“নীলনীড়”
– ভৱানী পেগু
মামুণুৰ জন্মদিনৰ পিছত কেইবাদিনলৈকো মন বেয়া কৰি ৰৈছিলোঁ ৷ নিয়মমাফিক কেৱল অফিচ, ঘৰ, মিটিং । মিটিং, ঘৰ, অফিচ । মনটো অশান্ত হৈয়েই আছিল । সেয়ে অফিচৰ পৰা ওলাই অহা সময়তে তাইলৈ বুলি চকলেট এটা কিনিছিলোঁ ।
হাঁহিমুখেই মোৰপৰা চকলেটটো লৈ টেবুলত থৈ দিছিল তাই ৷
পিছদিনা ঘূৰি আহি দেখো চকেলটটো টেবুলৰ একেঠাইতে পৰি আছিল ৷ বিশেষ একো ভবা নাছিলোঁ ৷ কিন্তু তাৰ পিছৰদিনাও একে ঠাইতে চকেলটটো পৰি থকা দেখি ভাবিবলৈ বাধ্য হৈছিলোঁ ৷ চকেলট বুলিলেই পাগল ছোৱালীজনীয়ে চকেলটটো দুদিন এনেকৈয়ে সাঁচি ৰাখিছেনে ? তাৰ পিছৰদিনা অফিচৰ পৰা আহি দেখো চকেলটটো টেবুলত নাছিল । মনটো ফৰকাল লাগি গৈছিল ।
কিমানদিননো নোখোৱাকৈ থাকিব মামুণুৱে ! মই জানো নহয় তাই চকেলট খাই কিমান ভাল পায় । ৰাতি ভাতকেইটা খাই লওঁ বুলি বেচিনত হাতখন ধুবলৈ গৈহে ৰৈ গৈছিলোঁ । চকলেটটো নোখোলাকৈয়ে ডাষ্টবিনতেই পেলাই থোৱা আছিল ৷
“চকলেটটো মামুণুৱেই পেলালেনে কুকু ?”
“মামুণুৱেই পেলালে ।”
কওঁ নকওঁকৈ কৈছিল তাই ।
“হ’ব তই যা কুকু ।”
কুকু আঁতৰি গৈছিল । চকেলটটো ডাষ্টবিনৰ পৰা তুলি লৈ ধুই মচি, মামুণুৰ জন্মদিনলৈ বুলি কিনা উপহাৰ দুটাৰ লগতে আলফুলে ভৰাই থৈ দিছিলোঁ আলমাৰিত ৷ মামুণুক একো নক’লোঁ, মাত্ৰ এক মূক অভিমানত মই মৌন হৈ পৰিলোঁ ।
অথচ মই জানিছিলোঁ, হাজাৰবাৰ বুজিছিলোঁ – মোৰ এই অভিমান আৰু মৌনতাৰ ৰূপ বিধ্বংসী ৷ এই বিধ্বংসী অভিমান আৰু মৌনতাই মোৰ পৰা নীলাক আঁতৰাই নিলে ৷ এই বিধ্বংসী অভিমান আৰু মৌনতাই মামুণুকো আৰু দূৰলৈ ঠেলি আঁতৰাই পঠিয়াব ।
কিন্তু, আজি এই সকলো অভিমান আৰু মৌনতাৰ পাহাৰ খহাই মোৰ নীলাৰ ওচৰলৈ যাবলৈ মন গৈছে ৷ এই কোঠাৰ পৰা ওলাই গৈ ক’বলৈ মন গৈছে শেহবাৰৰ বাবে –
“বেয়াবোৰ পাহৰি যাব নোৱাৰিনে নীলা ? আমাৰ হিচাপবিহীন ভাল সময়ো আছিল ৷ সেই সময়বোৰলৈ মনত পেলোৱা ৷ দুটামান বেয়া সময়ৰ আগত সেই ভাল সময়বোৰৰ মূল্য নগণ্য হৈ পৰিল নেকি ?”
মামুণুক ক’বলৈ মন গৈছে- “তোমালোক দুটা নাথাকিলে মোৰ জীয়াই থকা বৰ কষ্টকৰ হ’ব ৷”
ক’ব পাৰিমনে মই এই কথা নীলাক ?
ক’ব পাৰিমনে মই মামুণুক?
বাহিৰত টুং টাং শব্দ ক্ৰমশঃ বাঢ়ি আহিছে ৷ পকী মজিয়াত কাৰ্টুন চোচৰোৱাৰ, ট্ৰাংক টনাৰ শব্দ বাঢ়ি গৈয়েই আছে ৷ আৰু তীব্ৰতৰ হওঁক এই শব্দ ৷ যাতে মই শুনিবলগীয়া নহয় – মামুণু নতুবা নীলাৰ খোজকাঢ়ি ওলাই যোৱাৰ শব্দ ৷ থমথমকৈ একেঠাইতে বহি ৰৈছোঁ ৷ চিন্তাশক্তি যেন হেৰাই পৰিছে ৷ জোন
বাইেদউলৈ ফোন এটা কৰিবলৈ লৈয়ো ৰৈ গ’লোঁ ৷ ইংৰাজী নতুন বৰ্ষৰ আৰম্ভণি কাইলৈৰপৰা ৷ উলহ মালহেৰে হয়তো তাৰেই যো-জা চলিছে গাঁৱৰ ঘৰত ৷ বেয়া খবৰটো কেনেকৈ দিওঁ ?
বাহিৰলৈকে যাওঁ ৷ চিঞৰি কওঁগৈ – “বন্ধ কৰা এইবোৰ নীলা ৷”
কিন্তু বাহিৰৰ দৃশ্য চোৱাৰ মোৰ সাহসেই হোৱা নাই ৷ পুৰুষ মানুহটো হৈ কাম কৰিবলৈ অহা মানুহবোৰৰ আগতেই কান্দি পেলাওঁ যদি ?
নিৰ্বাণ কাশ্যপে কেনেকৈ কান্দিব ?
ভগৱান ! আজি মোক এই বিপদৰ সময়ত পথ দেখুৱাই দিয়া ৷ মামুণুৰ হাতত ধৰি নীলা এই ঘৰ এৰি ওলাই যোৱা দৃশ্যটো মই চাব নোৱাৰোঁ ৷ লাগিলে দিনটোৰ বাবে বন্দী কৰি থ’ম নিজকে এই কোঠাত ৷ বাৰে বাৰে ভগৱানকে সুঁৱৰি থাকিলোঁ ৷ বাহিৰত লোহা, ট্ৰাংক, কাৰ্টুন টনাৰ শব্দ ক্ৰমশঃ বাঢ়ি গৈয়েই আছে ৷ টুং টাং শব্দ আহিয়েই আছে ৷ চিৰিত হাৱাই চপ্পলৰ চাপ চাপ শব্দ ৷ এইদিন দেখিবলৈকে মোৰ ইমান উৎসাহ হৈছিল নেকি মামুণুক আদৰাৰ ?
নীলাৰো যেন দৌৰাদৌৰি লাগিছে ৷
মোক এৰি যাবলৈ ইমানেই উথপথপ লাগিছেনে নীলাৰ ?
মামুণুৰ কথাও এবাৰলৈকো নাভাবিলে তাই ? মামুণু কিমান সৰু হৈ আছে এতিয়াও ! মামুণুৰ মূৰৰ পৰা পিতৃৰ ছাঁয়া কাঢ়ি নিয়াৰ এই হঠকাৰি সিদ্ধান্ত নীলাই কিয় ল’লে ?
বাহিৰৰ কোঠাত তেতিয়া হৈ-হাল্লা নাই ৷ নিঃশব্দ ৷ নিতাল ৷
“শক্তি দিয়া মোক প্ৰভু ৷ পথ দেখুওৱা মোক প্ৰভু ৷”
তলত দুখনকৈ গাড়ী সশব্দে আঁতৰ হোৱাৰ শব্দ শুনা গ’ল ৷
নাই ৷ একো পথ নাই ৷ মামুণু আৰু নীলা গুচি গ’ল ৷ মোক এবাৰো মাত নিদিয়াকৈ, মোৰ লগত এবাৰো কথা নপতাকৈ “দেতা’ বুলিলে পাগল ছোৱালীজনী গুচি গ’ল ? কিমান পৰ্যায়লৈ নীলাই মানসিকভাৱে সাজু কৰি ৰাখিছিল মামুণুক আজিৰ এই দিনটোৰ বাবে? মামুণুৰ মূৰত মোৰ বিপক্ষে কিমান বিহ ভৰাবলগীয়া হৈছিল ?
নীলাৰ এনে গভীৰ ষড়যন্ত্ৰ !
নীলাৰ ভুলত প্ৰত্যেকবাৰেই ক্ষমা কৰিছিলোঁ ৷ মোৰ এটা ভুলৰ বাবে মোক চিৰজীৱনৰ বাবে শাস্তি দিব বিচাৰিছে নীলাই ৷ মই যে মামুণুৰ পিতৃ এই কথাও তাই পাহৰিলে নেকি ?
নীলাই বাৰু পাহৰিলে – মামুণুৱেও পাহৰিলেনে মোক ?
আটাইতকৈ ডাঙৰ কথা – মোৰ মুখত কোনে তলা লগালে ?
অভিমানে ? এৰা, মোৰ বিধ্বংসী জেদ আৰু অভিমানে ৷
মোৰ বিধ্বংসী অভিমানে ক’লে – “মৌন হৈ থাক তই নিৰ্বাণ কাশ্যপ ৷ এই দুখত অকলেই জহি খহি মৰ তই ৷ তোৰ মৃতদেহ গচকি সিহঁত আনন্দ কৰক ৷ মৌজ মস্তি কৰক ৷”
মৰিবলৈ উদ্যত হোৱা মোৰ মাজৰ মানুহটো গুজৰি উঠিল ।
“ধিক্কাৰ ! ধিক্কাৰ নিৰ্বাণ কাশ্যপ !”
“প্ৰেমিকা পত্নী, নিজৰ তেজ মঙহৰ সন্তানক কাষত আৱৰি ৰাখিব নোৱাৰা তোৰ পাহাৰসম অভিমান আৰু পাতালৰ দৰে অটল মৌনতাক ধিক্কাৰ ।”
মিটিঙত মেৰিয়াই দিয়া এড়ি চাদৰখন কাষতে আছিল ৷ চাদৰখন ওপৰলৈ দলিয়াই এমূৰ ফেনত বান্ধি আনটো মূৰ ডিঙিত মেৰিয়াবলৈ উদ্যত হ’লোঁ ৷ নীলাই গম পাই যাব, তাই যে আচলতে মোৰ মৃতদেহ পাৰ হৈহে এই ঘৰ এৰিলে আজি ৷
মামুণুৱেও গম পাই যাব ৷
কিন্তু – কি গম পাব মামুণুৱে ? সেই অকণমানি ছোৱালীজনীয়ে !
তাইৰ মূৰত থকা বিহবোৰেই যথেষ্ট হোৱা নাইনে এতিয়ালৈ ? মই দেউতাকটো হৈ কিয় এটা জীৱনভৰৰ গ্লানি জাপি দিব বিচাৰিছোঁ তাইৰ মূৰত ? মামুণুৱে দেখোন ভৱিৎষ্যতলৈকো নতুন বছৰ বুলি কেতিয়াও আনন্দ স্ফূৰ্তি কৰিব নোৱাৰা হৈ পৰিব ৷ মোৰ শাৰীৰিক অনুপস্থিতিত তাই অশান্তি পাব ৷ মাকে সৰগখন ভৰিত নমাই দিলেও তাই সুখী নহ’ব ৷ মই জানোঁ- জ্ঞাতে অজ্ঞাতে তাইৰ মন মগজুত ময়েই থাকিম ।
আৰু মা ?
বাংগালুৰুলৈ ফুৰাবলৈ নিওঁতে কি কৈছিল মায়ে ?
“তোক জন্ম দিওঁতেই আটাইতকৈ বেছি কষ্ট পাইছিলোঁ, তোক জন্ম দিয়েই আটাইতকৈ বেছি সুখো পাইছোঁ বাবা ৷”
মোৰ অকাল মৃত্যু সেই মায়ে কেনেকৈ সহ্য কৰিব ? মই কিয় কষ্ট দিম মা দেউতাক এই বুঢ়াকালত ? কাৰ বাবে কষ্ট দিম ?
নাই, মই ইমান স্বাৰ্থপৰ হ’ব নোৱাৰো ৷ নতুন বছৰ বুলিলেই পৰিয়ালটোৰ বাবে এটা মচিব নোৱাৰা দাগ, এটা মচিব নোৱাৰা কলংক মই আঁকি দিব নোৱাৰোঁ ।
হুকহুকাই উচুপি উঠিলোঁ ৷ ইমানেই দূৰ্ভাগ্যবান মই !
মৰিবও পৰা নাই ৷ জীয়াই থাকিবও পৰা নাই ৷
ফোনটো বাজি উঠিল ৷ জোন বাইদেউৰ ফোন ৷ নকওঁ বুলিও কৈ পেলালোঁ – “নীলাই এই ঘৰ এৰি গুচি গ’ল বাইেদউ ৷”
শিল পৰা কপৌ হৈ হয়তো ফোনৰ আনটো পাৰে থৰ লাগি ৰ’ল বাইেদউ ৷ তাৰপাছত অহৰহ ফোন কল – দাদা, বৌ, মা, দেউতা–
ইটোৰ পিছত সিটোকৈ ফোন ৷
“আমি আহি আছোঁ বাবা, তই চিন্তা কৰি নাথাকিবি ৷”
“বাবা তই সাহস হেৰুৱালে নহ’ব ৷”
সকলোৰে মনত দুশ্চিন্তা- কিজানিবা মই কিবা অঘটন ঘটাই পেলাওঁ ৷ কিমান পৰ মই তেনেকৈ অকলে বহি ৰ’লোঁ বন্ধ কোঠাত ?
দিনৰ পোহৰ আঁতৰি সন্ধ্যা নামিল ৷ বমি বমি অনুভৱ হ’ল ৷ তেতিয়াহে মনত পৰিল, আগিদনাই যি খোৱা তাৰপিছত একোৱেই খোৱা নাই মই ৷ কিন্তু উঠি গৈ বাহিৰলৈ যোৱাৰ সাহস নাই মোৰ ৷ ৰন্ধা বঢ়া কৰা দূৰৈৰ কথা ৷ সন্মুখৰ দুৱাৰখন ’খট’কৈ খোলাৰ শব্দ হ’ল ৷ মোৰ কোঠাৰ দুৱাৰতো খট খটালেহি কোনোবাই ৷ জোন বাইদেউৰ মাত-
“বাবা বাবা দুৱাৰ খোল ৷”
দুৱাৰখন খুলি দিলোঁ ৷ নিৰ্জন আন্ধাৰ কোঠাত মোৰ ছায়ামূৰ্তি দেখি উচপ খাই উঠিল বাইেদউ ৷ “বাবা … তই এনেকৈ …”
পিছে পিছে সোমাই অহা বৌৱে কোঠাৰ লাইটটো অন কৰি দিলে ৷ কোঠাটো পোহৰময় হওঁতেই ফেনত আধা বন্ধা ভাগেই উলমি থকা এড়ি চাদৰখন দেখি বিকট চিঞৰ মাৰি উঠিল দুয়োজনী ৷
কান্দোনৰ ৰোল তুলি বৌ আৰু বাইদেউ দুয়োজনীয়ে মোক সাবটি ধৰিলেহি ৷
“তই পাগল হৈছ বাবা ? তই সিহঁতৰ কাৰণে মৰিব ওলাইছিলি !”
উধাতু খাই সোমাই অহা দাদাই মোক চিঞৰি গালি পাৰিলে । বিছনাত উঠি লৈ কাপোৰখন ফেনৰ পৰা লৰালিৰৈক খুলি আঁতৰাই তেওঁ মূৰে কপালে হাত থৈ ইছ-ইছাই উঠিল ৷
“নীলাই এইবোৰ কি কৰিলে ! তোক ইমানকৈ দুখ দি তাই এইবোৰ কি ৰং চাইছে ? কি সুখ পাইছে তাই ? ঈৰ্ষা হিংসাই তাইৰ দুচকু অন্ধ কৰি
পেলাইছে ৷ প্ৰতিশোধৰ তাড়নাত তাই স্বাৰ্থপৰ হৈ পৰিছে ৷ তই ধৈৰ্য্য ধৰিব লাগিব বাবা ৷ তাইৰ ভুল হৈছে ৷ এদিন তাইৰ ভুল ভাঙিবই ।”
মা দেউতাও সোমাই আহিল ঘৰৰ ভিতৰলৈ ৷
মা মোৰ ওচৰলৈ অহাই নাই ৷ বৌ আৰু বাইদেউৰ কান্দোন শুনি আগতে নীলাহঁতে থকা কোঠাতে বহি লৈ ৰাউচি জুৰি কান্দিব ধৰিছে ৷ এনেকুৱা লাগিছে – ঘৰখনত যেন এইমাত্ৰ কোনোবা ঢুকাল ৷
মই নিজেই মাৰ কাষলৈ গ’লোঁ । মাক দেখোঁতেই দুচকুৰে চকুলো বৈ পৰিল ৷ এই বয়সত মোৰ সংসাৰৰ ঘটনাই মাক চক খুৱাই দিছে ৷
মাৰ ভৰিত ধৰি কান্দি উঠিলোঁ ৷
“তোমাৰ সপোন পূৰণ কৰিব নোৱাৰিলোঁ মা ৷ মই কলংকিত পুত্ৰ ৷ মই বিফল স্বামী ৷ বিফল পিতৃ ৷”
মায়ে মুখেৰে একো মাতিব পৰা নাই ৷ মোক সাবটি ধৰি হিয়া উজাৰি কান্দিছে মাত্ৰ ৷ দুহাতেৰে মোক আৰু মাক আৱৰি ধৰি দেউতাও অসহায় হৈ ৰৈছে ৷ তেওঁ মাত্ৰ বিৰবিৰাই কৈ উঠিল –
“যিয়ে ভুল কৰিছে ই জীৱনভৰলৈ ভুগিব ৷ যদি তোৰ ভুল আছিল তইয়ো ভুগিবি বাবা ।”