হাতত লৈ অনা বজাৰৰ মোনাটো সোমলতাই মাংস ভাত হোটেলখনৰ দৰ্জাৰ মুখতে নমাই ল’লে ৷ চাদৰৰ একাঁচলত টানকৈ গাঁঠি মাৰি থোৱা সৰু চাবিপাত দৰ্জাৰ তলাত ভৰাই পকায়হি মানে শিলৰ কুঁৱাৰি ইতিমধ্যে সৰৱ হৈ উঠিছে ৷
জেচিবিবোৰে নিজৰ প্ৰকাণ্ড হাঁতোৰা মেলি শিলনিৰ বুকুত পোত গৈ থকা শিল বালি তুলিব ধৰিছে ৷ তিতি থকা শিল বালি ডাম্পাৰৰ কনটেইনাৰত এবাৰ ভৰাই হাঁতোৰা মেলি আকৌ এবাৰ তুলি ল’বলৈ উদ্যত হৈছে ৷
চাৰিওফালে কেৱল শিল, লোহা আৰু টিনৰ ঘৰ্ষণৰ কৰ্কশ সুৰ ৷ জেচিবিয়ে শিল তুলি উদং কৰি নিয়া ঠাইবোৰ কম বেছি পৰিমাণে সৰু বৰ পুখুৰী, খাল একোটাহেন হৈ পৰিছে ৷ তাতে মাছৰ পোনা ধৰিবলৈ চালনী লৈ নামিছে কণ কণ ছোৱালীকিজনীয়ে ৷ কঁকালত চুটিকৈ পিন্ধি লৈছে মলিয়ন গামোচা ৷ জাৰৰ দিনত কুঁৱলীত তিতি জঠৰ লগা নৰানিৰ দৰে ডিঙিলৈ পৰা শুকান ৰুক্ষ চুটি চুলিবোৰ আধা তিতা ৷ বালিময় বোকাপানীয়ে চেকা লগাইছে ৰ’দে পুৰি ৰঙা কৰা নিপোটল গালবোৰক ৷ বহু দেৰীৰে পৰা পানীত ডুবি থকা বাবে হাত ভৰিকিখনে মাগুৰ মাছৰ পিঠিৰ বৰণ লৈছে ৷
বাঁহৰ দীঘল বেঞ্চি আৰু পুৰণি প্লাষ্টিকৰ টেবুলখন মচি চিজিল কৰি থকা সোমলতাক দেখোতেই ছোৱালীকিজনীৰ মুখত মিচিককৈ হাঁহি বিৰিঙি উঠিল ৷ লগ পালেই সোমলতাই সিহঁতকিজনীক মৰ্টন এটা দুটা হ’লেও এনেয়ে দিয়ে ৷ তাকেই কাপোৰেৰে মেৰিয়াই কেটেককৈ দাঁতেৰে ভাঙি গুড়ি কৰি লৈ সমানে ভগাই খায় আটাইকিজনীয়ে ৷ টেঙা-মিঠা মৰ্টনৰ উজ্বল কমলা ৰংটো লাগি ৰয় সিহঁতৰ হাঁহি ভৰা মুখকিখনত ৷ দেখিলে এনে লাগে, বাৰিষা সোৱণশিৰিৰ নীলা পানীত জলকেলি কৰিবলৈ অহা কমলা ঠোঁটৰ বনৰীয়া হাঁহ চৰাইকিটাহে যেনিবা ৷
সোমলতাৰ বৰ মৰম লাগে ৷
মাংস ভাতৰ হোটেলখন শিলৰ কুঁৱাৰিৰ পৰা সামান্য আঁতৰত ৷ হোটেল মানে ওখ গৰাৰ নিমজ ঘাঁহনিৰ ওপৰতে কাঠ বাঁহেৰে বন্ধোৱা এটা কোঠা ৷
মূৰত টকৌ পাতেৰে মজবুতকৈ বন্ধা চালি ৷
গৰাৰ পৰা অলপ নামি গ’লেই তলতে সৰুকৈ এটা সুঁতি বৈ গৈছে ৷ মুগা বৰণীয়া বালি আৰু সৰু সৰু ক’লা বগা শিলৰ ওপৰেৰে বৈ যোৱা সুঁতিৰ পানীখিনি একেবাৰে ফটফটীয়া পৰিস্কাৰ ৷ তাত ধোৱা পখলা কামখিনি কৰি ল’বলৈ বৰ সুবিধা হয় ৷
মোনাত ভৰাই লৈ অনা বাৰীৰ শাক-বন, বুধবৰীয়া বজাৰৰ পৰা সুলভ মূল্যত কিনি অনা আদা, নহৰু, পিয়াঁজ আৰু কাগজত সৰুকৈ বান্ধি লৈ অনা মাংসৰ মছলাবোৰ বিধে বিধে সোমলতাই নিয়াৰিকৈ মিলাই থয় মানে হাঁহিমুখেৰে বাহাদুৰৰ মাজুজনী, যোগমায়াও আহি ওলালহি ৷
ঘৰৰপৰাই সোমলতাই কাটি বাচি কলপাতত বান্ধি লৈ আনিছে লোকেল কুকুৰাৰ মাংস ৷ মাংসখিনিক এটা ষ্টীলৰ চৰিয়াত উলিয়াই লৈ যোগমায়া পোনেই সুঁতিলৈ নামি গ’ল ৷ ৰাতিপুৱাৰ এই সময়খিনিত অযথা মুখ চলাই কোনোজনীয়ে সময় নষ্ট নকৰে ৷
নহ’লে পিছত বৰ দৌৰাদৌৰি হয়গৈ ৷
বেলিটোৱে চকু চাট্ মাৰি ধৰেগৈ মানে পুৱাৰে পৰাই কাম কৰি থকা মানুহবোৰৰ পেটে কলমলাব ধৰিব ৷ গজা বা কাটা বিস্কুট এটাৰে চাহ এটুপি হ’লেও বিচাৰি আহিব ৷ বেলিটো আকৌ মূৰতে উঠি পশ্চিমলৈ লহিয়াব ধৰে মানে আকাশত জুই লাগো-লাগো অৱস্থা হয় ৷ তেতিয়া মানুহবোৰ একেবাৰেই ভাগৰি পৰে ৷ বেছিভাগেই আহি সোমলতাৰ হোটেলতে দুপৰীয়াৰ ভাত এসাঁজ খাব বিচাৰিবহি ৷ ঘৰৰ পৰাই ভাত বান্ধি লৈ অনা কেইজনেও তামোল এখন হ’লেও বিচাৰিবহি ৷ সেয়ে সোমলতাই পুৱাবেলাৰ এই সময়খিনিত গাত বতাহ লগা মানুহৰ দৰে খৰকৈ হাত চলাই কাম কৰে ৷
অৱশ্যে যোগমায়াক লগত লৈ লোৱাৰ পৰাই যথেষ্ট সকাহো পাইছে ৷ অলপ পিছতেই হয়তো যোগমায়াৰ মাকো আহি ওলাবহি ৷ কথা অনৰ্গল কয় মানুহজনীয়ে ৷
মানুহক কামৰ লগো লাগে, কথাৰ লগো লাগে ৷
সেয়ে মানুহজনীক বেয়া নাপায় সোমলতাই ৷
বাহাদুৰ ঢুকোৱাৰ পাছত পৰিয়ালটো বুলিবলৈ এতিয়া বাহাদুৰৰ ঘৈণীয়েক আৰু মাজু জীয়েক যোগমায়াহে থাকে বাঁহৰ পঁজা ঘৰখনত ৷ থাকোঁতে বাহাদুৰৰ তিনিজনীকৈ ছোৱালী আছিল ৷ মৰাসূতিৰ বালিয়ে-পলসে লেটি নিজে নিজেই ডাঙৰ হৈছিল ছোৱালীকিজনী ৷ অৰুণাচলৰ ধনী মানুহ এহালে আহি কেঁচুৱা চোৱা-চিতা কৰাবলৈ লগত লৈ গুচি যাওঁতে ডাঙৰজনী ছোৱালীৰ বয়স হেনো আঠ বছৰেই হোৱা নাছিল ৷ সৰুজনী ডেৰবছৰীয়া মাত্ৰ ৷
ডেৰবছৰীয়াজনীক মাজুজনীয়ে, মানে বায়েক যোগমায়াই কোলাই-বোকোচাই কেঁকো-জেঁকোকৈ লৈ টানি উমলাই ফুৰিছিল ৷
“দেহী !“
সোমলতাই যোগমায়াহঁতক সেই দিনবোৰত দেখা নাই, তথাপি ভাবিলেই দুখ লাগি যায় ৷
বাহাদুৰ ঢুকোৱাৰ পাছতেই পৰিয়ালটোৰ ওপৰত গোটেই অথন্তৰবোৰ একেলগে নামিল ৷ জেচিবিয়ে দ-কৈ খান্দি থোৱা খাৱৈৰ পানীত পৰি সৰুজনী ছোৱালী মৰি থাকিল ৷
সেই এটা অথন্তৰেইনে ?
আৰু কত’ যে ধুমুহা নামিল পৰিয়ালটোলৈ !
একে আষাৰে – “ক’বলৈয়ো লাজ লাগে ৷ শুনিলেও গাত জ্বৰ উঠে ৷ এনেকুৱা অথন্তৰবোৰ ঘৰৰ ভিতৰত জীয়াৰী-বোৱাৰীয়ে শুনাটোও মুঠতে মহাপাপ ৷“
এইখিনি সোমলতাৰ মানুহটোৱে কোৱা কথাহে, সোমলতাই নিজে কোৱা বা দেখা কথা নহয় ৷
সোমলতাৰ মানুহটো আগতে কুঁৱাৰিতেই কাম কৰিছিল ৷
হাতত বাহু বলো যথেষ্ট আছিল ৷
“ঐ বীৰেন, বীৰেন আছনে“ বুলি মানুহে কিবা নহয় কিবা কামত দিনত এবাৰলৈ হ’লেও বিচাৰি আহিবই ৷ মানুহটোৱেও আনক সহায় কৰিবলৈ পালে বৰ ভাল পাইছিল ৷
শেষৰ দিনকেইটাহে বৰ কষ্টৰে গ’ল তেওঁৰ ৷
মৰাৰ আগমুহূৰ্তত মানুহটোৱে সোমলতাকেই চিনি নাপালে ৷ অথচ হুচটো থকালৈকে সেহাই সেহাই গালিশপনিকিটা হ’লেও পাৰি আছিল ৷ এটা শব্দ হ’লেও ক’ব নেকি বুলি সজাগ-সন্ত্ৰষ্ট হৈ ৰৈছিল সোমলতা ৷
নাই, একোৱেই নক’লে ৷
মাছৰ বেপাৰীয়ে বজাৰত বেচিবলৈ অনা জীয়া মাছে ৰ’দৰ তাপত মৰোঁ মৰোঁ কৈ মুখ মেলি থকাৰ দৰে মুখ মেলিয়েই থাকিল ৷ কথাবোৰ মনলৈ আহিলে এতিয়াও বুকুখনত খৰালিৰ পথাৰৰ দৰে শুকানকৈ ফাঁট এটা মেলা যেন লাগে সোমলতাৰ ৷
বৰ বিষ উঠে ৷
সোমলতাৰ মানুহটো স্বভাৱতে অলপ খঙাল আছিল ৷ কাম বেছি হ’লেও খং কৰিছিল ৷ দিনত কাম বন একো এটা গোটাই ল’ব নোৱাৰিলেও সোমলতাকেই খং কৰিছিল ৷
কোনোবা নেপালী মজদুৰ, বিহাৰী ড্ৰাইভাৰৰ লগত কথাৰ কটাকটি হ’লেও ঘৰলৈ আহি গোষ্ঠী উজাৰি গুৱালগালি পাৰিছিল ৷ তথাপি সোমলতাৰ অপাৰ মৰম আছিল নিজৰ মানুহটোলৈ ৷ মূৰত ৰ’দ বৰষুণ লৈ তেওঁ নিজেই পুৱাৰ পৰা গধূলিলৈকে শিলৰ কুঁৱাৰিত কাম কৰিছিল ৷
টুকুৰীত শিল তুলি ট্ৰেক্টৰত উঠাই দিছিল ৷ ভৰি পৰা প্ৰতিখন ট্ৰেক্টৰৰ হিচাপত জেপলৈ আহিছিল দিন হাজিৰা ৷
কেৱল সোমলতাৰ মানুহটোৱেই নহয়, গাঁৱৰ আধাভাগ মানুহে দিনত কুঁৱাৰিত থাকি কাম কৰে বুলিলেও ভুল নহয় ৷
আবেলি কুঁৱাৰিৰ পৰা আহোঁতে সোমলতাৰ মানুহটোৱে সদায় লগত মাছ এমুঠি হ’লেও লৈ আনিছিল ৷ তাৰেই কচুলতিৰে নতুবা ঢেকীয়া ঔৰে মাছৰ টেঙা জোল ৰান্ধে সোমলতাই ৷ কেতিয়াবা অলপ বেছিকৈ আনিলে ধোঁৱা-চাঙত তুলি মাছবোৰ কৰকৰিয়াকৈ শুকাবলৈ দিয়ে ৷
পিছত খুন্দি গুড়ি কৰি চুঙাত ভৰাই থৈ দিয়ে ৷
ৰাতিপুৱা ৰঙা পইতা ভাত, নিমখ-জলকীয়া, আলু পিটিকাৰ লগত চুঙাৰ শুকান মাছ দি খাবলৈ বৰ সোৱাদ ৷ গিৰীয়েক আৰু ল’ৰা দুটাই সুৰুপ সুৰুপকৈ আঙুলি চুপি খায় ৷
সেয়াই আনন্দ, সেয়াই জীৱন আছিল সোমলতাৰ ৷
পিছে কথাবোৰ সদায় একেই হৈ নাথাকিল ৷
মৰাসুঁতিৰ বুকুত গাড়ীৰ চকাই দাগ কাটি উলিয়াই লৈছিল একা-বেঁকা বাট ৷ বাৰিষা গৃহস্থৰ চোতালত কেঁচু-কুমতি খোৱাৰ লোভত হাঁহৰ জাকে উলাহতে দৌৰি আহি উপদ্ৰৱ কৰাৰ দৰে শিল বালিৰ লোভত ঘৰং ঘৰংকৈ শব্দ কৰি মৰাসূতিৰ বাটেৰে কেঁকো-জেঁকোকৈ আহি সোমাইছিলহি প্ৰকাণ্ড জেচিবি, ট্ৰাক আৰু ডাম্পাৰবোৰ ৷
ৰাক্ষসৰ দৰে হাঁতোৰা মেলি যেনেকৈহে শিল বালি খান্দি উঠায়, মানুহে এশ দিনত কৰা কাম এঘন্টাতে কৰি আজৰি ৷ খৰালি শেষ হৈ বাৰিষা আহিবলৈকে নাপায়, তাৰ আগতেই শিলনিৰ বুকু সুদা হৈ তাত দ খাল একোটা সৃষ্টি হৈ পৰে ৷
কন্ট্ৰেক্টৰৰ মুনাফা ৷ গাড়ীৰ মালিকৰ লাভ ৷ ড্ৰাইভাৰবোৰৰো দপদপনি বাঢ়িল ৷
বালিত পোত গৈ থকা শিলবোৰ তুলিবলৈ হাতবোৰৰ প্ৰয়োজন নোহোৱা হৈ পৰিল ৷ অৱশ্যে মানুহবোৰৰ কাম ৰ’লগৈ শিলবোৰ ডাঙৰ সৰু চাই ভাগ কৰাত ৷
চেণ্ড-গ্ৰেভেল চালি বালি উলিওৱাত ৷
বালি বেলেগে, শিল বেলেগে ৷
এইবোৰৰ মাজতে পঢ়া আধাতে সামৰি ল’ৰা দুটাই অগা-পিছাকৈ ছোৱালী পলুৱাই নিলে ৷ বাপেকটোৱে হতাশ হৈ সমস্ত দোষ সোমলতাৰ ওপৰতে জাপি গৰজি উঠিছিল ৷ ভয়তে দৰ্জাৰ কোণত লুকাই চাদৰৰ আঁচলেৰে চকুলো মচি কান্দিবহে পাৰিছিল সোমলতাই ৷
কিনো কৰিব পাৰিলেহেঁতেন নহ’লে ?
একো কৰিব নোৱাৰিলে বাপেকেও ৷
বিধিৰ লিখনেই যেতিয়া বুলি দুজনীকৈ বোৱাৰীক লখিমী সজাই ঘৰলৈ আনিবহে পাৰিলে ৷ এবছৰতে অগা-পিছাকৈ দুটাকৈ নাতি ল’ৰাও জন্মিল ৷ মুঠতে সোমলতাৰ ঘৰ ভৰি পৰিল ৷
হঠাতে এদিন কুঁৱাৰিত হুলস্থুল লাগিছিল ৷
জেচিবিয়ে শিল খান্দি থাকোতে একেবাৰে বালিত দ-কৈ পোত গৈ থকা বৃহৎ কাঠৰ কুন্দা এটা ওলাল ৷ কুন্দাটো আকৌ শিলিখা গছৰ ৷ বছৰ বছৰ ধৰি যে বালিত পোত গৈ আছিল ৰং চালেই ধৰিব পাৰি ৷ সহজে পোকেও নষ্ট কৰিব নোৱাৰিব ৷
মুঠতে অতি উত্তম কাঠ ৷
ড্ৰাইভাৰটোৰ লগতেই প্ৰথমে সোমলতাৰ মানুহটোৱেই দেখিছিল কুন্দাটো ৷ ড্ৰাইভাৰে বৰ এটা আগ্ৰহ নেদেখুৱালে ৷ সেয়ে জেপৰ অলপ ধন ভাঙি মানুহটোৱেই কুন্দাটো উঠাব বিচাৰিলে ৷ প্ৰথমতে নালাগে বুলি কৈছিল যদিও পিছলৈ সোমলতাৰ মানুহটোৰ যো-জা দেখি ড্ৰাইভাৰৰো লোভ লাগিল ৷ ইফালে অলপ ধন ভাঙিছিলেই সোমলতাৰ মানুহটোৱে ৷ তাতেই ভুল বুজাবুজিটো হ’ল ৷
ড্ৰাইভাৰে মালিকক গৈ কথাটো লগালেগৈ ৷
বোলে এনে এটা কুন্দা মালিকৰ হাততহে পৰিব লাগিছিল, সাহস কৰিছে আকৌ টোকোনাটোৱেহে ৷
মালিক পিছদিনাই আহিল কুঁৱাৰিলৈ ৷
“কিমান টকা ভাঙিলি অ’ তই“ বুলি তীৰ্যক হাঁহি এটা মাৰিলে ৷ মানুহটোৱে সবিনয়ে কোৱাৰ পাছতো ওলোটাই ধমক দিহে আঁতৰাই পঠিয়ালে ৷ তাকে লৈ গাড়ীৰ ড্ৰাইভাৰ, লগতে মালিকৰ লগতো অলপ কথাৰ অৰিয়াঅৰি হ’ল ৷ সেইদিনা আবেলি বেলাই কন্ট্ৰেক্টৰে মানুহটোক মতাই নি ক’লে –
“বীৰেন, তই কাইলৈৰ পৰা কামত আহিব নালাগে ৷“
মূৰত ধুমকৈ শিলনিৰ শিল এটাহে যেন সৰি পৰিছিল ৷
নহয়, কোনোবাই সোমলতাৰ ঘৰখনকেই ভেটিৰ পৰা মূধচলৈকে ধৰি জোকাৰি দিছিল ৷
কথা নহয় যেন বতাহহে !
মালিকৰ লগত কাজিয়া কৰা বুলি একেৰাতিতে বদনাম ওলাই গ’ল ৷ মালিকৰ ৰোষত পৰাৰ ভয়ত বাকীবোৰেও একেচাটেই এৰাই চলিব ধৰিছিল ৷
সোৱণশিৰিৰ ইমান ডাঙৰ শিলৰ কুঁৱাৰিখনত একেটা দিনতেই মানুহটোৰ বাবে কাম নোহোৱা হৈ পৰিল ৷
কাম বিচাৰি বহুবাৰ গৈয়ো কোঁৱাৰি চেলেকি উভতি আহিবলগীয়া অৱস্থা ৷
কুঁৱাৰিত কাম নথকাবোৰে, আধা কাম কৰি ভাতকেইটা খাই লোৱাৰ পাছত আকৌ কাম কৰিবলৈ এলাহ কৰাবোৰে কাঁইটীয়া বগৰী কেইজোপাৰ ছাঁত ঘূৰণীয়াকৈ বহি লৈ তিনপট্টি খেলি থাকে ৷ তাচপাতৰ উত্তেজনাই চুব নোৱাৰিলেও তাতেই থিয় হৈ চাধা মলি মলি দূৰৰ নদীখনলৈ কৰুণ দুচকুৰে চাই থাকে মানুহটোৱে ৷
এনেয়ে মানুহটোৰ নৈখনলৈ মৰম বহুত ৷
সেয়ে সকলোৱে জাকে জাকে এন এইচ পি চিত কাম কৰিবলৈ যাওঁতেও তেওঁ যোৱা নাছিল ৷ বৰঞ্চ সোৱণশিৰিত এন এইচ পি চিয়ে লোৱা নদী বান্ধৰ প্ৰজেক্ট নালাগে বুলি হাতত জোঁৰ লৈ সমদলত যোগহে দিছিল ৷ পিছে সমদললৈ মাতি নিওঁতা সকলৰ বেছিভাগেই এন এইচ পি চিতে কন্ট্ৰেক্টৰ চুপাৰভাইজৰৰ কাম পালেগৈ ৷ তাতকৈয়ো ওপৰৰ যি বৰ বৰ নেতা ওলাইছিল চব গভীৰ টোপনিতে বুৰ গ’ল ৷
আৱেগে সঁচাকৈয়ে মানুহক নুখুৱায় ৷
গতিকে কাম বিচাৰি সোমলতাৰ মানুহটোৱেও এন এইচ পি চি পাইছিলগৈ ৷ পিছে মনৰ জোৰ কমি গ’লে দেহাৰো জোৰ কমি আহে ৷ জোৰ নোহোৱা দেহাৰেনো তেওঁ টানেলত কেনেকৈ কাম কৰিব ?
নাপালে, মানুহটোৱে এন এইচ পি চিতো কাম নাপালে ৷
মনৰ দুখতে একেবাৰে শুকাই গৈছিল মানুহটো ৷
ঘৰতো শুদা নিমখ ভাত, কচু উতলাই নিমখেৰে পিটিকিয়েই পেট তৰিবলগীয়া অৱস্থা ৷
মানুহটোৰ গা ভাঙি গৈছিল ৷ মন ভাঙি গৈছিল ৷ কেইটামান মাহতেই একেবাৰেই বেমাৰী হৈ পৰিল ৷ তথাপি ডাক্তৰৰ ওচৰলৈ নিওঁতাও কোনো নোলাল ৷ ল’ৰা দুটাই এন এইচ পি চিত কামো পাইছিল ৷ পইচা পাতিও পায় ৷ পিছে দেউতাকৰ বেমাৰটো হোৱাৰ পাছৰপৰাই সিহঁতে ঘৰত থাকিবলৈকে অশান্তি পোৱা হ’ল ৷ তাতেই মানুহটোৱে দিন নাই ৰাতি নাই কথা বলকি থকা হ’ল ৷ সিহঁতে বাৰীৰ ভিতৰতে দুখন বেলেগ ঘৰ কৰি থকাৰ সিদ্ধান্ত লৈ পেলাইছিল ৷
সোমলতাইহে লুকাই লুকাই কান্দিছিল ৷
মানুহটোৱে কিন্তু পুতেকহঁতকো দোষ দিয়া নাছিল ৷ তেওঁ মাত্ৰ ফোঁপাই-জোপাই কৈছিল –
“মোৰ হাতৰ কাম কাঢ়ি নি মোক কাম নাইকিয়া কৰি পেলালে ৷ সিহঁতৰ অন্যায়ত নৈখনেই শুকাব চাবি ৷ চাই থাকিবি সোমলতা ৷“
কি ক’ব সোমলতাই ?
মুখৰ ভিতৰতে মাংস বাঢ়ি অহা ঘাঁটো হৈছিল মানুহটোৰ ৷ ঘাঁটো বাঢ়ি গৈ মঙহ খাই খাই গালেৰে সুৰংগ এটা কৰি ওলাই গৈছিল ৷ দেখা মানুহে দূৰাৰোগ্য বেমাৰ বুলিয়েই কৈছিল ৷ বাহিৰত নেদেখুৱালেও ভিতৰি হাড়লৈকে কঁপি উঠিছিল সোমলতা ৷
মানুহটোৰ মুখত সোমলতাই সাৱধানে গামোচা এখন মেৰিয়াই থৈ দিয়ে ৷ নাকত উৎকট গোন্ধ এটা লাগেহি ৷ সোমলতাৰেই মূৰ ঘূৰি যায় ৷ তথাপি গামোচাখন দমকলৰ তলত আধা পচা তক্তাত মেলি লৈ পানী মাৰি থুকুচি থুকুচি ধুই ৰ’দত মেলি দিয়ে ৷
মাজে মাজে মানুহটোৱে কান্দি উঠিছিল –
“মই মৰিলে তোৰ কি গতি হ’ব সোমলতা ? সিহঁতে তোক চাবনে ?“
এৰা ৷ জীৱনটোত সোমলতাই খালি মানুহটো আৰু ল’ৰা দুটাৰ আলপৈচান ধৰিবহে শিকিলে । মানুহটোৱে যি কয় সেয়াই শিলৰ ৰেখা ৷ মাইকী মানুহ বেছি ঘূৰা-ফুৰা কৰিলে, আৰ-তাৰ ঘৰলৈ গৈ ওকণি মেল মাৰি ফুৰিলে, মতা নাই মাইকী নাই যাৰে-তাৰে লগত কথাৰ কেটকেটনি মাৰিলে মানুহটোৱে মুঠেই ভাল নাপাইছিল ৷
কেলেই ! গাঁৱৰে কোনোবাই পদূলিতে “নবৌ“ বুলি কিবা বিচাৰি দুবাৰমান আহোঁতেই সোমলতাক মাকৰ ঘৰত থৈ অহা নাছিল জানো মানুহটোৱে !
তেতিয়া সৰুটো সোমলতাৰ গাতেই আছিল ৷
ভাগ্য ভাল আছিল বুলিহে ! পেটটো খুব বাঢ়ি অহা বুলি খবৰ পাই এদিন নিজেই গৈ লৈ আহিছিলগৈ ৷
গতিকে তেওঁ চিন্তাত ত’ত হেৰুৱাই পেলোৱাতো স্বাভাৱিক ৷
চিন্তাত মানুহটোৱে দিনে ৰাতিয়ে বাহাদুৰৰ ঘৈণীয়েককেই কেৱল দেখা পোৱা হৈছিল ৷ বাহাদুৰৰ ঘৈণীয়েকক তেতিয়ালৈকে এবাৰো দেখা নাছিল সোমলতাই ৷ নামটোহে অজস্ৰ বাৰ শুনিছিল ৷ কুঁৱাৰিৰ কাষতেই তৰি লোৱা বাহাদুৰৰ ক’লা বোকাময় তিৰপালৰ তম্বুটো মানুহটোৰ দুচকুৰেই সোমলতাই দেখিছিল ৷ তম্বুটোৰ বাহিৰতে ঘৰৰ চৌকা ৷ তাতেই ভাত-আঞ্জা ৰান্ধে বাহাদুৰৰ ঘৈণীয়েকে ৷
ৰান্ধি-বাঢ়ি থকালৈ দুয়ো মিলিজুলিয়েই থাকে ৷ বাহাদুৰেও শান্তিত বহি বিড়ি হুপে ৷ যিদিনা ৰান্ধিবলৈ একো নাথাকে সেইদিনাই চিঞৰ-বাখৰ, দন, হাই-কাজিয়া ৷
বাহাদুৰৰ অবাইচ মাত –
“ল’ৰা পোৱালী জন্ম দিব নোৱাৰা কুলক্ষণী তই ৷“
দুখোজ জঁপিয়াই আগুৱাই গৈ চিঞৰে ঘৈণীয়েকেও – “ল’ৰা এটা পেটত দিব নোৱাৰা নামৰদ বাহাদুৰ ৷ নিজৰ ঘৈণী ছোৱালীৰ পেট পালিব নোৱাৰা ভিক্ষাৰী ৷“
“কি ক’লি ! মূৰটো থেতেলি পেলাম তোৰ আজি ৷“
হাতত শিল এটা তুলি লৈ চোঁচা লয় বাহাদুৰে ৷ শাড়ী কোচাই “বচা ঐ“ বুলি বাহাদুৰৰ ঘৈণীয়েকে দৌৰি যোৱা দৃশ্যটো নৈৰ পাৰত সুলভ ৷
আগতে কুঁৱাৰিতেই শিল তোলা কাম কৰিছিল বাহাদুৰেও ৷ পিছত কোনোবা কনট্ৰেক্টৰৰ দয়াত লেবাৰৰ কাম পালেগৈ এন এইচ পি চিত ৷ কনট্ৰেক্টৰে মৰমতে ক’লে হেনো – এন এইচ পি চিত দৰমহা বেছি, বাহাদুৰে অন্ততঃ ঘৰ এখনকে বান্ধি ল’ব পাৰিব ৷ বাহাদুৰৰ ভেম কি চাবা, যেন সোণৰ খনিতহে হাত দিলে !
পিছদিনাই কুঁৱাৰি এৰি এন এইচ পি চি পাইছিলগৈ ৷
টানেল নিৰ্মাণৰ কাম বাহাদুৰৰ ৷
প্ৰথমে হেনো বাহাদুৰে ভয়তে বিচুৰ্তি খাইছিল ৷
সোৱণশিৰি হেন নদীখনে বলিয়া হওঁ বুলিলে কি ৰূপ ল’ব বাৰু ! তথাপি সাহ কৰিলে মানুহটোৱে ৷ মাটি অকণমান লৈ ঘৰ এখন বন্ধাৰ লোভতে জীৱটো মূৰত লৈ পাহাৰত উঠি টানেলত সোমালগৈ ৷
পিছে ভয়েই কাল হোৱাৰ দৰে হ’ল ৷
এন এইচ পি চিত দুমাহেই সম্পূৰ্ণ নগ’ল, বাহাদুৰ মৰি থাকিল ৷ মাটি খহনীয়াত খহি অহা প্ৰকাণ্ড শিল এটাই একেবাৰতেই মূৰটো থেতেলা কৰি পেলালে বাহাদুৰৰ ৷ দিনতে অন্ধকাৰ দেখি মানুহজনীয়ে হায়ৈ-বিয়ৈ কৰি কান্দিলে ৷ “লগতে মোকো নিনিলি কেলেই ঔ“ বুলি নাখাই-নবয় থাকিল দুদিনলৈ ৷ নৈৰ পাৰৰ মানুহবোৰো দুখত ব্যথিত হ’ল ৷ বোলে এনে পত্নীহে সতী পত্নী ৷
দুখীয়া হ’ব পাৰে বাহাদুৰ, কিন্তু ভাগ্যৱান ৷
পিছত কোম্পানীৰ মানুহে মানুহজনীক মাতি পঠিয়ালে ৷
“নলওঁ নলওঁ“ বুলি কৈয়ো কোম্পানীয়ে দিয়া পইচাখিনি হাত পাতি ল’লে বাহাদুৰৰ ঘৈণীয়েকে ৷
নলয়নো কি কৰিব, পেটৰ ভোকৰ আগত আৰু কিবা থাকেনে ?
বাহাদুৰৰ ঘৈণীয়েকে অলপ ওখ ঠাইত নতুনকৈ কেঁচা ঘৰ এখনো বান্ধিলে ৷
নৈৰ পাৰৰ একেখিনি মানুহ এইবাৰ হিংসাত জ্বলি-পুৰি মৰিল ৷ বাহাদুৰৰ ঘৈণীয়েকক লৈ নানা ৰটনা ৰটিলে ৷
দুদিনেই হোৱা নাই মৰা, বাহাদুৰৰ জীৱনটোৰ দাম লৈ ঘৰ বান্ধিলেইনে মানুহজনীয়ে ? কপালত সেন্দূৰৰ ৰঙচুৱা দাগটো ভালকৈ মচ খোৱাই নাই, মানুহজনীয়ে ৰং-চং কৰি বজাৰ-সমাৰ ঘূৰা আৰম্ভ কৰিলেইনে ?
এইবোৰ কৰি থাকোতেই কেঁচুৱা পোৱালিটো কুঁৱাৰিত খাৱৈতে পৰি মৰি থাকিল ৷ বচাবলৈ যোৱা মাজুজনীকো আনেহে কথমপি বচালে, মাকৰ ইফালে খবৰেই নাই ৷
বাপেক ঢুকাল বুলি অৰুণাচলৰ পৰা ডাঙৰ ছোৱালীজনীও ফিৰি আহিছিল ৷ মাক অকলশৰীয়া, লগতে গাভৰু জীয়েক ৷ ক’বলৈকে লাজ লাগে, তিনিমাহতে জীয়েকৰেই দেখোন পেট ডাঙৰ হ’ল ।
“পেটত থকা পোৱালীটোৰ দেউতাক পিছে নোলাল কোনো এটা ৷ শুনিছোঁ একেটা মানুহেই মাক জীয়েকৰ …..“
মাকৰ পঁজা ঘৰখনৰ কাষতেই জীয়েকে বেলেগকৈ তিৰপালেৰে তম্বু তৰিবলগীয়া অৱস্থা এতিয়া ৷ মাক-জীয়েক নহৈ একেবাৰে সতিনীহে যেনিবা ৷ দুয়ো ইজনীয়ে সিজনীক চাবকেই নোৱাৰে ৷
“ভাবিলেই জ্বৰ উঠে ঔ ৷ মইতো মৰিলোৱেই সোমলতা ….“
চিন্তাত দীঘলকৈ হুমুনিয়াহ এৰিবলৈ গৈ মানুহটো কাঁহি কাঁহি লেবেজান হৈ পৰিছিল ৷ মানুহটোৰ জ্বৰ উঠিছিল ৷ বতাহতে গৰম ভাপটো উৰি আহি কাষত বহি থকাজনৰ গা গৰম কৰিব পৰাকৈ তীব্ৰ জ্বৰ ৷
হাতত টকা এটা নাই ৷
পেৰাত বেচিবলৈকো ফুটাকড়ি এটা নাই ৷
ওৰে ৰাতি সাৰে থাকি এবাৰ কপালৰ ঘাম আনবাৰ গালৰ ফুটাৰে ওলাই অহা মুখৰ লালটি মচি ত’ত পোৱা নাছিল সোমলতাই ৷ মাজৰাতিও মানুহটোক জীৱন্তে শুহি খাব খুজিছিল ভেনা মাখিবোৰে ৷ নিজৰ চাদৰখন খুলি মোটোকাই লৈ আক্ৰোশত মাখিবোৰক মাৰি মাৰি একোণত গোটাই থৈছিল সোমলতাই ৷
দুখ আৰু হতাশাত বলিয়া হৈ চিঞৰি উঠিছিল –
“তহঁতে জীয়াই আছ নে মৰিলি ঐ ৷ বাপেৰক জীয়াই থাকোঁতেই ভেনা মাখিয়ে খাব বিচাৰিছে ৷“
“ঐ ৰাজু ৷ ঐ দ্বীপ ৷“
সৰ্বশক্তিৰে পুতেকহঁতৰ নাম লৈ চিঞৰিছিল সোমলতাই ৷ চিঞৰ-বাখৰত কাষৰ ঘৰৰ মানুহবোৰো আহি গোট খাইছিলহি ৷ খগেন মাষ্টৰো সোমাই আহিছিল ৷ হালধীয়া বাল্বৰ ক্ষীণ পোহৰত উন্মুক্ত বুকুৰ ব্লাউজ, নিজৰ চাদৰখনেৰে ভেনা মাখি মাৰি থকা সোমলতালৈ তভক মাৰি চাই ৰৈছিল খগেন মাষ্টৰে ৷ তাৰপাছত সাউৎকৰে ওলাই গৈছিল কোঠাৰ পৰা ৷ ওভতি আহি টকা এহাজাৰ সোমলতাৰ হাতত গুজি ল’ৰা দুটাক নাম নোলোৱাকৈ গালি পাৰিব ধৰিছিল ৷ সোমলতাই ভালেই পাইছিল ৷ পাৰক গালি, মাষ্টৰ নাছিল জানো ল’ৰা দুটাৰ ৷
গালি শুনি ৰাজু আৰু দ্বীপো সোমাই আহিছিল চুচুক্ চামাককৈ ৷ কোনোবাই গাড়ী এখনো যোগাৰ কৰি দিছিল ৷ দ্বীপে উপযাচি লগত যাম বুলি ওলোৱাতহে মুখলৈ পানী আহিছিল সোমলতাৰ ৷
মেডিকেলত একো ভূ-ভা বুজি নোপোৱা সোমলতাই বগা কোট পিন্ধা বৰ ডাক্তৰজনক দেখোতেই সাইলাখ ভগৱানকহে যেন দেখা পাইছিল ৷ ভৰিখনতে ধৰিছিলগৈ পোনেই, তথাপি সোমলতাৰ মানুহটো নাবাচিল ৷
ডাক্তৰে কৈছিল – “বেমাৰটোৱে মূৰত পালেগৈ ৷ বৰ দেৰি কৰিলে ৷“
মানুহটো মেডিকেলতে ঢুকাল ৷
নাৰ্চে তেজ ল’বলৈ খোঁচা-বিন্ধা কৰি থকাৰ মাজতেই চকুকেইটা আধা মেলা কৰি থকাতেই গ’লগৈ ৷
বানপানীয়ে ঘৰ ভঁৰাল উটুৱাই নিয়া বিপৰ্যস্ত মানুহৰ দৰে হৈ পৰিছিল সোমলতা ৷ মাকক অকলশৰীয়া হৈ পৰা দেখি দ্বীপে লগতে ৰাখি ল’ব বিচাৰিছিল, সোমলতাইহে নাযাওঁ বুলিলে ৷ দুখৰ বোজাসোপা নি সিহঁতৰ সুখৰ সংসাৰত জাপি দিবলৈ মন নগ’ল সোমলতাৰ ৷
খগেন মাষ্টৰে বোলে – “মই থকালৈকে তোৰ ওপৰত একো বিপদ আহিবলৈ নিদিও ৷ তই চিন্তা কৰিব নালাগে, মই কাষতে থাকো দেখোন সোমলতা ৷“
মাতটো প্ৰয়োজনতকৈ সৰু ৷
চাৱনিটো প্ৰয়োজনতকৈ অলপ কোমল ৷
“কাষতে“ শব্দটো অলপ বেছিকৈয়ে শুনা পাইছিল নেকি সোমলতাই ?
এনেকুৱা কি বিপদ হ’বনো ! আছে নহয় হাত দুখন ৷
পিছে কি কৰিব পাৰেনো সোমলতাৰ হাত দুখনে ৰন্ধা-বঢ়াৰ বাহিৰে ? অকলশৰীয়া নিশাবোৰত, নিজম দুপৰীয়াবোৰত চিন্তাৰ সোঁতাল পকনীয়াত পাক খাই ৰৈছিল সোমলতা ৷
এদিন ৰ’দ ঘাই এটা পুৱাত সোমলতাই বাৰীত কাম কৰি থকাৰ পৰাই দেখিছিল, গোটেই মানুহবোৰ জাক পাতি পাতি ক’ৰবালৈ গৈছে ৷ ক’লৈ গৈছে ?
সোমলতাৰ উৎসুক দুচকুলৈ চাই কমল দোকানীয়ে উত্তেজিত সুৰত চিঞৰি কৈ গৈছিল – “নদীখন শুকাই গ’ল ৷“
উচপ খাই উঠিছিল সোমলতা ৷
কি ? নদীখন শুকাই গ’ল !
পাহাৰৰ কোমল মাটি খহি হেনো টানেলৰ মুখতে পৰিল ৷ পানীৰ সোঁত চকুৰ আগতেই কমি আহিছিল, এতিয়া একেবাৰেই নোহোৱা হ’ল ৷ নিজৰ অজানিতে খোজ দি ওলাই আহিছিল সোমলতাও ৷ যেন কোনোবা প্ৰিয় মানুহৰ শৱযাত্ৰাত চামিল হ’বলৈ নিজে নিজেই ওলাই আহিছিল দুখন ভৰি, এখন শোকাকুল হৃদয় ৷
নৈৰ পাৰত তেতিয়া এজুম মানুহৰ ঘিটঘিটনি ৷ উত্তেজিত কন্ঠস্বৰ ! মানুহৰ ভিৰ ফালি গৰাৰ একেবাৰে মূৰত থিয় দিছিলগৈ সোমলতাই ৷
নিজৰ দুচকুকেই যেন বিশ্বাস নকৰিব ৷
গা ধোৱা ঘাটত বান্ধি থোৱা কাঠৰ নাওঁবোৰে নৈৰ তলী চুইছিলগৈ ৷ শুকাই যোৱা নৈৰ বুকুত মাছবোৰ যি য’ত আছিল তাতেই ৰৈ গৈছিল ৷ তলী উদং নৈৰ বুকুত ছটফটাই পৰি ৰৈছিল বগা বগা মাছ, মিছামাছ ৷ মানুহবোৰো জঁপিয়াই পৰিছিল ৷ যিয়ে য’তে পাৰে তাতেই মাছ বুটলি ভৰাবলৈ ধৰিছিল ৷ কি যে দৃশ্য !
বিস্ময়কৰ ভাৱে নিষ্ঠুৰ ?
নে নিষ্ঠুৰভাৱে বিস্ময়কৰ ?
এনে লাগিছিল – জোৰকৈ কোনো নাৰীৰ বুকুৰ চাদৰ খহাই দিয়াৰ দৰে মানুহ আৰু যন্ত্ৰৰ হাতত উমুক্ত হ’ল নৈৰ বুকু ৷
অথচ এই নদীয়েইতো মাতৃ ৷
সম্পদ, জীৱন সকলো দিয়া নাই জানো মানুহক !
নীৰৱে বৈ যোৱা, কেৱল দুহাতেৰে দি যোৱা নৈখনৰ ওপৰত মানুহৰ ইমান অত্যাচাৰ !
ছটফটাই উঠিছিল সোমলতা ৷
সেইদিনা গোটেই ৰাতি শুব নোৱাৰি বিছনাতে ইকাটি-সিকাটি কৰি ৰৈছিল ৷ পিছদিনা আকৌ পুৱাতেই নৈৰ পাৰলৈ বুলি ওলাই আহিছিল ৷ সেইদিনাও মানুহবোৰৰ মাজত হাই-উৰুমী ৷ এন এইচ পি চিত হেনো নদী বান্ধৰ গেট খুলি দিয়া হৈছে ৷ গেটৰ মুখলৈ পানী উঠি আহিলেই নৈ ভৰি পৰিব পুনৰ ৷
এৰা ৷ পিছদিনা সঁচাকৈয়ে পানী নামি বৈ আহিল নৈৰ বুকুলৈ ৷ প্ৰথমে লাহে লাহে, তাৰপাছত চাওঁতে চাওঁতে পুনৰ চঞ্চল নীলা পানীৰে উপচি পৰিল নৈৰ বুকু ৷
সেই একেই চিৰন্তন অবিৰাম সোঁত ৷
বুকুৰ ঘাঁ পাহৰি বৈ থকাৰ নামেই নেকি জীৱন ?
দুচকুৰে চকুলো বাগৰি নামিছিল সোমলতাৰ ৷
আনন্দত অধীৰ হৈ ! নে শোকত ব্যাকুল হৈ ! নাজানে ৷
কিন্তু ন-কৈ জীৱন পোৱা সোৱণশিৰিয়ে সোমলতাকো সেইদিনা এটা নতুন জীৱন দিলে ৷
হাতখনে শিল বালিহে চালিব নোৱাৰিব, কিন্তু শিল বালি চালি থকা মানুহখিনিক তামোল চাহ অকণটো যোগাৰ দিবই পাৰিব ৷ সেইদিনা সোমলতাই ভাবি অহা মতেই ৰঙা চাহ তপতাইছিল নৈৰ পাৰতে ৷
মানুহে আগ্ৰহেৰে কিনিও খাইছিল ৷
সেয়াই আৰম্ভণি ৷
শিলৰ কুঁৱাৰিৰ কাষতেই প্ৰথমে লাল চাহ, তামোল-পাণৰ দোকান দিলে সোমলতাই ৷ লাভৰ হিচাপ মিলি যোৱাত পিছলৈ গাখীৰ চাহো দিব পৰা হ’ল ৷ মানুহবোৰেও ক’বলৈ ধৰিছিল – “বাইদেউ, মাংস ভাতৰো যোগাৰ কৰক, দুপৰীয়া হোৱালৈ পেট কলমতিয়াই যায়গৈ ৷“
কথাটো ভাবি চাইছিল সোমলতাই ৷
ৰাজু আৰু দ্বীপেও এদিন দেউবাৰ এটা মিলাই হোটেলৰ বাবে চালি এখন বান্ধি দিলেগৈ ৷ যি বাহাদুৰৰ ঘৈণীজনীৰ ৰংচঙীয়া ঢং দেখিলেই সোমলতাৰ মানুহটোৰ গাত জ্বৰ উঠিছিল, সেই বাহাদুৰৰ পঁজা ঘৰখনৰ কাষতেই মাংস ভাতৰ হোটেল পাতিলেগৈ সোমলতাই ৷
বাহাদুৰৰ পৰিয়ালটোক দেখি সোমলতাৰ গাত জ্বৰ নুঠিল ৷ বৰঞ্চ সমবেদনাহে জাগি উঠিল ৷
ঘৰতে মদ-পানী বনাই বেচি কোনোমতে নিজৰ আৰু জীয়েকৰ পেট পালিছে বাহাদুৰৰ ঘৈণীয়েকে ৷ কাৰো ওচৰত হাত পাতি খোৱা নাই ৷
যোগমায়াৰো তেনেই কেটেঙা শৰীৰ ৷ এমূৰ পাতল হালধীয়া চুলি ৷ চুলিৰ আগ ফাটি ঝাওবনৰ দৰে হৈছে ৷ সোমলতাৰ আগে পিছে প্ৰায়ে চুচুক চামাক কৰি ৰয় তাই ৷
সেয়ে এদিন সোমলতাই সুধিছিল – “মাংসখিনি ধুই দিব পাৰিবি ?“
তাই তৎক্ষণাত উত্তৰ দিছিল – “পাৰিম ৷’
সেইদিনাৰে পৰাই সোমলতাৰ হোটেলত তাই নিয়মীয়া ৷
সোমলতাক কামত সহায় কৰে ৷ বিনিময়ত তাই ভালকৈ খাবলৈ পিবলৈ পায় ৷ লাভৰ পইচা দুটামানো চুবলৈ পায় ৷
গাটোও এতিয়া দেখ দেখকৈ ঠন ধৰি উঠিছে ৷
সোমলতাৰ ভাল লাগে ৷
একেসময়তে চিন্তাও লাগে ৷
যোগমায়াৰ বাঢ়ি অহা বুকুখন দিনক দিনে পাতল মলিয়ন চোলাৰ আঁৰেৰে প্ৰকট হৈ ধৰা দিছে ৷ তাকেই নিৰীক্ষণ কৰি থকা চিকাৰী চকুবোৰক মন নকৰাকৈ থকা নাই সোমলতাই ৷
হয়তো মন কৰিছিল যোগমায়াৰ মাকেও ৷
সেয়েতো হঠাতে কৈ পেলাইছিল –
“কিছুমান মানুহ দেখাতহে মানুহ হয়, ভিতৰি শগুণহে ৷ একো একোটা বুঢ়া শগুণ ৷“
বুঢ়া শগুণবোৰলৈ সোমলতাৰো সঁচাকৈয়ে ভয় লাগে ৷
কেৱল যোগমায়াৰ বাবেই নহয়, নিজৰ বাবেও ৷
যোগমায়াৰ মাকৰ বাবেও ৷
পিঠিত বাপেক নোহোৱা কেঁচুৱাটো দাঙি ওৰে দিন শিল বালিৰ কাম কৰা বাহাদুৰৰ ডাঙৰ জীয়েকৰ বাবেও ৷
কুঁৱাৰিত কাম সামৰি ঘৰলৈ ওভতি অহা বাটত সোমলতাই প্ৰায়ে কেবাদিনো লগ পাইছে খগেন মাষ্টৰক ৷ বাটতে ঠিক নহয়, আলি কেঁকুৰিত থকা শিলিখাজোপাৰ তলৰ আন্ধাৰ ঠাইডোখৰত ৷ নতুবা নামঘৰটো পাৰ হ’লেই পোৱা ঘন বাঁহনিডৰাৰ ওচৰত ৷ এনেকুৱা কিয় লাগে যেন খগেন মাষ্টৰে জোপ লৈ থাকে সোমলতা অহা সময়খিনিলৈ !
সোমলতাৰ দুজনীকৈ গাভৰু বোৱাৰীয়েক আছে ৷
দুটাকৈ নাতি আছে ৷
কি বিচাৰিছে খগেন নামৰ এই অধঃপতনে যোৱা বুঢ়াটোৱে !
কি বিচাৰিছে সেয়া ভালকৈ ভাবি চালেই লাজে অপমানে সোমলতাৰ মৰি যাওঁ মৰি যাওঁ যেন লাগে ৷
সৌ সিদিনাৰহে কথা ৷
কাপোৰকেইটা ধুই আচাৰানি মাৰি পুৰণি বাঁহৰ বাৰিডালত মেলিবলৈ লওঁতেই চল চাই সোমাই আহিছিল খগেন ৷ তামোলে খহটা কৰা ডিঙিত বৰ যত্নেৰে কোমলকৈ সুৰটো উলিয়াই সুধিছিল –
“নোৱাৰা হৈ আছ নেকি সোমলতা ?“
এজাক বৰলেহে যেন একেলগে ডাকিছিল সোমলতাক ৷
সোমলতাৰ দুচকুত জ্বলি উঠা জুইৰ আঙনি দুটালৈ চাইয়ো খগেন মাষ্টৰ ৰৈ যোৱা নাছিল ৷ সি অসভ্যই মুখ খুলি পেটৰ গেলাসোপা আধা বমিয়েই কৰি পেলাইছিল ৷
গেলা নহয়নো কি ?
নিজৰ ৰুগীয়া মানুহজনীক দেখোন ঘৰতে আলাই-আথানী কৰি পেলাই থৈছে ৷ মেডিকেললৈ নি বৰ ডাক্তৰক এবাৰো দেখুৱাই আনিব পৰা নাই ৷
সেই খগেনে হেনো সোমলতাৰ দুখ সহিব পৰা নাই ৷ পাৰিলে সোমলতাক নিজৰ ঘৰলৈকেই নিলেহেঁতেন, মানুহজনী ৰুগীয়া হ’লেও জীয়াই আছে বাবেহ বিপদটো হৈছে ৷
কোনে বুজাব খগেনক !
বিপদ সোমলতাৰহে হৈছে খগেনৰ পৰা ৷
এই নৰকীটোৰ বাবেই এতিয়া নিয়মিতভাৱে প্ৰতি মাহে মাহেকীয়া হৈ থকা কথাটোতো সোমলতাৰ অশান্তি লগা হৈছে ৷ হওঁতে সোমলতাৰ বয়সৰ গাঁৱৰ আন মহিলাসকলৰো নোৱাৰা হৈয়েই আছে ৷ কিন্তু তেওঁলোকৰ বিপদ নাই ৷ বিপদ উকা কপালৰ সোমলতাৰহে ৷
খগেন এটা বুঢ়া শগুণ, যি দুৰ্বল বুলি ভাবে সোমলতাক ৷
গৰু মৰিব বুলি আশা কৰি বেমাৰী গৰুৰ ওচৰত শগুণে জোপ লৈ ৰৈ থকাৰ দৰে সোমলতা কেতিয়া ভাঙি পৰিব সেই মুহূৰ্তটোলৈকে যেন খগেন অধীৰ অপেক্ষাত ৷
খগেনৰ দৰে শগুণবোৰে সোমলতা যোগমায়াহঁতক অবলা হৈ থকাটোৱেই বিচাৰে ৷ কান্ধ এখনৰ দৰকাৰ বুলি জোৰকৈ সোঁৱৰাই দিব বিচাৰে ৷
“কাম কৰি কৰি তই ক্ষীণাই গৈছ দেখোন একেবাৰে সোমলতা !“
“অকলশৰীয়া মাইকী মানুহ তই ৷ মই আছোঁ নহয় ৷ সদায়ে থাকিম ৷ নিৰাপদে থাকিব পাৰিবি তই ৷“
সোমলতাৰ হাঁহি উঠি যায় ৷
নিৰাপত্তাৰ আকাশখন কেনেকুৱা তাইক বুজাই ক’ব লাগিছেনে খগেন মাষ্টৰে ?
কুঁৱাৰিত এতিয়া ৰমৰমিয়াকৈ চলি আছে সোমলতাৰ হোটেলখন ৷ নিজৰ থকা ঘৰখনো ভালকৈ বন্ধাই লৈছে ৷ নতুনকৈ বাটাম বেৰা দি চালিত টিনপাত লগোৱাইছে ৷ পাকঘৰতেই আধা জীৱন কটালে সোমলতাই ৷ তাত পানীৰ আকাল হ’লে কি কষ্ট হয় জানে, সেয়ে অলপ টকা খৰছ কৰি হ’লেও পাইপেৰে পানী উঠা ব্যৱস্থা এটা কৰাই লৈছে ৷ পুতেক দুটাক কৈ নাতি দুটাকো ভাল স্কুলত দিয়াইছে ৷ প্ৰয়োজনত ল’ৰা দুটাক মাজে মাজে টকা এশ দুশ হ’লেও দিব পাৰিছে ৷ মাজে মাজে আশী বা ডেৰশ সূতাৰ মুঠি একোটা কিনি আনি বোৱাৰীয়েকহঁতৰ হাতত তুলি দিব পাৰিছে ৷ উলাহতে গা সাতখন আঠখন কৰি পুৰণি মাটিশালত খিটাং-টাং কৰি মাকো মাৰি থকা বোৱাৰী দুজনীক দেখিলেই বুকু শাঁত পৰি যায় সোমলতাৰ ৷ হওঁক ৷ কাপোৰে কানিয়ে ৰঙীয়ালহে মাইকী মানুহ ৷
মাকো মাৰিবলৈ হাতখন খজুৱাই যায়গৈ আগতে, তথাপি সূতা অকণকে আনি নিদিছিল মানুহটোৱে ৷
শালত বহিলেই সমস্ত জগৰ ৷
সোমলতাই তেওঁক গুৰুত্ব নিদিয়াকৈ তলমূৰ কৰি মাকো মাৰি থাকিলে কেনেকৈ হ’ব ? সময়মতে তামোল-চালি যোগান ধৰা, পানী গিলাচ মুখতে আনি তুলি দিয়া কামবোৰ তৎপৰতাৰে কোনে কৰিব ?
গোটেই ঘৰৰ বাহি-বন শেষ কৰি আজৰি হ’ল বুলিয়েই শাললৈ দৌৰ দিব লাগেনে সোমলতাই !
মানুহটোৰ বৰকৈ চাধা খোৱাৰ নিচা ৷
অকণ মুখৰ কোণত ভৰাবলৈ পালে কামৰ মাজতো শান্তি পায় ৷ গতিকে এনেই থকা সময়খিনিত বজাৰৰ পৰা কিনি অনা চাধাপাতকেইখনকে মিহিকৈ কুটি থৈ দিব নোৱাৰেনে সোমলতাই ?
পাৰিছিল ৷ সোমলতাই পাৰিছিল ৷
সেয়ে আজৰি সময়বোৰত চাধা পাতখিনিকে একেলগে নুৰিয়াই, পিৰাৰ কোণতে চোকা কটাৰী এখনেৰে মিহি মিহিকৈ কুটি টেমাত ভৰাই থৈ দিয়ে ৷ মানুহটোৰ গেৰগেৰনিৰ আগত সোমলতাৰ ইচ্ছাৰ স্থাননো ক’ত আছিল !
ইচ্ছাৰ কথা ক’বলৈ সাহস ক’ত আছিল !
কিমান বয়স আছিল ভালকৈ মনতেই নাই, কিন্তু খুব কম বয়সতেই সোমলতা বিয়া হৈ আহিছিল মানুহটোৰ লগত ৷
ন-কইনা হৈ ঘৰখন ধৰিব আৰম্ভ কৰা দিনটোৰে পৰা পচিশ বছৰে একেলগে সংসাৰ কৰিলে ৷
মানুহটোৱেও ঘৰখনৰ বাবেই কৰিলে গোটেই জীৱন ৷ জীয়াই থকা শেষ দিনটোলৈকে কংকালটো হৈ হ’লেও মূৰত নিৰাপত্তাৰ চালি এখন হৈ আৱৰি ৰাখিছিল সোমলতাক ৷
মানুহটো হঠাতে নোহোৱা হ’ল ৷
নিৰাপত্তাৰ চালিখন গিৰিসকৈ খহি পৰাতহে সোমলতাই দেখিলে, মূৰৰ ওপৰত অন্য এখন আকাশো আছে ৷ পদূলিৰ বাহিৰতো আছে অন্য এখন পৃথিৱী ৷ এইখন পৃথিৱীত অনভ্যস্ত আছিল সোমলতা ৷ এতিয়া লাহে লাহে খোজ পেলাইছে ৷ সঁচা অৰ্থত এতিয়াহে অনুভৱ কৰিছে ৰ’দৰ তাপৰ দহন, বৰষুণৰ চেঁচা টোপাল, নতুবা বতাহৰ ধূলিয়ৰি বা ৷ দুহাত আজুৰি কাম কৰিছে সোমলতাই ৷
ক্ষীণাইছে যদি ক্ষীণাওক ৷
হাড়েও দাঙিব নোৱাৰাকৈ মঙহ এসোপা গাত গোটাই লৈনো কি কৰিব ?
নিজৰ ইচ্ছামতেই কাম কৰিছে সোমলতাই ৷ পেটে-ভাতে ধুনীয়াকৈ খাই, আনকো খুৱাই জীয়াই আছে ৷ অলপ কষ্ট হ’লেও স্বাচ্ছন্দ্য জীৱনৰ আনন্দ কি, সেয়া বুজি উঠিছে সোমলতাই ৷ এই আনন্দতেই জীৱনৰ আচল সোৱাদ ৷
কোনে কৈছে সোমলতা দুৰ্বল !
কোনে কৈছে সোমলতা অসুখী !
সোমলতা সুখী ৷ বহুত সুখী ৷
এই সুখ এৰি কোনো খগেনে দিয়া নিৰাপত্তাৰ সোৱাদ আৰু নালাগে সোমলতাক ৷
—— সমাপ্ত——