত ৰ’দালি কোমল পুৱা, পুৱতি নিশা টিনত (নে প্ৰেমিকৰ বুকুত জানো) আকাংক্ষাৰ টুপ টুপ নিয়ৰ কণা… আৰু যে কত’ কি !
কাৰোবাৰ বাবে এটি নীৰৱ প্ৰাৰ্থনা ৷
কাৰোবাৰ বাবে এটি সৰৱ অনুভৱ ৷
বিজ্ঞানৰ দৃষ্টিত হয়তো মাত্ৰ এটা জটিল শৰীৰি জৈৱ ৰসায়নিক খেলা ৷ হয় জানো ? তেন্তে কি নাম দিম যেতিয়া ষাঠীৰ উৰ্দ্ধৰ মহিলাই কামনা কৰে পবিত্ৰ প্ৰেম ! যেতিয়া সত্তৰ উৰ্দ্ধৰ মানুহজনে তেওঁৰ প্ৰেমিকাক পুৱা গধুলি মেছেজ কৰি দিনটোলৈ শুভবাৰ্তা দিবলৈ নাপাহৰে !
( ইয়াতেই হয়তো এটা টনাটনি হ’ব বিজ্ঞান অবিজ্ঞান যুক্তি অযুক্তিৰ ৷ নতুবা মন মগজু হৃদয় শৰীৰৰ …)
এই প্ৰেম সদায়েই সুন্দৰ হয়নে ?
সদায় সুন্দৰ হোৱা হ’লে হয়তো অভিধানত নাথাকিলেহেঁতেন এইবোৰ শব্দ – lovelorn, break-up, heart break ইত্যাদি ইত্যাদি ৷
শুনিবলৈকেই ভয়ানক, অনুভৱ কৰাজনেহে হয়তো আচলতে বুজিব ইয়াৰ গভীৰতা ৷ মৃত্যুসম বেদনা ৷
এৰা ৷ নহ’লেনো ডিপ্ৰেশ্যনত ভুগি মৃত্যুৰ কল্পনা কৰি থকা মানুহজনীয়ে মাজৰাতি ক’ব পাৰেনে –
“মই কাইলৈৰ দিনটো দেখিমগৈ নে ! এনে লাগিছে মোৰ এনেকৈয়ে আজিয়েই মৃত্যু হ’ব ৷“
নতুবা একালৰ সেই প্ৰেমিক মানুহজনী !
প্ৰেম বুলিলেই যে আজি তেওঁ বিৰক্ত হয়, বিতৃষ্ণাত ভুগে ৷ কাৰোবাৰ লগত কথা পাতিবলৈ আৰম্ভ কৰে, অথচ কথাবোৰ ভালকৈ আগনাবাঢ়োঁতেই প্ৰেমত পৰাৰ ভয়ত তেওঁ দহ খোজ পিছুৱাই আহে ৷
কাৰোবাৰ প্ৰকাশ কৰা প্ৰেম তেওঁৰ ভাষাত –
“মোক love bombing কৰিব খোজা মানুহক মই ঘৃণা কৰোঁ৷ কিয় মোক ইমান দেখুৱাব খোজে ? ইয়াৰ মটিভ নিশ্চয় বেলেগ ৷“
তেওঁ কেতিয়াবা উচুপি কৈ উঠে –
“আচলতে মোৰেই ভুল ৷ মই দেখোন সকলোতে ভুল দেখা হ’লোঁ ৷ মই দেখোন কাকোৱেই বিশ্বাস কৰিব নোৱাৰা হ’লোঁ ৷“
প্ৰেমত পৰিবলৈ ভয় কৰি মালটিপল এফেয়াৰচ আৰু কেজুৱেল ৰিলেশ্বনশ্বিপত বিশ্বাস ৰখা মানুহজনেও হয়তো প্ৰেমৰ ৰোমাঞ্চকৰ মধুৰ মুহূৰ্ত আৰু বিচ্ছেদৰ যাতনাকেই সুঁৱৰি কোনোবা একোণত মদ গলাধঃকৰণ কৰে ….
আচলতে –
প্ৰেমৰ যি অনুভৱে মগজুত ঘটায় বিশেষ তীব্ৰ জৈৱ ৰাসায়নিক নিঃসৰণ, সেই একেই অনুভৱৰ পৰা বিচ্ছেদে ঘটাব পাৰে স্খলণ ৷
কেতিয়াবা এটা শক্তি ! কেতিয়াবা এটা ভয়ংকৰ দুৰ্বলতা ৷
কেতিয়াবা জীৱন ! কেতিয়াবা মৃত্যু ৷
পূৰ্ণতা নতুবা কাৰোবাৰ বাবে জীৱনভৰৰ অপূৰ্ণতা —
কোৱা হয় –
আপুনি কাৰোবাক ভাল পায় সেয়া এটা বেলেগ অনুভৱ ৷ কোনোবাই আপোনাক হৃদয় খুলি ভাল পায়, সেয়াও বেলেগ এটা অনুভৱ ৷ আৰু, যাক আপুনি হৃদয় খুলি ভাল পায় তেওঁ আপোনাক একেই তীব্ৰতাৰে অন্তঃকৰণেৰে ভাল পায় – সেয়া যে সম্পূৰ্ণ সুকীয়া অনুভৱ ৷
এই হৃদয় আদান প্ৰদানৰ তীব্ৰতা যিয়ে অনুভৱ কৰিছে, এই অনুভৱে যদি কাৰোবাক জীৱন ভৰলৈ বুৰাই ৰাখিব পাৰিছে তেওঁ হয়তো বাৰে বাৰে মানৱী জনম লৈ প্ৰতি জনমত এনে প্ৰেমৰ সুখৰস স্বাদ ল’বলৈ আকাংক্ষা কৰি থাকিব ৷
কৰিয়েই থাকিব ৷
আৰু এই অনুভৱৰ পৰা যি বঞ্চিত হৈছে ?
তেওঁ হয়তো তুহজুইৰ দৰে জ্বলা একুৰা জুইত উমি উমি জ্বলি যাতনা ভুগি থাকে ৷
প্ৰেমেই হয়তো সেই কামনা যি বিচাৰি মানুহে শেষ জীৱনলৈকে হাবাথুৰি খাই মৰে ৷ ভুল সিদ্ধান্ত লয় ৷ ভুল মানুহৰ হাতত অপদস্থ হয় বাৰে বাৰে ৷ তথাপি –
কামদেৱৰ শৰপাতে বিদ্ধ কৰা তুমুৰলি বুকু কঢ়িয়াই ফুৰা প্ৰতিবাদী প্ৰেমিকে দুহাত মেলি আকাশমুখী হৈ চিঞৰি উঠিব –
“প্ৰেম জিন্দাবাদ“