প্ৰাচীন দেৱালয়খনৰ দিশে কৌতূহলী দৃষ্টিৰে চাই ৰ’ল আৰতীয়ে ৷ দেৱালয়খনৰ ঠিক পিছফালৰ পৰাই আৰম্ভ হৈছে অচিন কাঠনিৰে ভৰা অৰণ্যখন ৷ চাওঁতে চাওঁতে সেই অৰণ্যৰ বুকুত ক্ৰমান্বয়ে বাট হেৰুৱাব ধৰিছে দুপৰৰ বেলিটোৱে ৷ ডুবিবলৈ ধৰা দিনটি আৰু ৰৈ ৰৈ বলা চেঁচা বতাহজাকে মিলি জয়াল কৰি তুলিছে পৰিৱেশটো ৷
ইতিহাস বিভাগৰ ছাত্ৰী আৰতী ব্ৰহ্ম ৷
এটা বিশেষ গৱেষণামূলক কামৰ বাবে যোৱা কেইবামাহৰ পৰাই অসমৰ চুকে কোণে থকা বিশেষ পীঠ আৰু দেৱালয়সমূহলৈ গৈছে তাই ৷ অৱশ্যে তাই অকলে নাযায় ৷ তাইৰ লগত প্ৰায়ে আহে বান্ধৱী সুলক্ষণা ৷ সুলক্ষণা দত্ত ৷ সুলক্ষণাৰ অৱশ্যে গৱেষণামূলক কোনো উদ্দেশ্যে নাই ৷ প্ৰাচীন দেৱালয় চোৱাৰ লোভ সামৰিব নোৱাৰিহে আৰতীৰ লগত আহে তাই ৷ লগতে ফটো তোলে, ভিডিঅ’ বনায় ৷ পেপাৰে পত্ৰই লিখে ৷
এইবাৰো আৰতীৰ লগত আহিছে সুলক্ষণা ৷ দিনজোৰা যাত্ৰাৰ ক্লান্তি আঁতৰাবলৈ এতিয়া তাই ভাত পানী খাই শুই পৰিছে ল’জৰ বিছনাত ৷ শুবলৈ চেষ্টা কৰিছিল আৰতীয়েও ৷ কিন্তু শুবহে নোৱাৰিলে তাই ৷ সেয়ে বেগৰ ভিতৰত কাগজ কলম আৰু কেমেৰা লৈ অকলেই ওলাই আহিল তাই দেৱালয়খন চাবলৈ ৷
জোপোহা, বন, লতিকাৰ মাজেৰে অযত্নপালিত দেৱালয়লৈ সোমাই যোৱা ঠেক বাটটো সৰ্পিল আৰু সেমেকা ৷ দিশহীন হৈ ইচ্ছামতে তাত বগাই ফুৰিছে অচিন লতাজাতীয় ৷ সেই বাটেৰেই এখুজি দুখুজিকৈ দেৱালয়খনৰ দিশে খোজ দিলে তাই ৷ মাটি, ইটা, ভগা শিলৰ টুকুৰাৰ এটা স্তুপত উঠি ফটো কেইখনমান লোৱাৰ উদ্দেশ্যে কেমেৰাটো হাতত তুলি লওঁতেই চেঁপা চিঞৰ এটা অতৰ্কিতে সৰিল আৰতীৰ মুখেৰে ৷
শেলুৱৈ ধৰা শিল ইটাৰ ফাঁকৰ পৰা নৃত্যৰত ভঙ্গীমাত উঠি আহিছে দুডাল দুমুখীয়া কেঁচু ৷ কেঁচু দুডালে তাইৰ স্কাৰ্টৰ তলছোৱা চুওঁ চুওঁ কৰিছেহি ৷
দুখোজ পিছুৱাই আহিল তাই ৷ নাচি থকা কেঁচু দুডালক তাইৰ হঠাতে নৃত্যৰে সাধনা কৰা সেই অতীজৰ দেৱদাসীসকলৰ দৰেই লাগিল ৷
ভাৱত বিভোৰ হৈ কেঁচু দুডাললৈ চাই থাকোঁতেই ডাঙৰকৈ কোনোবাই গল-হেকাৰি মৰাত উচপ খাই উঠিল আৰতী ৷
“কোন ? কোন আছে ইয়াত ?“
অকণমান আগুৱাই যাওঁতেই তাই দেখিলে, দেৱালয়ৰ সন্মুখত এগৰাকী বৃদ্ধা বহি ৰৈছে ৷ তেওঁ তলমূৰকৈ কিবা শাক বন খুচৰি ফুৰিছে ৷ হয়তো কাষৰেই কোনোবা ৷ সন্তৰ্পণে শিল ইটাৰ স্তুপৰ মাজেৰে খোজ দিলে আৰতীয়ে ৷ তাইৰ ভৰিৰ গচকত শব্দ কৰি বাগৰি পৰিল সৰু সৰু শিল আৰু ইটাৰ টুকুৰা ৷ বুঢ়ীজনীও যেন উচপ খাই উঠিল ৷
: কোন তুমি ?
সেই খহটা শীতল কন্ঠ শুনি অজানিতে জিকাৰ খাই উঠিল আৰতী ৷ তাই সেপ গিলিলে ৷
: ম…মই আৰতী ৷ আৰতী ব্ৰহ্ম ৷
: আৰতী ! ইয়ালৈ কিয় আহিছা ?
: মই ইতিহাস বিভাগৰ ছাত্ৰী ৷ অসমত পূৰ্বে প্ৰচলিত দেৱদাসী নৃত্য প্ৰথাৰ ওপৰত মই গৱেষণা কৰি আছোঁ ৷
কুঞ্চিত হাঁহিৰ অজস্ৰ ৰেখা একেলগে বিয়পি পৰিল বৃদ্ধাৰ মুখমণ্ডলত ৷ তেওঁ কটাক্ষ ভৰা সুৰত ক’লে –
: দেৱদাসী ! নটী বুলি কোৱা ৷ গৱেষণা কৰিবলৈ আহি তাকেই নাজানানে ?
বিদ্ৰুপৰ সুৰত ক’লে বৃদ্ধাই ৷ যেন তেওঁ এগৰাকী সাধাৰণ বৃদ্ধা নহয়, অভিজ্ঞ পি এইচ ডিৰ গাইডহে ৷ আৰতীয়ে লৰালৰিকৈ ক’লে –
: অহ হয় হয় ৷ আপুনি জানে নেকি তেওঁলোকৰ বিষয়ে ?
বিৰক্তিৰ ভাৱ ফুটি উঠিল বৃদ্ধাৰ দুচকুত ৷ উপহাসৰ সুৰত তেওঁ ক’লে –
: মই নাজানিমনে নটীসকলৰ বিষয়ে !
তেনেকৈ কৈ তেওঁ দেৱালয়খনৰ দিশে চালে ৷ তাৰপিছত আকৌ চালে আৰতীৰ মুখলৈ ৷ তেওঁৰ বগা চামনি পৰা ঢুলঢুলীয়া চকুহাল কুমলি আহিল ৷ ক্ষণিকৰ বাবে তেওঁৰ মুখত বিৰিঙি উঠিল জটিল ভাৱনা মিশ্ৰিত এটি চাৱনি ৷
: নটী সকলৰ বিষয়ে জানিব খুজিছাতো ৷ আহা মোৰ পিছে পিছে ৷
তেওঁ যেন আৰতীক নিৰ্দেশহে দিলে ৷ যাবলৈ অকণমান সংকোচ হ’ল যদিও মন্ত্ৰমুগ্ধৰ দৰে আগুৱাই গ’ল আৰতী ৷ আগে আগে বৃদ্ধা ৷
আৰতীয়ে মন কৰিলে, দেৱালবোৰত যুগ যুগ ধৰি খোদিত হৈ ৰৈছে শিলৰ প্ৰতিমাবোৰ – বিবিধ নৃত্য ভঙ্গীমাৰে ৷ আটাইবোৰেই বিশেষ হস্তচালন আৰু অঙ্গ চালন মুদ্ৰাৰ ৷ শিলত কটা প্ৰতিমাবোৰৰ বেছিভাগেই সম্পূৰ্ণ অক্ষত ৰূপত নাই ৷ কোনোটোৰ হাত, ভৰি, আঙুলি নাই ৷ কোনোটোৰ আকৌ মূৰ কান্ধ নাই ৷ চৰকাৰী সংৰক্ষণৰ অভাৱ আৰু মানুহৰ অৱহেলাৰ ফল ৷ অথচ ধাৰ্মিক, পুৰাতত্ব আৰু ইতিহাসৰ দিশৰ পৰাও কিমান গুৰুত্বপূৰ্ণ এই দেৱালয়সমূহ !
কি যে দুখ লগা অৱস্থা ৷ ভিতৰি ইছ ইছাই উঠিল আৰতী ৷
তাই মন কৰিলে , বাহিৰখনৰ তুলনাত ভিতৰৰ দেৱালবোৰত খোদিত প্ৰতিমাবোৰ প্ৰায়ভাগেই অক্ষত ৰূপত আছে ৷ স্পষ্ট ৷ বাহিৰৰ পৰিৱেশ জয়াল যদিও ভিতৰখন পোহৰময় ৷ অন্য মানুহৰ কোনো চিন চাব নাই, কিন্তু অদূৰৰ পৰা মানুহৰ হাঁহি, কথা-বাৰ্তা আৰু পদ ধ্বনি শুনা গ’ল ৷
: ভিতৰত মানুহ আছে নেকি ?
ইফালে সিফালে চাই আৰতীয়ে সুধিলে ৷
: মানুহ ? কিয় নাথাকিব ? মন্দিৰত মানুহৰেইতো দপদপনি ৷ দেৱতাহে অলৰ ৷
বৃদ্ধাৰ কথাত আক্ষেপৰ সুৰ এটা যেন ৰৈ ৰৈ বাজি উঠিল ৷
যিয়েই নহওঁক, ভিতৰত মানুহ আছে বুলি জানিব পাৰি মনে মনে সকাহ পালে আৰতীয়ে ৷ নহ’লে, অকণমান হ’লেও অজান ভয় ভাৱ এটাই যেন ক্ৰিয়া কৰি আছিল তাইৰ মনত ৷ বৃদ্ধাৰ পিছে পিছে দেৱালয়ৰ বৰচৰাত খোজ থ’লে আৰতীয়ে ৷
: এটা সময়ত ইয়াতেই বোধহয় নৃত্য অৰ্চনা কৰিছিল দেৱদাসীসকলে ৷ পাৰ্থিৱ সুখ সম্ভোগৰ পৰা আঁতৰি ৷
: এটা সময়ত কিয় ? আজিও নৃত্যৰে বিগ্ৰহৰ সাধনা কৰে তেওঁলোকে ৷
আৰতীয়ে আচৰিত হৈ চালে বৃদ্ধাৰ মুখলৈ ৷ বৃদ্ধাই আপোনমনে নিজকে কোৱাৰ দৰে কৈ উঠিল –
: আজি সন্ধ্যা প্ৰহৰত তুলসীয়ে নাচিব ৷
: কোন তুলসী ?
: তুলসী ! তুলসী এজনী নটীৰ জী ৷ মোৰ নাতিনী ৷
নটীৰ জী ? এৰা ৷ আৰতীয়ে জানে – দেৱতাৰ বিগ্ৰহৰ লগত আত্মিক ভাবে বান্ধি দিয়া দেৱদাসী সকলো আচলতে মানুহৰ ভোগৰ সামগ্ৰীহে হয়গৈ ৷
: ইয়াত এতিয়াও নাচ গান পূজা অৰ্চনা হয় নেকি ?
অবিশ্বাসৰ ভাৱত সুধিলে আৰতীয়ে ৷ ভ্ৰম হৈছে নেকি এই বৃদ্ধাৰ ? নতুবা তাইৰেই ? আৰতীৰ প্ৰশ্ন শুনি বৃদ্ধাই ক’লে –
: যেতিয়ালৈকে বিগ্ৰহ থাকিব তেতিয়ালৈ নৃত্য পূজা অৰ্চনা চলিবই ৷
আৰতীয়ে বিশেষ একো নুসুধিলে ৷
তাই মাথোঁ ভাবিলে – বৃদ্ধাৰ কথাৰ সত্যাসত্য এতিয়াই দেখা যাব ৷
দেৱালয়ৰ কাষেৰে তললৈ নামি গৈছে এটি পকী খটখটি ৷
পকী খটখটিৰে অলপ তললৈ নামি গ’লেই তলত আছে এটি পুখুৰী ৷ পুখুৰীৰ সিপাৰে কেতেকী ফুলৰ বাৰী ৷ কি অনুপম দৃশ্য ! খটখটিৰে তললৈ দুঢাপ নামি গ’ল বৃদ্ধাই ৷
: সৌৱা তুলসী ৷
বৃদ্ধাগৰাকীয়ে আঙুলিয়াই দিয়া দিশে চাই পঠিয়ালে আৰতীয়ে ৷
পুখুৰীৰ নিৰ্মল পানীত তেতিয়া নিজৰ মুখছবি চাইছে কোমল বয়সীয়া ছোৱালীজনীয়ে ৷ আৰতীয়ে মুগ্ধ হৈ চাই ৰ’ল ছোৱালীজনীলৈ ৷
তাই এগৰাকী পাট গাভৰু ৷ পিন্ধনত তাইৰ কঁকাল ঘেৰি থকা বগা ৰঙৰ লহঙা ৷ গাত খাপ খাই থকা বগা গা চোলা৷ বুকুৰ ওপৰত টানকৈ মেৰিয়াই বন্ধা ৰিহা৷ নাভিপ্ৰদেশলৈ উলমি লাগি ৰৈছে ডিঙিৰ চন্দ্ৰহাড়, ৰঙীন মাদুলী আৰু গলপতা ৷ কাণত কাণফুলী ৷ নাকত নাকফুলী ৷ হাতত মুঠি খাৰু ৷ কপালত শিৰস্ৰাণ ৷ ভৰিৰ তলুৱাত ৰঙা আলতাৰ বোল ৷ দুচকুত তাইৰ গভীৰ ক’লা অঞ্জন ৷ ওঁঠত ডালিম ফুলীয়া এটি স্মিত হাঁহি ৷
অপূৰ্ব মুখৰ অঙ্গৰাগেৰে তুলসী যেন মৰতলৈ নামি অহা কোনো অপেস্বৰীহে ৷ হেঁপাহ পলুৱাই নিজৰ মুখখনলৈ চাই লোৱাৰ পিছত পকী খটখটিৰে লয়লাস খোজত উঠি আহিল তুলসী ৷ আৰতীয়ে তাইক কিবা ক’ব খুজিলে , কিন্তু তুলসীয়ে যেন তাইৰ উপস্থিতিক মনেই নকৰিলে ৷ আৰতীৰ সন্মুখেৰেই তাই পাৰ হৈ গ’ল ৷
নাকত দি গ’ল কেতেকী ফুলৰ সুবাস ৷
: তুলসীও এগৰাকী নটীয়েই হ’বগৈ নেকি ?
উত্তৰ নাপালে আৰতীয়ে ৷ তাই পুনৰ চালে তুলসীৰ ফালে ৷ ক’লৈ গ’ল তুলসী ? অহ ! সৌৱা ৷
তুলসীৰ বাট ভেটি ধৰিছে কোমল বয়সৰ ডেকা এজনে ৷
ডেকাৰ পিন্ধনত বগা কুৰ্তা আৰু কোমল ধূতি ৷ কান্ধত জাপি লৈছে চাদৰ ৷ তুলসীয়ে তলমূৰকৈ আগ দাঁতেৰে তলৰ ওঁঠ কামুৰী ধৰিছে নিজৰ ৷ ফুচফুচকৈ কিবা কথা কৈছে ডেকাই –
: তুমি নৃত্য নকৰিবা তুলসী ৷
ডেকাৰ আকুল স্বৰ ৷
: নৃত্য নকৰিলে জানো হ’ব ? দেউৱে নামানিব ৷ মায়েও নামানিব ৷ নৃত্য কৰি পূজা অৰ্চনা কৰিবলৈকেতো আমাৰ জন্ম ৷
তুলসীৰ কন্ঠত চঞ্চলতাৰ লগতে যেন সামান্য বিষাদ ৷
: কিন্তু তেওঁলোকে তোমাকো বিগ্ৰহৰ লগত বান্ধি পেলাব তুলসী ৷ সেয়া হ’লে আমি কেনেকৈ লগ হ’ম ?
ডেকাৰ গম্ভীৰ দুচকুলৈ চাই তুলসীয়ে শান্ত সৰল স্বৰত ক’লে –
: আপুনি দেউৰ পুত্ৰ ৷ ভৱিষ্যৎ আপুনিয়েইতো দেউ হ’ব ৷ আপোনাৰ নিৰ্দেশমতেই আমি পূজা অৰ্চনা কৰিম ৷
ডেকাই দুহাত ৰাখিলে তাইৰ কান্ধত ৷ তেনেতে কেইবাটাও নাৰী কন্ঠ একেলগে ভাঁহি আহিল ৷
“তুলসী“ “তুলসী“
: মই যাওঁ ৷
তুলসী উছপিচাই উঠিল ৷ থাপ মাৰি ধৰি ৰখোৱা হাতখনৰ পৰা কোনোমতে নিজক আঁতৰাই দৌৰি গুচি গ’ল তুলসী ৷ তুলসীৰ পিছে পিছে উৎসুকতাৰে দৌৰি উঠি আহিল আৰতী ৷ চকুৰ পচাৰতেই দেৱালয়ৰ পিছফালে থকা সৰু কোঠা এটালৈ সোমাই গ’ল তুলসী ৷
সন্তৰ্পণে পিছ ল’লে বৃদ্ধা আৰু আৰতীয়েও ৷
কোঠাত তুলসীৰ অপেক্ষাত আছিল মধ্যবয়সীয়া মানুহ এগৰাকী ৷ মানুহ গৰাকীয়ে তুলসীৰ হাতত তুলি দিলে পূজাৰ উপচাৰ থালি ৷
সেই থালিত ধিমিক ঢামাককৈ জ্বলিছে এটা প্ৰদীপ ৷
প্ৰদীপৰ চাৰিওকাষে বগা আৰু ৰঙা ফুল ৷ সেই প্ৰদীপৰ আভাত জিলিকি তিৰবিৰ কৰিছে তুলসীৰ দুচকুৰ জল মুক্তা ৷ কপালৰ সোঁমাজৰ ৰঙা ফোঁটটোৰ দুয়োপাৰে থকা চকু দুযুৰিত উগুল থুগুল ভাৱ ৷ তুলসীৰ মুখখন তুলি ধৰিলে মানুহজনীয়ে ৷ তেওঁ কৈ উঠিল –
: এনেকৈ মন বেয়া নকৰে তুলসী ৷ নৃত্য নটিকাৰ বাবেই আমাৰ জন্ম ৷ বিগ্ৰহৰ পূজাত সমৰ্পিত জীৱন আমাৰ ৷
: কিন্তু মা , বিগ্ৰহৰ পূজাত সমৰ্পিত যদি তুমি কিয় দেউৰ কাষলৈ যোৱা প্ৰতিনিশাই …
: দেউৰ শৰীৰতেইতো ভগৱান থাকে ৷ দেউক সন্তুষ্ট কৰা মানেই ভগৱানক সন্তুষ্ট কৰা তুলসী ৷
মাকে তাইৰ খোপাত এথোপা ফুল গুজি দিলে ৷
: মা মোৰ কেতিয়াবা ভাৱ হয় …
: নক’বা নক’বা সেইবোৰ এতিয়া তুলসী ৷ নটীৰ সন্তানৰ কোনো পিতৃ পৰিচয় নাথাকে ৷ তোমাৰো কোনো পিতৃ নাই ৷ এতিয়া একো নক’বা ৷ সন্ধ্যা আৰতিৰ সময় হৈছে ৷ সাজু হোৱা ৷ এই সপ্তাহৰে এটা দিনত দেউৱে নিয়ম নীতিৰ মাজেৰে তোমাকো বিগ্ৰহৰ লগত বান্ধি পেলাব ৷
: মোৰ যে মন নাই মা ৷
: এনেকৈ নকয় তুলসী ৷ দেউৱে খং কৰিব ৷
নিশ্চুপ হৈ থকা জীয়েকৰ মনৰ ভাৱ পঢ়ি ল’লে যেন মাকে ৷ তেওঁ এইবাৰ মৰমেৰে ক’লে –
: পিছলৈ বৈভৱেই এই দেৱালয়ৰ দেউ হ’ব ৷ তুমি তেতিয়া তেওঁকেইতো সন্তুষ্ট কৰিব লাগিব ৷
মাকে অন্য কথাৰ ইঙ্গিত দিছিল ৷ ইঙ্গিত বুজি লাজত মূছকঁছ যাব যেন ছোৱালীজনী ৷ পূজাৰ উপচাৰ থালিখন লৈ লাজুকুৰীয়া হাঁহিৰে এখুজি দুখুজিকৈ ওলাই গ’ল তুলসী ৷ তেনেতে বৃদ্ধাগৰাকী গপগপকৈ সোমাই গ’ল কোঠালৈ ৷ তেওঁ খঙেৰে তুলসীৰ মাকক ক’লে –
: কিয় মিছা ক’লা ? তুলসীয়ে কেৱল দেউকেই সন্তুষ্ট কৰিব নে ?
মানুহজনীয়ে উভতি ধৰিলে –
: মিছা নকৈ উপায় জানো আছে ৷ আৰু বেয়ানো কি হ’ব ? তুলসী সুন্দৰী ৷ ৰাজপ্ৰসাদত নৃত্য কৰিবলৈ গ’লে , ৰজা মন্ত্ৰীগণ সন্তুষ্ট হ’লে তাই পাব মাটি সোণ ৰূপ গহনা উপঢৌকন ৷ আমাক আৰু কি লাগে ? এয়াই আমাৰ জীৱন ৷
: বালা ৷ তোমাৰ লোভ বেছি হৈছে ৷
ক্ষোভত যেন কঁপি উঠিল বৃদ্ধা ৷ নুশুনাৰ ভাও জুৰিলে নটীগৰাকীয়ে ৷
: দেৰি হৈছে ৷ আজি মন্ত্ৰীগণৰ লগতে ইয়ালৈ স্বৰ্গদেউ আহিব ৷ পূজাৰ আৰতি নিজেই লৈ যাবহি, খবৰ পঠিয়াইছে নহয় ৷
দৌৰাদৌৰিকৈ ওলাই গ’ল তুলসীৰ মাক ৷
আৰতীয়ে উৎকন্ঠাৰে বৃদ্ধাৰ কাষ পালেহি ৷ তাই কিবা সোধাৰ আগতেই তেওঁ বিৰবিৰাই কৈ উঠিল –
: মন্ত্ৰীগণৰ লগতে ইয়ালৈ আজি স্বৰ্গদেউ আহিব ৷ এয়া ডাঙৰ কথা দেৱালয়ৰ বাবে ৷ স্বৰ্গদেউৰ অনুগ্ৰহতেই দেৱালয় সুকলমে চলে ৷ স্বৰ্গদেউ সন্তুষ্ট হ’লে দুহাত খুলি মন্দিৰৰ নামত দান কৰে ৷ সেয়ে বিগ্ৰহৰ লগত কোনো বন্ধন নাথাকিলেও নৃত্য কৰিব আজি তুলসীয়ে ৷
: কিন্তু বৈভৱ ..
: বৈভৱ ? হুহ ৷ তুলসী নটীৰ জী ৷ নটীৰ নাতিনী ৷ নটীৰ বাবে প্ৰেম এটা মিথ্যা ৷ এটা ভ্ৰম ৷
এক অদ্ভুত কৰুণতা ফুটি উঠিল বৃদ্ধাৰ দুৰ্বল খহটা কন্ঠত ৷
: আহা মোৰ পিছে পিছে ৷
লৰালৰিকৈ আঁতৰ হ’ল বৃদ্ধা ৷ পিছে পিছে দৌৰি যোৱাৰ দৰে গ’ল আৰতীয়ো ৷ কথাবোৰ ভালকৈ বুজিব পৰা নাই তাই ৷ তাই মাথোঁ দেখিছে লৱৰী ফুৰিছে তুলসীৰ মাক ৷ মাজে মাজে ইফাল সিফাল কৰিছে বৃদ্ধাই ৷ বাহিৰৰ পৰা ভাঁহি আহিছে এজাক ঘোঁৰাৰ খলপ খলপ পদ ধ্বনি ৷
“স্বৰ্গদেউ আহিছে ৷“
“মন্ত্ৰী গণ আহিছে ৷“
আৰতীয়ে কিন্তু ইফালে সিফালে চাইয়ো কাকো নেদেখিলে ৷ তাই মাত্ৰ দেখিলে – মন্দিৰৰ বৰচৰা সাৰি মচি চিকুণ কৰা হৈছে ইতিমধ্যে ৷ মন্দিৰৰ ঘন্টা বাজি উঠিছে ৷ বাজি উঠিছে আৰতি দবা কাঁহ ৷ ধূপ ধূণাৰ গোন্ধই আৱৰি ধৰিছে দেৱালয়ৰ গৰ্ভ গৃহ ৷
ধূপ ধূণাৰে ধুঁৱলি গৰ্ভগৃহত পূজাৰীৰ মন্ত্ৰ পাঠ আৰম্ভ হৈছে ৷ গৰ্ভগৃহৰ শিৱ লিংগত জলপুষ্প অৰ্ঘ্য দিছে নটীসকলে ৷ পূজাৰ শেষত মন্দিৰৰ বৰচৰাত আৰম্ভ হ’ল নটীসকলৰ নৃত্য ৷ একেবাৰে মাজত আৰু সন্মুখত আছে তুলসী ৷ গায়ন বায়নৰ ঢোল খোল আৰু তালৰ ছন্দে ছন্দে আৰম্ভ হ’ল নৃত্য সাধনা ৷ অদূৰৰ পৰা ভাঁহি আহিল ঢোল, তবলা, চিতাৰ, সন্তুৰ, বাঁহীৰ যুগলবন্দী ৷ সেই সুৰ আৰু শব্দৰ তালত তাল মিলাই বাউলী হ’ল তুলসী আৰু নটীসকল ৷ বিভিন্ন হস্তচালন আৰু পদচালন মুদ্ৰাৰে পশুপতিদেৱক সন্তুষ্ট কৰাৰ প্ৰয়াস ৷ নাচৰ তালত বাজিল কিঙ্কিণী ৷
জুনুক জুনুক জুনুক
সেই শব্দত যেন ফুটি উঠিছে এক প্ৰাৰ্থনা ৷ অব্যক্ত কৰুণ বিননি ৷ ফুটি উঠিছে বিষাদ, যন্ত্ৰণা আৰু একাকীত্বৰ দুখ ৷ দেৱতাৰ চৰণত সমৰ্পিত, অথচ সমাজৰ দ্বাৰা উপেক্ষিত ৷
শালৰ ডাঙৰ খুঁটা এটাৰ আঁৰত থিয় হৈ সেই নৃত্য অভিভূত হৈ চাই ৰ’ল আৰতীয়ে ৷ কিয় জানো দুচকু ভৰি আহিল তাইৰ অজানিতে ৷
নৃত্যৰ শেষত পূজা সমাপ্ত হ’ল ৷ কিবা কথা আলোচনাৰ হেতু দেৱালয়ৰ বৈঠকখানালৈ আহিল স্বৰ্গদেউ আৰু দুজনকৈ মন্ত্ৰী ৷ তালৈ মাতি অনা হৈছিল তুলসীক ৷ লাজে ভয়ে সোমাই আহিল তুলসী৷ পিছে পিছে আৰতীয়ো আহিল ৷ ভিতৰৰ দৃশ্য দেখি আশ্চৰ্যত দুচকু বহল হৈ পৰিল তাইৰ৷ জোঁৰৰ পোহৰত তেতিয়া বৈভৱপূৰ্ণ বৈঠকখানা ৷
বাহিৰৰ পৰা দেৱালয়ৰ ভিতৰৰ এই প্ৰাচুৰ্যৰ কথা যে অনুমানেই কৰিব নোৱাৰি ৷ বৈঠকখানাৰ ভিতৰত ফুলাম দীঘল গাৰুত আঁউজি অৰ্ধশায়িত হৈ পৰি ৰৈছে স্বৰ্গদেউৰ বিশাল শৰীৰ ৷ কান্ধত তেওঁৰ জাপি লোৱা পাটৰ চাদৰ ৷ তেওঁৰ লালায়িত দুচকুৱে মুগ্ধতাৰে যেন পান কৰিব খুজিছে তুলসীৰ বস্ত্ৰৰো আঁৰৰ শৰীৰ ৷
আলোঁছায়াৰ মাজত থিয় হৈ থকা তুলসী যেন কঁপি উঠিল ৷
কঁপি উঠিল আৰতীও ৷
কামাতুৰ ৰজাৰ কামনাৰ বলি হ’ব নেকি এই কিশোৰী ?
নটীৰ গৰ্ভত সুন্দৰী হৈ জন্ম পোৱাৰ ফল ভোগ কৰিব নেকি?
স্বৰ্গদেউৱে কোমল গম্ভীৰ চাৱনিৰে তুলসীক সাজু হ’বলৈ নিৰ্দেশ দিলে ৷
তুলসী ভয়ে ভয়ে ওলাই গ’ল ৷ তাৰপিছত , দেৱালয়ৰ দেউৰ লগত স্বৰ্গদেউৰ আলোচনা চলিল৷ আৰতীয়ে ফটোবোৰ পাৰেমানে কেমেৰাত আবদ্ধ কৰিলে ৷ তেনেতে, তুলসীক আকৌ এবাৰ মাতি পঠিয়ালে স্বৰ্গদেউৱে ৷ কিন্তু এইবাৰ তুলসী নাহিল ৷
“ক’লৈ গ’ল তুলসী ?“
মুহূৰ্ততে হুলস্থুল লাগিল ৷
বিচাৰ খোচাৰ চলিল ৷ তুলসীক বিচাৰি পোৱা নাই বুলি জানিব পাৰি খং, বিৰক্তি,অপমানবোধত স্বৰ্গদেউৰ মুখখন ৰঙা পৰিল ৷ ভ্ৰু কুঞ্চিত কৰি তেওঁ ধৈৰ্য্যৰে ৰ’ল ৷
“স্বৰ্গদেউ ঈশ্বৰ, ক্ষমা কৰিব ৷ তাই নিশ্চয় ওচৰে পাজৰেই আছে ক’ৰবাত ৷ সৰু ছোৱালী ৷ “
দেউৱে বিনয়েৰে ক’লে ৷ উত্তৰত একো নক’লে, কিন্তু উশাহ ঘন হৈ আহিল স্বৰ্গদেউৰ ৷ ভিতৰি শংকিত হ’ল সকলো ৷ স্বৰ্গদেউৰ এই মৌনতা ভয়ংকৰ ৷ শংকিত হ’ল আৰতীও ৷ ক’লৈ যাব পাৰে তুলসী ?
আৰতী দৌৰি গ’ল পিছফালৰ পুখুৰীৰ দিশে ৷ তাৰপিছত দৌৰি গ’ল দেৱালয়ৰ পিছ দিশে ৷ চাৰিওদিশে দৌৰা ধপৰা, ঘোঁৰাৰ পদধ্বনি শুনা গ’ল ৷ কাৰোবাৰ ক্ৰন্দনৰ স্বৰ ভাঁহি আহিল ৷ বোধহয় তুলসীৰ মাকৰ ৷
বৃদ্ধাৰ মুখখনো অশান্ত ৷ আশংকাত যেন অস্থিৰ ৷ তেওঁ আৰতীৰ আগে আগে খৰ খোজেৰে দেৱালয়ৰ চুক কোণ চলাথ কৰিছে ৷
উফ ! দৌৰি দৌৰি ভাগৰ লাগি গ’ল আৰতীৰ ৷
বুকু, ভৰিত অসহ্য বিষ এটা উঠিছে ৷
তেনেতে …
দুটা অবয়ৱ দেখা পালে আৰতীয়ে ৷ উশাহ নিয়ন্ত্ৰণ কৰি তাই আগুৱাই গ’ল সন্তৰ্পণে ছায়ামূৰ্তি দুটাৰ দিশে ৷
জোনাক ধোৱা আকাশখন মূৰত লৈ এজোপা গছৰ তলত বহি ৰৈছে তুলসী আৰু বৈভৱ ৷ বৈভৱৰ কান্ধত মূৰ থৈ বহি ৰৈছে তুলসী ৷ সি তাইৰ চুলিকোচাত হাত ফুৰাইছে ৷ পিছফালৰ পৰা দেখা গৈছে বৈভৱৰ বগা সাজ আৰু তুলসীৰ ক’লা গোম সাপৰ দৰে কিচকিচিয়া এপিঠি চুলি ৷
স্বৰ্গদেউৰ মানুহে দেখা পালে যে সৰ্বনাশ হ’ব ৷
ভাবোঁতেই আৰতীৰ বুকুখন কঁপি উঠিল ৷
তাই তুলসীক মাত দিয়াৰ আগতেই ধুপ ধাপ শব্দ কৰি কোনোবা দৌৰি আহিল ৷ তুলসীৰ মাক সেয়া ৷
মাকক দেখি জঁপিয়াই উঠিল তুলসী আৰু বৈভৱ ৷ মানুহজনীয়ে বিননিৰ সুৰত ক’লে –
: স্বৰ্গদেউৰ মানুহে তোমাক বিচাৰি ফুৰিছে তুলসী ৷ তুমি যাব লাগিব এতিয়াই ৷
: মই স্বৰ্গদেউৰ লগত নাযাওঁ মা ৷ মই দেউ পুত্ৰক ভাল পাওঁ ৷
আশংকা, ভয় আৰু খঙত মাক ছাটিফুটি কৰি উঠিল ৷
: নটীৰ কপালত প্ৰেম আৰু সেন্দূৰ নাথাকে তুলসী ৷ স্বৰ্গদেউৰ ইচ্ছা হ’লে তুমি দেৱালয়তেই পূজা অৰ্চনা দি থাকিব পাৰিবা ৷ তু … তুমি দেউ পুত্ৰকো পাবা ৷
: কি ?
এটা গৰ্জনত কঁপি উঠিব খোজে নিৰ্জন বননি ৷ সন্মুখত ৰৈছেহি দেৱালয়ৰ দেউ ৷ বৈভৱৰ পিতৃ ৷ ক্ৰোধ ভৰা মুখমণ্ডল তেওঁৰ কঁপি উঠিল ৷ কপালৰ সোঁমাজৰ ৰঙা তিলকটোৰ ৰং যেন তেওঁৰ দুচকুলৈ বিয়পিল ৷
এয় সম্ভৱনে ? ঈশ্বৰ আৰু দাসীৰ মাজত প্ৰেম ! দেউপুত্ৰৰ নীচ কুলৰ নটীৰ লগত প্ৰেম ! এই দাসীৰ মাতৃ ৰজস্বলা হোৱাৰ পূৰ্বৰ পৰাই তেওঁৰ শয্যা সংগিনী ৷ তেওঁ সেই সময়ত এনেকুৱাই সুন্দৰী আছিল ৷ অথচ প্ৰেমৰ দৰে নিকৃষ্ট ভাৱ কেতিয়াও অহা নাছিল তেওঁৰ মনলৈ ৷
এই ভাৱ কেনেকৈ আহিল বৈভৱৰ মনলৈ ?
অপৰাধ ৷ দেউ পুত্ৰক ৰূপৰ জালত পেলাই অপৰাধ কৰিছে এই নটীৰ জীয়ে ৷ ইয়াৰ পৰিণাম ?
দেউৰ ভৰিত পৰিল তুলসীৰ মাক আৰু বৃদ্ধা ৷
: ক্ষমা কৰক দেউ ঈশ্বৰ ৷ ক্ষমা কৰক ৷ এনে ভুল আৰু কেতিয়াও নহয় ৷
কঁপি কঁপি একাষে ৰ’ল তুলসী আৰু বৈভৱ ৷
ভয়তে আৰতীৰো উশাহ বন্ধ হোৱাৰ উপক্ৰম হ’ল ৷
তেনেতে নিৰ্জন বননিৰ নিৰ্জনতা ভংগ কৰি ভাঁহি আহিল সৈন্যৰ পদধ্বনিৰ স্বৰ ৷ শুনিলেই গম পোৱা যায় , দশোধিক সৈন্য আহি আছে এই দিশে তুলসীৰ সন্ধানত ৷
দেউৱে হাত দাঙি আশ্বাস দিলে ৷ আশ্বাস পাই ক্ষান্ত হ’ল তুলসীৰ মাক আৰু আইতাক ৷ কিন্তু …
যেতিয়া সৈন্যই সকলোকে ঘেৰি ধৰিলেহি, তেতিয়া দেউৱে আঙুলিয়াই দেখুৱাই দিলে তলমূৰ কৰি কান্দিবলৈ ধৰা তুলসীৰ দিশে ৷ সৈন্যই তুলসীক ঘেৰি ধৰিলে ৷ ভয়, দুখ আশংকাত ছটফট কৰি উঠিল বৈভৱ ৷
কিন্তু সি একো ক’ব নোৱাৰিলে ৷ আচলতে, কিবা ক’বলৈ সি সুযোগেই নাপালে ৷ এপলক মাত্ৰ ৷
স্বৰ্গদেউৰ প্ৰস্তাৱ অমান্য কৰি অন্য ডেকাৰ লগত পলাই যাবলৈ চেষ্টা কৰাৰ বাবে শিৰচ্ছেদ কৰি শাস্তি বিহা হ’ল তুলসীক ৷
ৰজাৰ আদেশ অমান্য কৰি তুলসীক পলাবলৈ ব্যৱস্থা কৰি দিয়াৰ বাবে একেই শাস্তি প্ৰদান কৰা হ’ল তুলসীৰ মাক আৰু আইতাকক ৷
তাৰপিছত, তুলসীক পলুৱাই নিবলৈ চেষ্টা কৰা সেই দুঃসাহসী অপৰাধী ডেকাৰ সন্ধানত ধুপ ধাপ শব্দ কৰি সৈন্যজাক পশ্চিমৰ দিশে গুচি গ’ল ৷
গছ এডালৰ আঁৰত থৰথৰকৈ কঁপি থাকিল মাথোঁ আৰতী ৷
এয়া সপোন নে দিঠক ?
তাইৰ দুচকুৰ আগতেই সঁচাকৈয়ে ঘটি গ’লনে এই নৃশংস ঘটনা ?
তাই থৰ লাগি চায়েই ৰ’ল মুণ্ডহীন নটীৰ শৰীৰ তিনিটালৈ ৷
এই সকলোবোৰ যে দেউৰ কথামতেই হ’ল ৷
পুত্ৰক ৰাজ সৈন্যৰ ৰোষৰ পৰা ৰক্ষা কৰি দেউ উভতি গ’ল দেৱালয়ৰ বৈঠকখানাৰ দিশে ৷ সকলো আঁতৰ হোৱাৰ পিছত, জোনাক প্লাবিত বননিত তুলসীৰ মুণ্ডহীন শৰীৰ সাবটি বৈভৱ এটা চেঁপা কান্দোনত ভাঙি পৰিল ৷ মুণ্ডহীন তুলসীৰ শৰীৰটো এবাৰলৈ যেন ধৰফৰাই উঠিল ৷
আঙুলিবোৰ লৰি থাকিল ৷ আলতা বোলোৱা ভৰিৰ পতাও লৰিল ৷ মিহিকৈ যেন বাজি উঠিল কিঙ্কিণীৰ সুৰ ৷
জুনুক জুনুক
এইবাৰ এই সুৰত নাছিল আনন্দ নতুবা তপস্যা ৷ নাছিল ঈশ্বৰৰ স’তে প্ৰেমত পৰাৰ উন্মাদনা ৷ আছিল মাথোঁ এটা অসহায় আৰ্তনাদ ৷
কাৰোবাৰ দৌৰি যোৱাৰ শব্দতহে যেন সম্বিত ঘূৰি আহিল আৰতীৰ ৷ তাইৰ দুচকুৰ আগতেই উদভ্ৰান্তৰ দৰে দৌৰি গ’ল বৈভৱৰ ওখ ক্ষীণকায় শৰীৰ ৷ তাৰ ঠিক পিছতেই দেৱালয় আৰু পিছফালৰ অৰণ্যানিৰ মাজত বৈ যোৱা নদীখনত জপংকৈ এটা গধুৰ শব্দ হ’ল ৷ নিৰ্জনতাৰ মাজত এটা বুদবুদনিৰ ধ্বনি শুনা গ’ল ৷
বৈভৱো গুচি গ’ল !
ক্ষোভ আৰু আক্ষেপত যেন ফাটি পৰিব আৰতী ৷
হাবি, বন, লতিকা ছিঙি তাই উদভ্ৰান্তৰ দৰে দৌৰি দৌৰি উভতিল দেৱালয়ৰ দিশে ৷ ইমান অন্যায় কেনেকৈ হ’ব পাৰে ?
এয়াতো নৃশংস হত্যাকাণ্ড ৷
আৰতীয়ে সেয়া হ’ব দিব নোৱাৰে ৷ তাইৰ হাতত ফটোবোৰ আছে ৷ এই ফটোবোৰেই ক’ব দেৱদাসীৰ কৰুণ জীৱনৰ কথা ৷ ঈশ্বৰৰ চৰণত সমৰ্পিত দেৱদাসীসকলক নিজেই ঈশ্বৰ হৈ ভোগ কৰা মানুহবোৰৰ কথা ৷
সেই নিৰ্জন বননিত দৌৰিয়েই থাকিল আৰতী ৷ দৌৰিয়েই থাকিল ৷ এই বননি যেন অন্তহীন ৷ আচৰিত !
ক’ত গ’ল সেই নটীৰ কোঠা ?
ক’ত গ’ল সেই পুখুৰী ? সেই বৈঠকখানা ?
তাইৰ সন্মুখত এতিয়া যে মাথোঁ প্ৰাচীন দেৱালয়ৰ কৌটিকলীয়া ভগ্নাৱশেষ ৷ এটা ডাঙৰ শিলৰ টুকুৰাত উজুত খাই উফৰি পৰিল আৰতী ৷ তীব্ৰ বিষত কেঁকাই উঠিল তাই ৷ এজাক চেঁচা বতাহো বলিল ৷
এখন শোটোৰা শীৰ্ণ হাতৰ হিম চেঁচা স্পৰ্শ তাই নিজৰ হাতখনৰ ওপৰত অনুভৱ কৰিলে ৷ পুনৰ ভাঁহি আহিল সেই খহটা স্বৰ –
: আহা আৰতী ৷ মোৰ পিছে পিছে আহা ৷ ময়েই ক’ম তোমাক নটীৰ ইতিহাস ৷
কুঞ্চিত হাঁহিৰ অজস্ৰ ৰেখা বিয়পিল সেই বৃদ্ধাৰ দুচকুত ৷
মৰাপাটৰ দৰে চুলিকোচাত সেয়া তেজৰ ৰং ৷ বিৱৰ্ণ শিলৰ প্ৰতিমাবোৰৰ দৰেই তেওঁৰ মুখখন মলিয়ন ৷ যেন যুগ যুগ ধৰি এই শিলৰ প্ৰতিমাবোৰৰ দৰেই মৃত্যুৰ পিছতো অশান্ত হৈ জীয়াই আছে এই বৃদ্ধা ৷ দেৱালয়ৰ ভগ্নাৱশেষৰ মাজত ৷এটা দীঘল চেঁচা হুমুনিয়াহ নিগৰিল বৃদ্ধাৰ নাসাৰন্ধ্ৰৰে ৷ আৰতীৰ মূৰৰ ওপৰেৰেই চিঁ -চিঁয়াই পাখি জোকাৰি উৰি গ’ল অচিন পক্ষীৰ এটা জাক ৷ নাকত লাগিলহি এটা মিশ্ৰিত দুৰ্গন্ধ – কেঁচা তেজ আৰু কেতেকী ফুলৰ ৷
এটা সময়ত ক’ব নোৱাৰাকৈয়ে চেতনাহীন হৈ বাগৰি পৰিল আৰতী ৷
“আৰতী“ “আৰতী“
গুঞ্জৰিত হ’ল কেইবাটাও অচিন কন্ঠ ৷
কোনোবাই যেন তাইক জোকাৰি দিলে ৷ কোনোবাই মুখত পানী ছটিয়ালে ৷ আৰতীৰ যেতিয়া হুচ ঘূৰি আহিল, তেতিয়া এখন গাড়ীৰ পিছৰ ছিটত নিজকে বহি থকা অৱস্থাত পালে তাই ৷ চিন্তিত দুচকুৰে বান্ধবী সুলক্ষণা তাইৰ কাষতেই বহি আছিল ৷
কঁপি থকা আৰতীৰ দুহাতত ধৰি সুলক্ষণাই ক’লে –
: এতিয়া ভাল পাইছানে অকণমান ? তুমি কিয় অকলে গৈছিলা সেই দেৱালয়লৈ ?
আৰতীয়ে উত্তৰ নিদিলে ৷
সুলক্ষণাও আৰু বেছিকৈ প্ৰশ্ন সুধি তাইক আমনি নকৰিলে ৷
সুলক্ষণাই নক’লেও তাই বুজি পালে কথাবোৰ ৷ হয়তো বহু দেৰিলৈ হেৰাই থকাৰ বাবে স্থানীয় মানুহ লগত লৈ তাইৰ সন্ধানত ওলাই আহিছিল সুলক্ষণা ৷
চালকে গাড়ী ষ্টাৰ্ট কৰি ক’লে –
: আজি পূৰ্ণিমা ৷ পূৰ্ণিমাৰ নিশা ইয়ালৈ কোনো নাহে ৷ ভাগ্য ভাল একো অঘটন যে নঘটিল ৷
উত্তৰত কোনেও একো নক’লে ৷ ভয়ে ভয়ে আৰতীয়ে কেমেৰাটো উলিয়াই চালে ৷ লগে লগেই মুখখন আতংকত শুকাই পৰিল তাইৰ ৷ ভিতৰি জিকাৰ খাই উঠিল তাই । কি আছিল সেয়া ?
এই যে অলপ সময়ৰ আগলৈকে তাই বিচৰণ কৰি আছিল অন্য এখন জগতত ! দুচকুৰ আগত ভাঁহি আহিল সেই মুখবোৰ ৷
তুলসী, বৈভৱ, বালা আৰু … আৰু সেই বৃদ্ধা !
কাণত ভাঁহি ৰ’ল কিঙ্কিণীৰ সেই জুনুক জুনুক সুৰ ৷
বাহিৰত তেতিয়া চৌদিশে জোনাক ৷
সমাপ্ত —-