“ঐপুলিৰ সপোনৰ দেশ”
– ভৱানী পেগু
বিষয়বস্তু – এখন সমাজৰ প্ৰতি ভালপোৱা আৰু আনুগত্য, সেই সমাজৰ প্ৰবঞ্চনা, সৰগীয় মমতা, মানুহৰ জটিল মনোজগত, মানসিক ৰোগ স্কীজফ্ৰেনিয়া আৰু তাৰ যন্ত্ৰণা, তাৰ মাজেৰেই মানৱতাৰ সন্ধান – ঐপুলিৰ সপোনৰ দেশৰ মূল বিষয়বস্তু ৷
জনজাতীয় জীৱনশৈলী, ঐশ্বৰিক ন্যায় এই উপন্যাসৰ আন এটি এৰাব নোৱাৰা অংশ ৷
ক্ৰমশঃ ডুব গৈছে পদুম এক অন্ধকাৰ পোতাশালত । চৌপাশৰ নিষ্ঠুৰতা, বিশ্বাসহীনতাই পদুমক ঠেলি দিছে পুতিগন্ধময় আৱৰ্জনাৰ মাজলৈ । তমোময় পদুমৰ চিন্তাৰ পৃথিৱী । অস্পষ্ট কিছুমান দৃশ্য মাথোঁ অহা যোৱা কৰে তাইৰ সন্মুখত । তাকেই পদুমে সঁচা বুলি ভাবে।
“পাগলী” ”
ঘৰৰ মানুহবোৰে বৰ ঘৃণাৰে উচ্চাৰণ কৰে শব্দটো । পদুমক ঘৰৰ বাহিৰলৈ ওলাই অহা দেখিলেই শাহুৱেকে খঙত জাঙুৰ খাই উঠে । আলহী আহিলে তাইক কোঠাতে বন্ধ কৰি সুমুৱাই থৈ দিয়ে ।
“পাগলী বোৱাৰী এজনীহে আমাৰ ভাগ্যত আছিলনে !”
কপাল চপৰিয়াই হুমুনিয়াহ এৰে মানুহজনীয়ে ৷
“ঠগিলে আমাক । পাগলীজনীকে আমাৰ হাতত গতালে সিহঁতে ।“
বয়সস্থ মানুহগৰাকী খঙত কঁপি উঠে । খং, হতাশাত তেওঁ অধৈৰ্য্য হৈ হাতৰ ঝাড়ুডালেৰেই পদুমক উধাই মুধাই কোবায় । ভয় আৰু ঘৃণাত ননদ দুজনীয়ে আঁতৰৰ পৰাই তাইলৈ সন্দেহৰ দৃষ্টিৰে চায় ।
কিয় তাইক সকলোৱে মাৰধৰ কৰে ?
পদুমে বুজিব নোৱাৰে । মাথোঁ ভয়তে কোঠাৰ এচুকত তাই কুচি মুচি বহি থাকে । বেছিভাগ সময় কোঠাৰ ভিতৰত অকলেই থাকে পদুমে । এক অচিন পৃথিৱীত পদুমে অকলেই বসবাস কৰে । সেই পৃথিৱীত তাই উমলে এটি কায়হীন দুগ্ধপোষ্য শিশুৰ স’তে । কেঁচুৱাটিৰ স’তে তাই খেলে, গুণগুনকৈ কিবা কথা পাতে, নিচুকনি গীত গায়।
কোঠাৰ পৰা ভাঁহি অহা নিচুকনি গীতবোৰ ঘৰৰ মানুহবোৰৰ বাবে মূৰৰ কামোৰ হৈ পৰে ।
: তই চুপ থাকিবিনে পদুম ? সেই অবৈধ পেটৰ পোৱালীটোলৈ তোৰ ইমান মৰম আছিলনে !
খঙৰ কোবত একো নাইকিয়া হৈ মানুহটোৱে তাইৰ ডিঙিতে চেপি ধৰেহি । পদুমে আলফুলে কোলাত লৈ থকা কাপোৰৰ টোপোলাটোক আজুৰি তেওঁ কোঠাৰ এচুকলৈ দলিয়াই দিয়ে ।
: নামাৰিব । নামাৰিব তাইক । তাই অবুজ শিশু ।
পদুমে আৰ্তনাদ কৰে । মানুহজনৰ দুভৰিত ধৰি তাই কাবৌ কাকূতি কৰে ।
: ক’ত আছে কেঁচুৱা ? কিহৰ কেঁচুৱা ? চা ৷ ভালকৈ চা।
দলিয়াই দিয়া টোপোলাতো উঠাই আনি খুলি মেলি দেখুৱাই দিয়ে তেওঁ । বিস্মিত দৃষ্টিৰে পদুমে চায়েই ৰয় হাতৰ কাপোৰৰ জাপটোলৈ । ইয়াতেইতো আছিল ! ক’ত গ’ল ? কলৈ গ’ল ? কেঁচুৱাটিক নাপায় পদুম বাউলি হৈ পৰে । অতিষ্ঠ হৈ মানুহটোৱে তাইক একেৰাহে চৰ, কিল, গোৰ মাৰে । মাৰ খাই পদুম কোঠাৰ এচুকত লেবেজান হৈ পৰে ।
অস্থিৰ, অশান্ত মগজু কেতিয়াবা ক্ষণিকলৈ যেন শান্ত হয় ।
পদুমে তেতিয়াহে যেন সামান্য হ’লেও বুজি উঠে কথাবোৰ ।
যি তাই দেখে, সেয়া অইন কোনোৱে নেদেখে । যি তাই শুনে, সেয়া অইন কোনোৱে নুশুনে । বিষাদ বলিয়া মগজুৱে ক্ষন্তেকৰ বাবে বুজি উঠে – কোনো কেঁচুৱাৰ অস্তিত্ব নাই। কোনো ক্ৰন্দনৰ সুৰ নাই।
শূণ্য তাইৰ কোলা, তাইৰ বুকু । এই শূণ্য বুকু আৰু তাইৰ কাহানিও পূৰ নহয় ।যি কঁহুৱা কোমল স্পৰ্শৰ সুখবোধত তাই মতলীয়া হৈ থাকে, সেই স্পৰ্শ, সেই অনুভূতিয়েই এটা মিথ্যা ৷ এটা ভ্ৰম ।
সেই যন্ত্ৰণা, সেই নিকাৰ সহিব নোৱাৰি পদুমে মজিয়াত বাগৰি বাগৰি কান্দে । মৃত্যুলৈ হঠাতে তাইৰ ভীষণ আকাংক্ষা জাগি উঠে ।
জীৱন ইমান দীঘল কিয় ?
জীৱনটোলৈকো তাইৰ আক্ষেপ জাগি উঠে ।
“ঘৰখন চুৱা কৰিব খুজিছ তই !”
“মৰিবলৈ ইচ্ছা আছে যদি বাপেৰৰ ঘৰত মৰিবিগৈ। ইয়াত নহয়। ”
দুবাৰমান আত্মহত্যা কৰিবলৈ চেষ্টা কৰা পদুমক ঘৰৰ মানুহখিনিয়ে মিলি মাৰধৰ কৰিছিল । পদুমক ঘৰত ৰখাতো বিপদজনক হ’ব বুলি ভাবি তেওঁলোকে পদুমৰ ককায়েকলৈ ফোন কৰিছিল ।
বাপেৰৰ ঘৰ !
যন্ত্ৰণাকাতৰ মুখখন পদুমৰ ক্ষণিকলৈ আনন্দত উদ্ভাসিত হৈ উঠে ।
আছেতো তাইৰ এখন ঘৰ ৷ সেই ঘৰ , য’ত তাইৰ জন্ম হৈছিল । সেই ঘৰ, য’ত তাই জীৱনৰ মধুৰতম শৈশৱ পাৰ কৰিছিল ।
আৰু তাইৰ সখী বগীজনী ! চৌহদৰ সেই মন্দিৰ ! মন্দিৰৰ ভিতৰত সোমাই সভক্তিৰে পূজা কৰা তাইৰ দেউতাক ! মুহূৰ্ততে যেন ফুল, ধুপ ধূনাৰ পৱিত্ৰ গোন্ধই তাইক আৱৰি পেলায়।
“পদুম, কেনেকৈ পাহৰিব পাৰিছ তই নিজৰ জন্ম ঘৰখনৰ বিষয়ে ?”
নিজকে নিজে গালি পাৰে পদুমে । মনৰ আনন্দত তাই খিলখিলাই হাঁহি উঠে । হাঁহি হাঁহি আকৌ কান্দে ।
সুস্থ যেন লগা চিন্তাবোৰ মাথোঁ ক্ষণিকৰ বাবেহে ৷
তাৰপিছত পুনৰ সেই একেই দৃষ্টিভ্ৰম । সেই একেই শ্ৰুতিভ্ৰম ।
কেঁচুৱাটিৰ ক্ৰন্দন ক্ৰমশঃ বাঢ়ি আহে ।
কোনটো সত্য, কোনটো ভ্ৰম ?
সিদ্ধান্ত ল’ব নোৱাৰে পদুমে ।
ঘৰখনৰ মানুহবোৰে এচুকত গোট খাই তাইৰ বিপক্ষে যেন কিবা কথা পাতিব ধৰিছে । কেঁচুৱাটিক পেলাই দিবলৈ, হত্যা কৰিবলৈ যেন সকলোৱে মিলি ষড়যন্ত্ৰ কৰিছে । নাই । পদুমে আৰু ৰ’ব নোৱাৰে ।
দৌৰি গৈ তাই আলফুলে কোলাত তুলি লয় কায়হীন কেঁচুৱাটি ।