আত্মপ্ৰেম

প্ৰেমত খুব চিৰিয়াছ হৈ কান্দি কাটি অনবৰতে লাগি থাকিব বিচৰাজনক সাধাৰণতে পেনপেনীয়া লাভাৰ বা অভাৰ ইমচনেলেই আখ্যা দিয়া হয় ৷ কাৰণ এনেকুৱা প্ৰেমিক/প্ৰেমিকা সঁচাকৈয়ে থাকে যি প্ৰেমত অন্ধ হৈ নিজক পাহৰি আনক বেছিকৈ ভাল পাবলৈ লয় ৷

আন এচাম থাকে যি প্ৰেমতো পৰে কিন্তু নিজকো পাহৰি নাযায় ৷ নিজক পাহৰি নাযায় বাবেই তেওঁলোক নিজৰ প্ৰথম প্ৰায়ৰিটি ৷

তেওঁৰ বাবে প্ৰেমতকৈয়ো ওপৰত তেওঁৰ আত্মসন্মান, নিজস্ব স্বাৱলম্বিতা আৰু অন্যান্য সকলো যি এজন মানুহক সফল মানুহ এজন হৈ উঠাৰ দিশলৈ আগুৱাই লৈ যায় ৷

এনে দুজাত মানুহ যদি প্ৰেমৰ বন্ধনত একেলগে আৱদ্ধ হৈ থাকে অটোমেটিকেলি এজন Giver (যি অলপ বেছিকৈ দিয়ে) আৰু আনজন taker (যি কমকৈ দিয়ে, লয় বেছিকৈ) হৈ পৰে ৷ ব্ৰক্ষ্মাণ্ডখনেই equal give and take ত চলি আছে বুলি কোৱা হয়, প্ৰেমৰ ক্ষেত্ৰতো এই কথাৰ প্ৰযোজ্যতা আছে ৷ য’ত equal give and take নাই, long term ত তাৰ সফলতাও নাই ৷

যদি থাকেও এজন সদায় কমতেই সন্তুষ্ট হ’ব লাগিব ৷

কমত সন্তুষ্ট হোৱাজনে আনজনৰ ভুল ত্ৰুটিবোৰো অদেখা কৰাৰ বা বাৰে বাৰে ক্ষমা কৰি থকাৰ সম্ভাৱনা থাকে ৷ এনে সম্পৰ্কৰ অভাৱ হয়তো নাই য’ত ক্ষমা, কম্প্ৰমাইজ আদি শব্দৰেই এখন সংসাৰ বৰ্তী থাকে ৷ সেই প্ৰেমৰ সম্পৰ্কত প্ৰকৃত আনন্দ থাকিব জানো ?

যিটো আমি কওঁ eternal happiness and bliss !

এই অভাৰ giver জনৰ obsessive প্ৰেম আনটোৰ বাবে ডিঙিত ওলমি থকা পঘা এডালৰ দৰেও হৈ যাব পাৰে ৷ অৰ্থাৎ – toxic love, য’ত এজনৰ প্ৰেম, আৱেগৰ প্ৰকাশ বা কান্দোন, প্ৰতিশ্ৰুতি ইত্যাদিবোৰ আনজনৰ বাবে মাথোঁ এটা পেনপেননি হৈ পৰে ৷

frustration, irritation ৰ কাৰক হৈ পৰে ৷

এনেবোৰ ক্ষেত্ৰত যি ভাঙোন মজ্জাতেই আৰম্ভ হৈছে তাক external কি কাৰকেনো জোৰা লগাই থ’ব পাৰিব ?

প্ৰেমত পৰাতো এটা অতি প্ৰাকৃতিক, অতি স্বাভাৱিক কথা ৷

ইয়াত মচগুল হৈ, নিজতকৈ বেছি আনজনক ভাল পাবলৈ বা বিশ্বাস কৰিবলৈ যদি আৰম্ভ কৰিছে সমস্যা হয়তো ঠিক তেতিয়াই আৰম্ভ হৈছে ৷ কাৰণ নিজক পাহৰি আনক অতি বেছিকৈ দি থকা স্বভাৱটোৰ বাবে আপোনাক লৈ লোৱা হ’ব সহজভাৱে, taken for granted ..

আজি যাক হৃদয় খুলি দিছে তেঁৱেই কাইলৈ আপোনাৰ চকুপানীৰ কাৰণ হৈ পৰিব ৷ তথাপি তেওঁ হৃদয়হীনৰ দৰে কৈ উঠিব পাৰিব –

“তুমি বেছি কৰি থাকা“

“তুমি অভাৰথিংকিং কৰা“

“তুমি বৰ সন্দেহী“ —

যাৰ বাবে, যাৰ বিশ্বাসত সকলো এৰি আহিছে, তেওঁ আপোনাক এদিন কটাক্ষ কৰি উঠিব পাৰিব –

“মই নহ’লে নিজাকৈ বুলি তোমাৰনো কি আছে ?“

প্ৰেমত পৰক কোনো কথা নাই, কিন্তু নিজক পাহৰি নহয় ৷ সকলো মানুহৰ বাবে নিজেই নিজৰ প্ৰথম চইচ প্ৰথম প্ৰায়ৰিটি হোৱা উচিত ৷ কাৰো ক্ষতি নকৰাকৈ নিজৰ সৰ্বাঙ্গীন উন্নতিত গুৰুত্ব দিয়া উচিত ৷ নিজৰ বাবে চিন্তা কৰা উচিত ৷ ডিগ্ৰীটো কেৱল ল’বলৈ নহয়, আত্মনিৰ্ভৰশীল হৈ চলিব পৰাকৈ পঢ়া শুনা কৰা উচিত ৷

প্ৰতিযোগিতাত নমা উচিত ৷ সুস্থ চিন্তা কৰিবলৈ শিকা উচিত ৷

যি মানুহে আত্মপ্ৰেম কৰে তেওঁলোক সদায়েই ধুনীয়া ।

কিয় ধুনীয়া ?

কাৰণ নিজৰ জীৱনটোৰ বাবে কৰিব পৰা সম্ভৱপৰ সকলোবোৰ কৰি উঠি তেওঁলোক নিজৰ ওপৰতেই সন্তুষ্ট ৷ সেয়ে এই ধুনীয়া কেৱল বাহ্যিক নহয়, ই ভিতৰৰ পৰা হয় – অন্তৰাত্মাৰ পৰা ৷ ইয়াৰ উজ্বলতা, ইয়াৰ যোগাত্মকতা ইমান বেছি যে আপুনি নিজেই এটা vibe হৈ পৰে ৷

আপোনাৰ ব্যক্তিত্বত যি magnetism থাকিব, আপোনাক এৰি থৈ কোনে যাব বিচাৰিব ?

Scroll to Top