প্ৰত্যেক বেটচতে থাকে এটা শ্ৰেণীৰ ষ্টুডেন্ট যি ইন্টেলিজেন্ট ৷
অত্যন্ত চোকা ৷ তেওঁলোক ক্লাছ টপাৰ, স্কুল টপাৰ, ইউনিভাৰ্চিটি টপাৰ, গল্ড মেডেলিষ্ট ৷ পঢ়া শুনা, প্ৰজেক্ট এছাইনমেন্ট চাবমিশ্যন, এক্সট্ৰা কাৰিকুলাৰকে ধৰি শিক্ষক শিক্ষয়িত্ৰীৰ লগত যোগাযোগ কথা বতৰালৈকে – সকলোতে আগৰণুৱা ৷
স্বাভাৱিকতে- এই প্ৰথম শ্ৰেণীৰ চোকা ছাত্ৰ ছাত্ৰীবোৰ কেম্পাছ ৰিক্ৰুইটমেন্ট আদিতেই চেলেক্টেড হৈ যায় ৷ ক’ৰপৰেট চেক্টৰ হওঁক বা চৰকাৰী প্ৰতিস্থানবোৰতেই হওঁক – মুঠতে চাকৰি আদিৰ বাবে তেওঁলোকেই ফাৰ্ষ্ট চইচ ৷
ফাইনেল ইয়েৰত থাকোঁতেই বা পঢ়ি উঠাৰ পাছতেই অকণো চিন্তা কৰিব লগা নোহোৱাকৈ চাকৰি এটাত সহজে সোনকালে মকৰল হৈ যোৱাটো অত্যন্ত সৌভাগ্যৰ কথা ৷
সুখৰ কথা ৷
বহুতৰে বাবে কিন্তু আৰম্ভণিতে লগা এই সুখ যেন অনুভৱটো স্থায়ী নহ’বও পাৰে ৷ প্ৰত্যেক মানুহেই, বিশেষকৈ চোকা মানুহবোৰে নিজৰ প্ৰতিভাৰ পূৰ্ণ বিকাশ ঘটাকৈ বা নিজৰ capability অনুসৰি কাম কৰিব নাপালে, বা সেইমতে জীৱনত ধন, টকা, ক্ষমতা, মৰ্য্যদা সকলো আৰ্জিব নাপালে অতি সোনকালেই ডিপ্ৰেশ্যনত ভুগে ৷
সেয়ে কেতিয়াবা চাকৰি কৰাৰ সুখ যেন লগা অনুভৱটো কাৰোবাৰ বাবে ফান্দত ভৰি থোৱা হেন অনুভৱো হ’ব পাৰে ৷
মাহেকৰ মূৰত অহা steady দৰমহাটোৰ মোহত বা তাৰ স্থায়িত্বত নিৰ্ভৰশীল মাইণ্ডবোৰ বন্দী হৈ পৰিব পাৰে ৷
দৰমহা বাঢ়ি গৈ থাকিব পাৰে, কিন্তু ক্ৰিয়েটিভ থিংকিং বা এক্সপানচন আদি ধাৰণাবোৰ যেন তাৰ সমান্তৰালকৈ decline হৈ আহে ৷
এই decline বোৰ অনুভৱ নকৰাকৈ থকাজনৰ কোনো সমস্যা নাই, কিন্তু যিয়ে অনুভৱ কৰে তেওঁলোক ক’ৰবাত হয়তো ভীষণ অসুখী হৈ পৰে ৷ কিছুমানে অনুভৱ কৰে আৰু সেইমতে নিজকে এক্সপ্লৰ কৰিবলৈ কমফৰ্ট জ’নৰ পৰা ওলাই অহাৰ ভীষণ ৰিস্ক এটা লৈ ল’ব পাৰে ৷
তেনেকুৱা দেধাৰ উদাহৰণো আছে ৷
আৰু এটা শ্ৰেণীৰ ষ্টুডেন্ট থাকে – যি জাষ্ট এভাৰেজ ৷
তেওঁলোকে বৰকৈ হাত দাঙি সকলো বিষয়তে নামাতে ৷ উত্তৰটো দিবলৈ বা প্ৰশ্নটো উত্থাপন কৰিবলৈ সংকোচবোধ কৰিব পাৰে ৷ সকলো সময়তে শিক্ষক শিক্ষয়িত্ৰীৰ লগত কথা বতৰা পাতি বা নিজৰ ডাউটবোৰ ক্লিয়াৰ কৰিবলৈ আগবাঢ়ি নাহিব পাৰে ৷
নিজৰ মাজত থকা প্ৰতিভাৰ বিষয়েও তেওঁলোক বহুপৰিমাণে অজ্ঞাত ৷ এইচাম ষ্টুডেন্ট সহজতে চেলেক্টেড নহ’ব পাৰে ৷ তেওঁলোকে ষ্ট্ৰাগল কৰিবলগীয়া হয় ৷ নিজৰ প্ৰচেষ্টাৰ বলত চাকৰি এটা পিচলৈ হ’লেও বহুতে যোগাৰো কৰি ল’ব পাৰে ৷
যিসকলে ষ্ট্ৰাগলটো সহিব নোৱাৰে তেওঁলোকে সাধাৰণতে জীৱনটো এভাৰেজভাৱেই চলাই নিয়ে বা তাতকৈয়ো কমতে মানি লয় ৷ সেইমতে মানসিকভাৱেও হয়তো সাজু হয় ৷
এই এভাৰেজ চামৰেই মাজৰ কিছুৱে ষ্ট্ৰাগল চলাই নিয়া কালতেই নিজৰ জীৱনটোক, নিজকে, নিজৰ মাজত থকা কেপাচিটিবোৰক নতুনকৈ এক্সপ্লৰ কৰিবলৈ আৰম্ভ কৰে ৷
তেওঁলোক ইমানদিনে যেন শুই আছিল, আৰু হঠাতে যেন জাগি উঠে ৷ নিজৰ মাজত থকা সাহস আৰু প্ৰতিভাক নতুনকৈ চিনি পাবলৈ আৰম্ভ কৰে ৷ তেওঁলোকৰ উৎসাহ বৃদ্ধি পায় ৷
নিজৰ মাজত থকা প্ৰতিভা চিনি পাবলৈ আৰম্ভ কৰাৰ লগে লগেই উঠিবৰ পৰত কুকৰেও মৈ টানে বোলা কথাটোৰ নিচিনা হৈ পৰে ৷ আনে ক’ব পাৰে ভাগ্য অমুক ভাগ্য তমুক বুলি, কিন্তু এবাৰ নিজৰ মাজত থকা সুপ্ত প্ৰতিভাক চিনিব পাৰিলে আৰু সেই প্ৰতিভা তুলি ধৰিবলৈ সহযোগ, উৎসাহ উদ্গনি পালে (বহুসময়ত এই উৎসাহ নিজৰ মাজত সৃষ্টি হয় আৰু নিজৰ ওপৰতেই ভৰষা কৰিও মানুহে আগবাঢ়ে) এইচাম মানুহে নিজকে, নিজৰ জীৱনটোক পূৰ্ণ সফল ৰূপত চকুত লগাকৈ সজাই তুলিব পাৰে ৷
সদগুৰুৱে কৈছে – আমি কি কৰিব বিচাৰোঁ, কি কৰিবলৈ আমাৰ মন যায় সেইটো প্ৰথমে জানি বুজি লোৱাটো অত্যন্ত দৰকাৰ ৷ কি কৰিলে বা কোনটো আমাৰ বাবে আটাইতকৈ safe হ’ব সেইটো নহয় ৷ Safe হৈয়েই যদি থাকিব বিচাৰোঁ তেন্তে grave বা শ্মশানতকৈ বেছি safe কি হ’ব পাৰে ?
শ্মশানত নীৰৱ হৈ যোৱাতকৈ শান্তিপূৰ্ণ আৰু কিবা আছে নেকি ?
জীয়াই থকালৈকে কিবা নহয় কিবা এটাটো ঘটিয়েই থাকিব ৷ ঘটিবলৈ দিয়া ৷ ঘটি থকাই উচিত ৷ অকল জীৱিকা বুলি যদি ভাবোঁ তেন্তে কেনেকৈ হ’ব ? মানুহ জীৱনটোৰ সকলো সম্ভাৱনা বুজিবলৈ হ’লে safe zone ৰ পৰা ওলাই আহিবই লাগিব ৷
মুঠতে চোকা বা এভাৰেজ বুলি নহয় ৷
সকলোৰে মাজত থাকে অন্তহীন সম্ভাৱনা ৷
সেই সম্ভাৱনাক পূৰ্ণ ৰূপ দিবলৈ comfort zone ৰ পৰা ওলাই আহিব পৰাটোৱেই আচল কথা ৷
নিজৰ মাজত থকা প্ৰতিভাক জগাই তুলি কৰ্ম যদি এটা প্ৰাৰ্থনাৰ দৰে নিতৌ কৰি যায় তেন্তে সেই ব্যক্তিক কোনে বাধা দিব পাৰে ?