“মধুলগন”
– ভৱানী পেগু
(প্ৰেম আৰু যুদ্ধত হেনো সকলো বৈধ !)
সি বিশেষ কষ্ট কৰিবলগীয়া নহ’ল ৷
গাঁঠলু, মধ্যবয়সীয়া মানুহটো ক্ষিপ্ৰতাৰে হাতত বন্দুক টানি লৈ নিজেই জঁপিয়াই ওলাই আহিল ৷ শ্যাম সাজু হৈয়েই আছিল ৷
সি যেন এই মুহুৰ্তৰেই অপেক্ষাত আছিল ৷
তাৰ বন্দুকৰ নলীৰে নিৰ্গত হ’ল গুলিৰ এটা নিছিগা লানি, আৰু মজিয়াত লেতুসেতু হৈ বাগৰি পৰিল ৰক্তাক্ত শৰীৰটো ৷
কম বয়সীয়া কাশ্মিৰী ডেকাসকলক জেহাদৰ নামত আত্মঘাতী হ’বলৈ প্ৰশিক্ষণ দিয়া, সন্ত্ৰাস বিয়পোৱা, ফঈজলৰ হত্যাকাণ্ডৰ দোষী, আয়াতৰ মৃত্যুৰ বাবে দায়ী — এই সন্ত্ৰাস সংগঠনৰ চীফ মহম্মদ আছাদ আজীজ পৰি ৰ’ল তাৰ ভৰিৰ আগত ৷
আৰু অপহৃত ছোৱালীজনী ?
একোণত থিয় হৈ তেতিয়া থৰথৰকৈ কঁপি আছিল তাই ৷ হাত দুখনেৰে নিজৰ বুকুখনক ঢাকি লৈ তাই ভয়াৰ্ত দুচকুৰে শ্যামৰ মুখলৈ চাইছিল ৷ মুখত পৰিধান কৰা হিজাবখন এতিয়া নাছিল ৷ চুলিকোচা আউলি বাউলি ৷ চকুলোৰে তিতা দুগাল ৷ কোৱাৰি ফাটি তেজ বৈ গৈছে ৷
তাইৰ শাৰীৰিক অৱস্থাই কৈছে, কি হৈছিল তাইৰ লগত ৷ আৰু কেনেকুৱা অত্যাচাৰ সহিবলৈ গৈ আছিল তাই !
সি বাওঁহাতেৰেই মলিয়ন বিছনা চাদৰখনৰ একোণ উঠাই ছোৱালীজনীৰ ফালে দলিয়াই দিলে ৷ থৰথৰকৈ কঁপি থকা ছোৱালীজনীয়ে কোনোমতে সেইখন চালৱাৰ কামিজৰ ওপৰতেই মেৰিয়াই ল’লে ৷ তাইৰ ফালে হাতখন আগবঢ়াই দিলে শ্যামে ৷
হাতৰ ইংগিতেৰেই সি মাতিলে তাইক ৷
কিন্তু তাই নাহিল ৷
ছোৱালীজনীৰ মুখেৰে বোবা ভয়াৰ্ত শব্দ কেইটামানহে সৰিল ৷ শ্যামে বুজিলে – ছোৱালীজনী মূকবধিৰ ৷
এটা গভীৰ বিষাদে মুহুৰ্ততে খেলা কৰি গ’ল শ্যামৰ বুকুত ৷
এই শব্দ, এই ভংগী, এই দুচকুৰ চাৱনি যেন অতি চিনাকি ৷ তাৰ চকুৰ আগত ভাহি আহিল সেই অসংযত হাতৰ আখৰবোৰ –
“ফঈজলৰ কোনে এই অৱস্থা কৰিলে, তুমি জানা নহয় মেজৰ শ্বৰিফ ? সেই বৰ্বৰ লোকসকলক তুমি মৃত্যুদণ্ড দিবা নহয় মেজৰ শ্বৰিফ ? —- “
মৃত্যুৰ গহ্বৰৰ পৰা ওলাই আহি খুদ আয়াত যেন থিয় হৈ ৰৈছেহি তাৰ সন্মুখত ৷ তাৰ কামৰ খতিয়ান ল’বলৈ ৷
অসহজভাৱে সি এটা নিশ্বাস এৰিলে ৷
( কিন্তু — ভাৱত ডুবি থাকিবলৈ এতিয়া সময় ক’ত ?)
কম্পিত, ভয়ত আহোঁ নাহোঁ কৰি থকা ছোৱালীজনীৰ হাতখনক সি জোৰকৈ নিজৰ বাওঁহাতৰ মুঠিত ল’লে ৷ তাৰ হাতৰ মজবুত টানত তাই মজিয়াত পৰি থকা ৰক্তাক্ত গাঁঠলু শৰীৰটোৰ ওপৰেৰেই উফৰি পাৰ হৈ আহিল ৷ তেতিয়াও এটা বোবা আৰ্তচিৎকাৰ সৰিছিল তাইৰ মুখেৰে ৷
ছোৱালীজনীক লগত লৈ আন্দাৰগ্ৰাউণ্ড কোঠালিৰ পৰা ওলাই আহিল শ্যাম ৷ বাহিৰত এজন সন্ত্ৰাসবাদী অৰণ্যৰ দিশে পলাবলৈ চেষ্টা কৰিছিল ৷ আন এজনে চাৰেণ্ডাৰৰ ভংগীত বন্দুক নমাই মাটিত হাত ভৰি মেলি বাগৰি দিছিল ৷
শ্যামৰ বন্দুক তথাপিও চলিল ৷
তাৰ হাতত সময় কম আছিল ৷
অপাৰেশ্যন শেষ পৰ্য্যায়ত এতিয়া ৷ আৰু এই ঠাই এতিয়াও অত্যন্ত বিপদজনক ৷ যিমান সোনকালে পাৰে ইয়াৰ পৰা ওলাই যোৱাই উচিত ৷ তাৰ মানুহবোৰৰ বাবে ৷
এই ছোৱালীজনীৰ বাবে ৷ আৰু তাৰ নিজৰ বাবেও ৷
সি এইবাৰ দৌৰিবলৈ আৰম্ভ কৰিলে ৷ তাৰ লগে লগেই দৌৰি ওলাই আহিল সকলো ৷
তাৰপিছতেই পাহাৰৰ ওখ কোণত পজিচন লৈ ৰৈ থকা জোৱানসকলৰ ৰকেট ল’ঞ্চাৰ আৰু মৰ্টাৰ চলিল ৷ প্ৰথমে অস্ত্ৰ ভাণ্ডাৰ ফুটিল ৷ তাৰপিছত ৰেচনৰ ভাণ্ডাৰ, খোৱা পানীৰ টেংকি, কেম্প পোষ্ট, বাংকাৰ — সকলো ৷ কেইবাটাও একেলগে হোৱা বিস্ফোৰণৰ শব্দই টিলাভূমি কঁপাই তুলিলে ৷ ৰঙা, হালধীয়া ৰঙৰ বৃহৎ গোলককেইটা তুষাৰ আৰু কুঁৱলীৰ আৱৰণ ভেদি বহু ওপৰলৈ উঠিল ৷ তাৰ গধুৰ ভগ্ন অৱশিষ্টখিনি অ’ত ত’ত উফৰি ছিটিকি পৰিল ৷ বাকীখিনি ক’লা ধোঁৱাৰ কুণ্ডলী হৈ নিৰ্জন অৰণ্যত ওপঙি ৰ’ল ৷ বতাহত তেতিয়া পোৰা বাৰুদৰ গোন্ধ ৷ ধূলি, চূৰ্ণীকৃত শুকান ঘাঁহ, ধোঁৱাৰ তৰপে গধূৰ কৰি পেলালে কাপোৰ, জোতা আৰু হেলমেটবোৰক ৷
শ্যাম এতিয়া অৰণ্যৰ সেই আগৰ ঠাইলৈকে আহিছিল য’ৰপৰা সিহঁতে শত্ৰুৰ গতিবিধি প্ৰথমে নিৰীক্ষণ কৰিছিল ৷ ছোৱালীজনীৰ কম্পিত হাতখন তেতিয়াও তাৰ হাতৰ মুঠিতেই আছিল ৷
তাৰ লগতেই সমানে দৌৰি অহাৰ বাবে তাইৰ উশাহবোৰ গধুৰ আৰু অপ্ৰকৃতিস্থ হৈছিল ৷ সি তাইৰ হাতখনক মুকলি কৰি দিলে আৰু ইংগিতেৰেই সুধিলে –
“কি নাম তোমাৰ ?“
ছোৱালীজনীয়ে হঠাতে একো উত্তৰ দিব নোৱাৰিলে ৷
সি পুনৰ ইংগিতেৰেই ক’লে –
“তুমি আমাক বিশ্বাস কৰিব পাৰা ৷ ঘৰ ক’ত তোমাৰ ? আমি তোমাক থৈ আহিমগৈ ৷“
ডাঠ জলফাইৰঙী জাল কাপোৰেৰে বন্ধা নিশাৰ দেৱতাজনৰ মুখলৈ ছোৱালীজনীয়ে প্ৰথমবাৰলৈ চকু তুলি ভালকৈ চালে ৷ চকুযোৰ নিশাটোতকৈয়ো অধিক গভীৰ যাৰ ৷
তাই তলমূৰ কৰি সোঁ হাতৰ তৰ্জনী আঙুলিৰে নিজৰ বাওঁ হাতখনতেই লিখিলে ৷
তাইৰ নাম ৰুকচানা ৷ কাষৰ গাঁৱতেই তাইৰ ঘৰ ৷
তাই তাক ধন্যবাদো জনালে ৷
উত্তৰত সি একো নক’লে ৷ কিন্তু দেৱতাৰ ধুনীয়া চকুযোৰলৈকে হাঁহি এটা বিয়পি পৰা তাই ঠিকেই দেখিলে ৷